মই তথাপি ৰিক্ত ,
সিক্ত মোৰ অস্তিত্ব।
আৰু নিদিয়া শূন্যতা
অভিনয় নিদ্ৰা
মই এৰি অহা
বাটবোৰত ধূলিয়ৰি শূন্যতা।
তাত তুমি কিয় নাথাকা
এজুপি গছ হৈ ,
তুমি এৰি অহা
বাটৰ
মই নিঃকিন শূন্যতা,
এবাৰ সুধি চোৱা
কিমান ৰাতি
মোৰ শূন্যতা
কিমান পুৱা
তোমাৰ
ৰিক্ততা।
এমুঠি সুখ যদি নামি আহে
এতিয়া পুৱা ,
তোমাৰ নামেৰে লিখি থ'ম
সেই পুৱাৰ কবিতা।
মই তথাপি ৰিক্ত
তুমি শূন্য।
যাবলৈ দিয়া মোক মোৰ বাটেৰে
তুমি তোমাৰ বাটেৰে
সেই বাট ,
এটা হোৱাৰ কথা আছিল
নাছিল কথা
এটা বাট
দুটা হোৱাৰ।
মই ৰিক্ত
সেই বাট শূন্য
✍️জয়শ্রী লাহন