এজাক চিপচিপিয়া বৰষুণ
গৰম পকৰীৰ সৈতে একাপ ফিকা চাহ
হাতত কলম - বহী
শব্দবোৰৰ অভিমান
হৃদয়ত বাজি উঠে বৰষুণৰ গান ।
(২)
এজাক আহাৰমহীয়া বৰষুণ
সেউজী ধৰণীত প্রেমৰ সঞ্চাৰ
প্রেম কৃষক আৰু বোকাময় পথাৰৰ
প্রেম কৃষক আৰু গোহালিৰ বলধৰ
চাৰিপ্রহৰত জাগ্ৰত কৃষকৰ সপোন ।
(৩)
এজাক কিনকিনীয়া বৰষুণ
পিচল গাঁওৰ আলিবাট
গধূলি নামিল গৰখীয়া বাঁহীৰ সুৰত
বাজিল ডবা শংখ গাঁওৰ নামঘৰত
পুৱতিলৈ বুলি কৃষক ককাই গণে ক্ষণ ।
(৪)
আবেলিৰ বৰষুণ জাকত উন্মনা মন
ক'লা ডাৱৰৰ আহ্বান
দুহাত মেলি বৰষুণৰ সৈতে খেল
বৰষুণৰ পৰশত উমাল বুকু
শুকান কলিজাই গুণগুণাই প্রেমৰ সুৰীয়া গান ।
✍️সবিতা দাস
*********************
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ