তুমি আছা ক’ত-পূজা গোহাঁই

Rinku Rajowar
0
তুমি যেতিয়া চোৱা মোৰ দুচকুলৈ
শাওণৰ মেঘ নামে
মোৰ মন বননিত 
সময়ৰ ধূসৰতা মচি 

শান্তি শীতল গীতৰ সুৰবোৰ উৰে
 ফুলৰ মিঠা সুবাস হৈ
চুমিবলৈ তোমাৰ দুৰন্ত অনুভৱক 

সুখ মোৰ এপিয়লা ৰ’দ
দুখ মোৰ প্ৰিয়তম পৃথিৱীৰ 
হৃদয় জুৰোৱা গান 
জানানে  বাৰু তুমি ?

ৰৌদ্ৰস্নাত  দুপৰত বিজন বনত
দেখিছানে কেতিয়াবা মুকুতিৰ হাঁহি
সেই হাঁহি  হয়তো হ'ব পাৰে স্বনীল  আশাৰ
অথবা হ'ব পাৰে ক্লান্ত প্ৰহৰৰ বিষাদ গাঁথা

দুচকু মুদি তোমাক অনুভৱ কৰোতে
এজাক উষ্ম বতাহে আহি ক'লে কাণে কাণে --
কি ভালপোৱা  তুমি ?
ফুল  নে হাঁহি ?

ফুল বোৰ এদিন মৰহি শুকাব
হাঁহিৰ  চিম্ফনি কিন্তু উৰি থাকিব সদায় হৃদয় জুৰাই

তুমি আছা - সদায়ে আছা মোৰ বাবে
এই যে বুকুৰ  গভীৰত মিঠা বিষ এটি উজাই আহে কেতিয়াবা
তাতো তুমি আছা  বৰ নিৰ্লিপ্ততাৰে
ফুলৰ দৰে  হাঁহিৰ দৰে ৷


✍️পূজা গোহাঁই 
শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)