সপোনবোৰো বৰ দুষ্ট ,
প্ৰতিক্ষণে তোমাৰ হাঁহিটো সানি দুচকুত অগা-ডেৱা কৰে
তুমি বুজিও নুবুজাৰ দৰে বেঁকা চাৱনিত
মিচিকিয়া হাঁহিৰে টিউচনলৈ অহা-যোৱা
সেই ক্ষন্তেকীয়া মধুৰ ক্ষণটোৰ বাবে তিনিআলি মূৰত সদায় অপেক্ষা তোমাৰ বাবে
নিজম নিশাৰ নিদ্ৰাহীন শৰীৰটোৰ আঁহে আঁহে
তোমাৰ ছবি
মুকুতাৰ আবেলি ৰঙীনতাত বুৰ যোৱা তোমাৰ
খোজত নাচি উঠা কঁকালটিলৈ ভেবা লাগি চাওঁ ,
লগৰবোৰে মোৰ নামৰ সৈতে তোমাৰ নাম সাঙোৰই জোকাই
লাজত ৰঙা পৰি বেঁকাচাৱনিত
মিচিকিয়া হাঁহিৰে খৰকৈ তুমি আগুৱাই যোৱা
যৌৱনে আগুৰি ধৰা কুমলীয়া কলিজাত লহপহকৈ বাঢ়িব ধৰে প্ৰেমৰ পাৰিজাত
মনটো উৰা মাৰে দূৰ-দিগন্তলৈ
আশাবোৰ বাঢ়িব ধৰে ,
তোমাৰ সৈতে জীৱনটো কটোৱা সপোনে গজালি মেলে ।