আকৃতি লʼলো মানুহৰ
শৰীৰৰ আঁৰত
আকৃতি ভূতৰ
প্ৰকৃতি আয়ত্ব কৰিলোঁ
প্ৰেতৰ
ভিতৰি বাঢ়িল
বাঘ নখবোৰ
স্প্ৰিং দিয়া ক্ষুৰৰ দৰে
সযতনে লুকুৱাই ৰাখো
তেজাল নখবোৰ
ৰৈ থাকোঁ
সময় আৰু সুবিধাৰ অপেক্ষাত
সুবিধা পালেই
আৰম্ভ কৰো তাণ্ডৱ
আমাৰ স্বভাৱ পৰিবৰ্তন কৰিব নোৱাৰো ।
✍️বাণীকান্ত লহকৰ