নাৰী তোমাক প্ৰণাম(খণ্ড-১)-হিমাংশু বৰা

অসমীয়া সাহিত্যৰ চানেকি
0
: তোক যে তোৰ ঘৰৰ পৰা একলাখ টকা আনিবলৈ কৈছিলোঁ কি হ'ল হাঁ? আজিলৈকে নানিলি যে?

: দেউতাৰ অপাৰেচনৰ বাবে টকাখিনি খৰছ হ'ল, সেইবাবে এতিয়া ঘৰৰ পৰা পইছা দিব নোৱাৰিব।

: বুঢ়া বাপেৰৰ দেহা বাতিবলৈ তহঁতৰ পইছা ওলায় হা, মোক দিবলৈহে পইছা নাইকীয়া হয় চাল্লা। ঘৰত দুটাকৈ চৰকাৰী চাকৰি থাকোঁতেও মোক পইছা দিব নোৱাৰ' হা,কাৰ কাৰণে সাঁচি থৈছে পইছাবোৰ বাপেৰে আৰু ককায়েৰে ?

: কথাটো তেনেকুৱা নহয়। আপুনি বুজকচোন এবাৰ।দেউতাৰ---

: মনে মনে থাক, কথা নক'বি আৰু তই। কাইলৈৰ ভিতৰত যদি মই পইছা নাপাওঁ, তেনেহ'লে চাই থাক  কি হয়।
 
: কাইলৈ ইমান সোনকালে ইমানবোৰ পইছা দাদাই ক'ৰপৰা আনি দিব? 

: সেইবোৰ মই একো নাজানোঁ। মোক খালি পইছা লাগে আৰু যদি পইছা দিব নোৱাৰ তেন্তে--
 
           চুলিকেইডালত ধৰি মানসীক একচৰ লগাই ৰক্তিম ওলাই গ'ল। আনফালে মানসী তাৰ চৰৰ কোবত বিচনাতে পৰি গ'ল। এইবোৰ যেন আজিকালি মানসীৰ বাবে সৰু কথা। কান্দি কান্দি আজিকালি মানসীৰ চকুৰপৰা চকু পানীও নোলোৱা হ'ল‌। বিচনাতে পৰি মানসীয়ে তাইৰ অতীতৰ কথাবোৰ ভাবিবলৈ ধৰিলে। মাক, বাপেক, তাই আৰু তাইৰ ককায়েকৰ সৈতে সিহঁত চাৰিটা প্ৰাণীয়ে সুখেৰে নগাঁও জিলাৰ এখন  এখন সৰু গাঁৱত বাস কৰিছিল। মানসীৰ বাপেক ৰমাকান্ত বৰা এজন L.P. স্কুলৰ শিক্ষক আৰু মাক চন্দনা বৰা এগৰাকী অতি সহজ-সৰল তিৰোতা। সৰুৰে পৰাই মানসী আৰু তাইৰ ককায়েক দীপজ‍্যোতি দুয়োটাই পঢ়া-শুনাত ভাল আছিল। ঘৰখনৰ একমাত্ৰ আৰু সৰু ছোৱালী হোৱাৰ বাবে মানসী সকলোৰে আলাসৰ লাড়ু আছিল। তাইক মাটিত থ'লে যেন পৰুৱাই খাব আকৌ মূৰত থ'লে যেন ওকণিয়ে খাব। বাপেক ৰমাকান্তই ক'ৰবাত কিবা পালে নিজে নাখাই হ'লেও ল'ৰা-ছোৱালী দুটালৈ লৈ আনে। কিন্তু দীপে নিজে নাখাই নিজৰ ভাগৰখিনিও ভনীয়েককে খুৱায়। মুঠৰ ওপৰত দুয়ো ককায়েক আৰু ভনীয়েকৰ মাজত বেচ মৰম। তাৰ মাজে মাজে অৱশ্যে দুয়োৱে কাজিয়া নলগাও নহয়,  কাজিয়া লগাৰ পিছত আকৌ ভাল হ'বলৈও অৱশ্যে বেছি সময় নালাগে।

           এনেকৈয়ে মৰম-চেনেহ, হাই-কাজিয়াৰ মাজেৰে গাঁৱৰ বোকা-পানী গছকি দুয়ো ককায়েক আৰু ভনীয়েক লাহে লাহে ডাঙৰ হৈ আহিল। এনেতে এদিন মানসী গাভৰু হ'ল আৰু তাৰ পিছৰে পৰাই সিহঁতৰ মাজত হোৱা হাই-কাজিয়াবোৰৰ পৰিমাণ কমি আহিবলৈ ধৰিলে। গাভৰু হোৱাৰ পাছৰে পৰাই মানসী মাকৰ লগত আৰু দীপজ‍্যোতি বাপেকৰ লগত শুবলৈ ধৰিলে। লাহে লাহে দীপজ‍্যোতিও ডেকা হ'ল। এটা বছৰৰ ব‍্যৱধানত দুয়োৱে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাতো সুখ্যাতিৰে পাছ কৰিলে। হায়াৰ চেকেণ্ডেৰী পাছ কৰাৰ পিছত দীপজ‍্যোতি কটন কলেজত বি.এ. পঢ়িবলৈ গুৱাহাটীলৈ গ'ল। মানসীয়েও হায়াৰ চেকেণ্ডেৰী পাছ কৰি বি.এ. পঢ়িবলৈ ওচৰৰে কলেজ এখনত নামভৰ্তি কৰিলে। দিন সপ্তাহলৈ, সপ্তাহ মাহলৈ আৰু মাহ বছৰলৈ বাগৰিবলৈ ধৰিলে।

        বি.এ. পাছ কৰি দীপজ‍্যোতি টেট পৰীক্ষাত উত্তীৰ্ণ হৈ সৌভাগ্য ক্ৰমে সিহঁতৰ গাঁৱৰ ওচৰৰে চৰকাৰী স্কুল এখনত শিক্ষক হিচাপে যোগদান কৰিলে আৰু ঘৰখনতো এক আনন্দৰ লহৰ উঠিল। নুঠিবনো কিয়? ঘৰখনৰ একমাত্ৰ ল'ৰাজনে চাকৰি পাইছে তাতে আকৌ চৰকাৰী চাকৰি। সকলো আনন্দত আত্মহাৰা হৈ পৰিছিল। সুখী সকলো। মাক, দেউতাক , মানসী, ককায়েক, মিটিৰ- কুটুম্ব সকলোৱে সুখী। কিন্তু সুখবোৰ জানো মানুহৰ জীৱনত চিৰস্থায়ী হয়? নহয়। কেতিয়াও নহয়। কাৰণ সুখৰ কাষে কাষে যেন দুখৰ চাকনৈয়াখন বৈ থাকে। দুখৰ পিছত সুখ অহাৰ দৰে সুখৰ পিছতো যেন দুখবোৰ মানুহৰ কাষলৈ ঢপলিয়াই আহে। 

         বি.এ. পাছ কৰিবলৈ তেতিয়া মানসীৰ আৰু মাত্ৰ ছমাহ আছিল। ঠিক তেতিয়াই মানসীৰ জীৱনলৈ প্ৰেমৰ এছাতি শীতল বতাহৰ আগমন ঘটিছিল, যিজাক বতাহে মানসীৰ  দেহ, মন আৰু প্ৰাণত এক বিশেষ আলোড়নৰ সৃষ্টি কৰি তাইক চঞ্চলা কৰি তুলিছিল। মানসীৰ প্ৰেমৰ পবিত্ৰ গংগাখন যেন লাহে লাহে ব'বলৈ আৰম্ভ কৰিছিল। 
 কিন্তু সহজ-সৰল মানসীয়ে গম নোপোৱাকৈয়ে সেই প্ৰেমৰ গংগাখনত এডাল ষড়যন্ত্ৰ ঠগ আৰু প্ৰৱঞ্চনাৰ কাঁইটো উটি আহিছিল, যিডাল কাঁইট তাই দেখা পোৱা নাছিল।

আগলৈ

(এইখন মোৰ প্ৰথমখন উপন্যাস, আশাকৰোঁ আপোনালোক সকলোৱে আঁকোৱালি ল'ব। আজিৰ এই খণ্ডটি পঢ়ি কেনেকুৱা পালে জনাব আৰু মোৰ নিজৰ ফেচবুক একাউণ্ট নাই বাবে মোৰ মাৰ একাউণ্টৰ জৰিয়তে আপোনালোকলৈ আগবঢ়োলোঁ ।)

( মানসী বাৰু কাৰ প্ৰেমত পৰিছে? আৰু ৰক্তিমে মানসীৰ লগত কিয় এনেকুৱা ব্যবহাৰ কৰিছে? জানিবলৈ পিছৰ খণ্ডটোলৈ অপেক্ষা কৰক🙏🙏🙏)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)