মাকে দুবছৰতে চিৰদিনৰ বাবে অকলশৰীয়া কৰি এৰি থৈ যোৱা কবিতা জনীয়ে একমাত্ৰ দেউতাকৰ কথা নেপেলাই অাজি তাই মাহীমাকৰ লগত তাহাঁতৰ গাঁৱৰ নামঘৰত হৈ থকা ভাগৱত পাঠলৈ মাহীমাকৰ লগত চাঁকি দিবলৈ গ'ল ৷ ৰূপমকতো (মাহীমাকৰ ল'ৰা) একোৱেই নকয় আজিকালি দেউতাকে ৷ তাৰ অভদ্ৰামিত তেওঁ অতিষ্ঠ হৈছে ৷ মাহীমাকে নামঘৰলৈ যাওঁতেও তেওঁৰ যি অহঙ্কাৰ... তেওঁ যেন কবিতাক নামাতিবয়েই, কবিতা লগত অহা কাৰণে যেন অশান্তিহে পাইছে... তেওঁ কবিতাৰ দেউতাকলৈ বিয়া হৈ অহা দিন ধৰি তেওঁৰ এনেকুৱাই ব্যৱহাৰ কবিতাৰ লগত ৷ তেওঁৰ এই ব্যৱহাৰত অতিষ্ঠ হৈ কবিতাই ভাগৱতত গৈ ভগৱানৰ ওচৰত হিয়া উজাৰি প্ৰাৰ্থনা কৰিলে... "প্ৰভু তুমি যদি সঁচাকৈয়ে আছা এই পৃথিৱীত মোক এই দুখৰ সাগৰৰ পৰা উদ্ধাৰ কৰা ৷"
তাৰ অলপ দিনৰ পাছতেই কবিতাই চাকৰি পালে গুৱাহাটীত ৷ তাই তাতে অকলে থাকে ৷ তাৰ অলপ দিনৰ পাছতেই কবিতাৰ দেউতাকৰো মৃত্যু হ'ল ৷ দেউতাকৰ মৃত্যুৰ পিছত সকাম হোৱাৰ পিছদিনাই দেউতাকৰ সম্পত্তিৰ ভাগ বিচাৰে বুলি কবিতাক মাহীমাক আৰু ভায়েকে মিলি ঘৰৰ পৰা খেদি উলিয়াই দিয়ে ৷
দেউতাকৰ মৃত্যুৰ পিছত ৰূপমৰ ( মাহীমাকৰ ল'ৰা) অত্যাচাৰত থাকিব নোৱাৰি মাহীমাকে এদিন কবিতালৈ ফোন কৰিলে..." কবিতা মোক তই বৃদ্ধা আশ্ৰম এখনকে ঠিক কৰি দে, ন'হলে মোক ৰূপমে মাৰি পেলাব ৷"
কবিতাই পিছদিনাই আহি মাহীমাকক লৈ গ'লহি তাইৰ গুৱাহাটীৰ ঘৰটোলৈ ৷ যিজনী মানুহে গোটেই জীৱনটোত তাইক এষাৰ ভাল মাতো দি নাপালে সেই জনী কবিতাই তেওঁক অাজি আশ্ৰয় দিলে ৷
কবিতাই হাঁহি মাৰি মাহীমাকক ক'লে .. "অহংকাৰৰ এদিন পতন হ'বই ৷ দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ এতিয়াও পৃথিৱীত সেই শক্তিটো আছে... যাক আমি ভগবান বুলি বিশ্বাস কৰো... পূজা কৰোঁ ৷"
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ