সংগ্রাম অবিহনে মোৰ জীৱনটো অৰ্থহীন হৈ পৰে।
সংগ্রাম কৰি কৰি ভাগৰি যাওঁ কেতিয়াবা
কিন্তু, মোৰ আশা বিলাক এতিয়াওঁ এৰি দিয়া নাই।
কাৰণ,মোক মোৰ স্বাধীনতা লাগে।
এতিয়া যে প্রতিটো মূহুর্ত মোৰ বাবে ভয় লগা হৈ পৰিছে,
মই মোৰ কলমৰ চিঁয়াহীৰে লিখা শব্দবোৰৰ সৈতে
সংগ্রাম কৰি যাম,
অলপ স্বাধীনতা বিচাৰি,
য'ত অলপ শান্তি আৰু মুক্ত মনেৰে এই পৃথিৱীখনত আমি
জীয়াই থাকিব পাৰোঁ।
মই মোৰ স্বাধীনতাৰ বাবে জীৱনৰ শেষ সময়লৈকে
সংগ্রাম কৰি যাম,
সংগ্রামেই মোৰ জীৱন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ