ফুলশয্যাৰ নিশা ০৫ ধাৰাবাহিক উপন্যাস -তীৰ্থ পিন্টু বৰা

©Admin
0
গছৰ ডালবোৰ লাহে লাহে লঠঙা হৈছে, দুই এখিলা পাত হালধীয়া হৈছে..., সৰাপাতে ফাগুন অহাৰ বাতৰি দিছে , পলাশ শিমলু ডাল ভৰি ফুলিছে..., নদীৰ পাৰৰ কঁহুৱাই বতাহত হালি জালি নাচিছে.., নিজকে বুজনি দিবলৈ নীহা নদীৰ পাৰলৈ ওলাই গ'ল.., নদীৰ পাৰত কিছু সময় খোজ কঢ়াৰ পাছত দীঘল হুমুনিয়াহ এটা কাঢ়ি পাৰতে অলপ সময় বহি উপভোগ কৰিলে মনোৰম প্ৰকৃতিৰ মনোৰম সৌন্দৰ্য.., ফাগুনৰ পছোৱাই নীহাৰ মনৰ ভিতৰতো প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিলে...., কিয়.....,? মৃণালিনীয়ে কুনালৰ গাত কিয় কলংক সানিব বিচাৰিছে....? অন্তৰত প্ৰতিশোধৰ জুইকুৰা কিয় ইমান দিনে গোপনে ৰাখিছিল...., ইয়াৰ ৰহস্য কি....! এই ৰহস্য ভেদ কৰিবলৈ মই মোৰ দায়িত্ব আৰু কৰ্তব্য ভালকৈ পালন কৰিব লাগিব...., কথাবোৰ ভাবি থাকোতেই পাছফালৰ পৰা কোনোবাই মাত লগালে...

: নীহা..! অকলে অকলে নদীৰ পাৰত কি কৰিছা..? 
: অঃ.., অনিমেস .., বহুদিন মুকলি আকাশৰ তলত বহি প্ৰকৃতিৰ মনোৰম সৌন্দৰ্য উপভোগ কৰা হোৱা নাই..., সেয়ে অলপ আজৰি সময় পাই ওলাই আহিলোঁ...., তুমি কৰবাত গৈছিলা নেকি..!
: মই প্ৰায়ে আবেলি নদীৰ পাৰত বহিবলৈ আহোঁ..., নদীৰ সৈতে কথা পাতো...., আবেলি নদীখন বৰ ধুনীয়া দেখি..., ৰান্ধনী বেলিৰ পোহৰ পানীত পৰি নদীখন ৰাঙলী হৈ পৰে...., ঘৰমুৱা পখীৰ কলকলনীত সমধুৰ সংগীতৰ মূৰ্চনা উঠে..., আজি তুমিও উপভোগ কৰিব পাৰিবা.., প্ৰকৃতিৰ সেই মনোৰম দৃশ্য...., তোমাৰ খবৰ কোৱা..., ৰক্তিম এতিয়া কত....? বিয়া কেতিয়ালৈ...?
: মোৰ ভালেই...., ৰক্তিম এতিয়া শ্বিলঙত..., সি বিয়া কৰালে.....! 
: so, sorry নীহা বেয়া নাপাবা.., খুৰীদেউৰ কি খবৰ....,
: মা ভালেই আছে...., তোমাৰ কোৱা...! কিহত ব্যস্ত হৈ আছা..? বিয়া বাৰু কৰিলা নেকি..!
: মই আগৰ দৰেই আছোঁ..., মাথো চুলিবোৰ অলপ পকিছে..., বিয়া.....? হা:.... হা:........, কৰিছিলোঁ...., কিন্তু বিয়াৰ দিনা দৰা গৈ পোৱাৰ আগতেই ৰভাতলৰ পৰাই কইনা অন্তৰ্ধান হল, তেতিয়াৰ পৰা আৰু বিয়া নামৰ অধ্যায়টো সিমানতে সামৰি দিলোঁ...., 

       নামনিৰ পৰা অহা এখন যাত্ৰীবাহী ফেৰী ঘাটত লাগিছিল..., খৰখেদাকৈ মানুহবোৰে ফেৰীৰ পৰা নামি বাছত চিট ৰাখিবলৈ দৌৰ মাৰিলে, দুই এজনে নদীৰ পাৰত থকা সৰু সৰু চাহ দোকানবোৰত একাপ চাহৰ সোৱাদ ললে...., ফেৰীখন ঘাটত চপোৱাৰ পাছতেই শিহুবোৰে মূৰ ডাঙি জপিয়াই জপিয়াই খেলিবলৈ ধৰিলে... নীহা
চোৱা শিহুবোৰে কিদৰে খেলিবলৈ ধৰিছে..., পাৰ্থিৱ কোনো সুখ দুখেই ইহঁতক তলাব নোৱাৰে...., ইহঁত সঁচাকৈ মুক্ত...... অনিমেসে নিহাক কলে....
: ময়ো তাকেই চাইছোঁ...! সঁচাকৈয়ে বৰ মনোৰম দৃশ্য...., বলা চাহ একাপ খাই লওঁ..
: বলা....

               চাহৰ দোকানখনত ভৰি দিয়ে নীহাৰ চকুত পৰিল এগৰাকী বৃদ্ধাই শাক পাচলি কেইটামান লৈ বৰ আমন জিমন কৈ বহি আছে, নীহা মানুহগৰাকীৰ কাষ চাপি গল..., 
: আইতা...., শাক মুঠিত কিমান লব...?
: এমুঠিত দহ টকা আই কিমান লাগিব...., 
: পাঁচ মুঠিয়ে দিয়ক ..., কবি কেনেকৈ দিছে
: কিলো ২০ টকা..
: গোটেই কেইটা ওজন কৰক কিমান হয়..., আইতা আপোনাৰ ঘৰত কোন কোন আছে...
: মোৰ কোনো নাই ! অকলশৰীয়া মই...., এটাই লৰা আছিল উচ্চ শিক্ষা লবলৈ বাহিৰলৈ গৈছিল..., গল যি গলেই.., আকৌ ঘূৰি নাহিল...., মনৰ দুখতে দেউতাকে আত্মহত্যা কৰিলে.., তাৰ পাছত মই এনেকৈয়ে চলি আঁচো আই... বুলি মানুহগৰাকীয়ে ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে..,
: নাকান্দিব আইতা, আপোনাৰ যদি কোনো নাই তেন্তে মোৰ লগত যাব নে..! 
: কলৈ নিবি মোক..., 
: আমাৰ এখন বৃদ্ধাশ্ৰম আছে..., তাত বহুত ককা আইতা আছে...., আপুনি তাত থাকি ভাল পাব, যাবনে আইতা...!
: কিয় নাযাম অ' আই ! ইমান কষ্টত থকাতকৈ অলপ আৰামত থাকিব পাৰিম..., 
: ঠিক আছে আইতা..., আপোনাৰ ঘৰ ইয়াৰ পৰা কিমান দূৰত..?
: সৌ যে বাৰীখন দেখিছ তাতে মোৰ ভগা পঁজা..., আঙুলিয়াই দেখুৱালে নিহাক.., মই কাপোৰ কেইসাজ লৈ আহোগৈ তই ইয়াতে থাকিবি আই...

       মনৰ আনন্দত মানুহগৰাকীয়ে খৰখেদাকৈ খোজ দিলে..., নীহাৰ এই কাৰ্য অনিমেসে কিছু দূৰৰ পৰা লক্ষ্য কৰিছিল...., সঁচাকৈ নীহাৰ অন্তৰখন বোৱতী নদীখনৰ দৰেই বিশাল...., 

: চাহ খাবলৈ হঠাৎ ক'ত গৈছিলা..
: সতেজ পাচলি কেইটামান দেখি ৰবই নোৱাৰিলোঁ.., তুমি চাহ খালা নেকি..!
: নাই খোৱা..! তোমালৈ ৰৈ আছিলোঁ, 
: অ হয়নেকি..! ধন্যবাদ।

           দোকানিজনে চাহ দিয়ে মানে আইতা গৰাকীয়ে কাপোৰৰ টোপোলাটো কাষত লৈ নীহাৰ কাষত থিয় হলহি...., আইতা তালি টোপোলা লৈ আহিল যে কৰবাত যায় নেকি...., দোকানিজনে সুধিলে.. .
: হয়... , আইতা আৰু আজিৰ পৰা ইয়াত নাথাকে , আজিৰ পৰা আইতাৰ নতুন ঠিকনা হব "গৃহলক্ষ্মী বৃদ্ধাশ্ৰম"....
: তাৰমানে আপুনি.....! মৃণালিনী বাইদেউৰ ছোৱালী..., 
: হয় তেওঁৰেই ছোৱালী..., আপুনি মাক চিনি পায়.. !
: আপুনি বাইদেউৰ ছোৱালী.....! মোক কোৱা নাই কিয়...? বহক বহক বাইদেউ.. বেয়া নাপাব মই আপোনাক চিনি পোৱা নাছিলোঁ...., বাইদেউৰ ভাল নে...? 
: আইতা আপুনি বহক...., মাৰ ভালেই....., মাজে মাজে চুগাৰটো কম বেছি হৈ থাকে...., 
: চাহ লওঁক...., 

          চাহ খাই হয় মানে লাহে লাহে পৃথিৱীৰ বুকুলৈ আন্ধাৰ নামি আহিছিল....., বগলিজাকে নদীখনৰ কেঁকুৰীত থকা বাহজোপাত নিৰাপদ আশ্ৰয় লৈছে....., অনিমেস ! তুমি অলপমান আইতাক ধৰি দিয়াচোন. ! টোপোলাটো মোক দিয়ক.... , পকী আলিবাটটোত উঠিয়ে নীহাই অ'টো এখন মাতিলে......, আইতাক প্ৰথমে উঠিবলৈ দিব নীহা কাষতে বহিলে...
: কত যাব বাইদেউ....
: গৃহলক্ষ্মী বৃদ্ধাশ্ৰম..., কিছুদূৰ যোৱাৰ পাছত নীহাই গাড়ীখন ৰখাই অলপ মিঠাই কিনি ললে...., অ'টখন আশ্ৰমৰ গেটৰ সমুখত ৰখোৱা দেখি বৰ আগ্ৰহেৰে আবাসী সকল ওলাই আহিল....., নীহাই সকলোৰে আগত আইতাক পৰিচয় কৰাই দিলে....
মৰমৰ ককা আইতাসকল আজিৰ পৰা এইগৰাকী আইতাও আপোনালোকৰ লগৰীয়া....., আইতাগৰাকীয়ে হাতযোৰ কৰি সকলোকে নমস্কাৰ দি নিজৰ নামটো কলে..... নমস্কাৰ...! মোৰ নাম লাবন্য শইকীয়া....., সকলো আবাসীয়ে হাত চাপৰি বজাই আইতাক আশ্ৰমলৈ আদৰণি জনালে...., একেলগে হাঁহি স্ফূৰ্তি কৰি থকা আবাসীসকলক দেখি আইতাৰ ছাল কোচ খোৱা মুখতো হাঁহিৰ ৰেখা বিৰিঙি উঠিল......, আইটাগৰাকীয়ে নীহাৰ মূৰত হাত বুলাই মন প্ৰাণ খুলি আশীৰ্বাদ দিলে.......


     ( ক্ৰমশঃ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)