মই কাপুৰুষে কৈছো-আব্দুল হাই

Rinku Rajowar
0
মই আৰু নাই ..............
ক্ষমা কৰিবা মোৰ আলাসৰ লাড়ু
নয়নৰ মণি গোলাপৰ কলিটি
আজিৰ পৰা মই আৰু নাই।

নাযাওঁ আৰু তোমাৰ ঘৰলৈ
তোমাৰ জোনাকৰ দৰে মুখখন চাবলৈ
তোমাৰ চকুত চকু থৈ কথা ক’বলৈ।
নিবিচাৰোঁ তোমাৰ মৰমবোৰ !

তোমাৰ পৰিয়ালৰ চিন্তা ভাবনাৰ
উচ্চ আকাংক্ষাৰ লগত মই
কাহানিও হাৰ মনা নাছিলোঁ।
হাৰ মনা নাছিলোঁ তুমি কোৱা
অতিকৈ কষ্ট দিয়া কথাবোৰ
হাৰ তেতিয়াও মনা নাছিলোঁ।

যেতিয়া মৰমৰ তাড়নাত গৈছিলোঁ
হাজাৰ হাজাৰ বাধা বিঘ্নিৰ মাজতো
তোমাৰ চন্দ্ৰমুখী মুখখন  চাবলৈ। 
আৰু সেয়ে চাগে নাম পাইছিলোঁ
মই এটা “দুষ্ট” পাগল ল’ৰা” ,
“কাপুৰুষ”, “ফাল্টু ল’ৰা” ।

কিন্তু ...............................................
কোনোবাই জানো এবাৰ ভাবি চাইছিল নে ? 
মই, কিয় দুষ্ট, কাপুৰুষ আৰু ফাল্টু হ’লোঁ ।
তাকেই কৈছিলোঁ যোৱা ৰাতি তোমাৰ ঘৰৰ পিছফালে
জংঘলৰ মাজত অকলে অকলে ওৰেৰাতি উচুপি-উচুপি  
তোমাৰ কাণত বজাকৈ
আৱেগেৰে আৱৰণ খুলি।

মোৰ কলিজাত আঘাত সনা হৈছিল,
মোৰ প্ৰেম কোনোবাই কাঢ়ি লৈছিল
মাথোঁ জীয়াই থকাৰ তাগিদাত
সেয়ে কৰিছিলোঁ কেতিয়াবা কেতিয়াবা
অলেখ দুষ্টামি................................
কেৱল প্ৰেম তোমাৰ বাবে দুষ্টামি।

প্ৰেম তোমাৰ বাবে
আজি মই কাপুৰুষ
মই বিবস্ত্ৰ
মই লাঞ্ছিত
মই বঞ্চিত 
মই কলুষিত।

সেয়ে তোমাৰ প্ৰেমৰ বাগিচাতে
প্ৰেমৰ জুইত দগ্ধ মোৰ এই জীৱন
আজি দুষ্ট কাপুৰুষ ল’ৰাৰ পৰা আৰু
তোমাৰ চিন্তাৰ কোনো কাৰণ নাই
আজি তুমি মুক্তমনা
আজি ময়ো পালোঁ চিৰমুক্তি।

হে, মোৰ আলাসৰ লাড়ু।(আলাসৰ লাড়ু)
মই কৰা দুষ্টামিবোৰ পাৰিলে ক্ষমা কৰি দিবা
মোৰ মৃত্যুৰ খবৰটি পালে চকুলো নেপেলাবা
পাৰিলে হাঁহি-তামাচাৰ উৎসৱ আয়োজন কৰি
তুমি সুকলমে জীয়াই থাকিবা
মই দুষ্ট কাপুৰুষে আশীৰ্বাদ কৰি কৈছো।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)