শ্রী শ্রী বুঢ়াগোসাঁইৰ থান-সবিতা দাস

©Admin
0
শ্রী শ্রী বুঢ়াগোসাঁই থান কামৰূপ (গ্ৰাম্য) জিলাৰ বৰিহাট অঞ্চলৰ ভাল্লা গাঁৱৰ এখন ঐতিহ্যমণ্ডিত থান। এই থানখন  গৰখীয়া মন্দিৰ নামে জনাজাত।   ভাল্লা গাঁৱৰ স্থানীয় লোকে  মাটি খান্দোতে শিলৰ মূৰ্তি এটা পাইছিল। তেতিয়াৰ পৰাই  সেইঠাইখিনিত মূৰ্তিটো  স্থাপন কৰি  স্থানীয় লোকে পূজা -অৰ্চনা কৰা আৰম্ভ  কৰিছিল। ১৯৯২ চনত মূৰ্তিটো আসন এখনত স্থাপন কৰা হয় । ১৯৯২ চনৰ পৰাই স্থানীয় ৰাইজে আঞ্চলিকভাৱে ফাগুন মাহৰ শুক্লপক্ষত প্রতিষ্ঠা দিৱস পালন কৰি আহিছে । দিনৰ ভাগত নাম -প্রসংগৰে আৰু ৰাতিৰ ভাগত যাত্রাপাৰ্টীৰে প্রতিষ্ঠা দিৱসটি স্থানীয় ৰাইজে উদযাপন কৰি আহিছে । উল্লেখযোগ্য যে প্রতিদিনে থানখনলৈ ভিন্ন ঠাইৰ ভক্তৰ আগমন হয় ,কিন্তু প্রতিষ্ঠা দিৱসটিত মন্দিৰৰ প্রাংগন অসংখ্য ভক্তৰে ভৰি পৰে ।



                   শ্রী শ্রী বুঢ়াগোসাঁই থানৰ সমীপত এডাল বৃহৎ গকুল গছ আছে ‌। আনুমানিক ১২০ বয়সৰ  গছডাল আজিও কোনো ধুমুহাত উভালি পৰা নাই । ইও যেন এক ঈশ্বৰৰ মহত্ব।গছডালৰ ডালত বহি গধূলি সময়ত ফেচাঁই কুৰুলিয়াই থাকে‌‌ । থানখনৰ লগত গৰুৰ এটি লোকবিশ্বাস জড়িত হৈ আছে ,যি বিশ্বাসৰ ফলত সমগ্ৰ কামৰূপ (গ্ৰাম্য) জিলাতেই থানখন জনপ্রিয় হৈ পৰিছে । সেই বিশ্বাসটি হ'ল কাৰোবাৰ ঘৰৰ গৰু হেৰালে  থানখনলৈ ভোগ -নৈবদ্য দিম বুলি মানস কৰিলে সেই হেৰুৱা গৰুটো বিচাৰি পায়‌। কেতিয়াবা গৰুটো নিজেও আহি ঘৰৰ পদূলিত উপস্থিত হয়‌ । ইয়াৰ উপৰি গৰুৰ অসুখ (বসন্ত,জ্বৰ আদি) হ'লে ভোগ-নৈবদ্য থানখনলৈ আগবঢ়ালে গৰুটো অতি সোনকালে সুস্থ হৈ উঠে।  মানুহৰ মুখে মুখে চৰ্চিত হৈ আহিছে যে যদি ভোগ নৈবদ্য থানখনলৈ মানস কৰি ভুলবশতঃ বা ইচ্ছা কৰিয়েই আগ নোবঢ়োৱাইকৈ থাকে তেনে বুঢ়াগোসাঁই  আহি সপোনত দেখা দিয়ে । 

   
               থানখনৰ লগত জড়িত আন এটি লোকবিশ্বাস হ'ল - গধূলিসময়ত থানখনৰ আগৰে বগা ঘোঁৰা এটা অহা -যোৱা কৰা। ভাল্লা গাঁৱৰ ওচৰৰ দুখন গাঁও সৰুফুলগুৰি আৰু কাটাবাৰী গাঁৱত  থকা থান দুখন শ্রী শ্রী বুঢ়াগোসাঁই থানৰ অংশ বিশেষ ‌। বগা ঘোঁৰাটি এই তিনিখন থানলৈ অহা -যোৱা কৰে বুলি স্থানীয় লোকে বিশ্বাস কৰি আহিছে । থানখনৰ এটি বিশেষত্ব  হ'ল -থানখনৰ মূল মন্দিৰত গাভৰু ছোৱালী আৰু তিৰোতা মানুহ প্রৱেশ কৰিলে অশুচি হয় ।সেয়েহে মূল মন্দিৰত তেওঁলোকৰ প্রৱেশ নিষেধ ।

            
                 বিভিন্ন লোকবিশ্বাসৰ আধাৰ ,অগগণ ভক্তৰ বিশ্বাসৰ থলী শ্রী শ্রী বুঢ়াগোসাঁই থান (ভাল্লা গকুলৰ তল ) কামৰূপ জিলাৰ এখন ইতিহাসপ্রসিদ্ধ জনপ্রিয় থান।

              
✍️সবিতা দাস
     মিৰ্জা (কামৰূপ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)