কেতিয়াবা হয়তো উকা আৰু কেতিয়াবা হয়তো ৰঙীন হৈ পৰে।
যিদিনা তুমি মোৰ সপোনৰ ঠাইখিনি কাঢ়ি লৈছিলা ,
সেইদিনাই মোৰ তোমাৰ লগত প্রেম নামৰ শব্দটো সাঙোৰ খাইছিল।
নাজানো তুমি কোন ?
কিন্তু সপোনত তোমাৰ ঠিকনা পালে
মোৰ হৃদয়ত এক অবুজ শিহৰণ জাগি উঠে।
মোৰ সপোনবোৰ ৰঙীন কৰিবলৈ এবুকু হেঁপাহেৰে তোমালৈ সদায় বাট চাই ৰওঁ।
তুমি অহাৰ উমান পালে
মোৰ বিষন্ন হৃদয়খন
বেছি ধুনীয়া হৈ পৰে।
মোৰ ঠিকনাবিহীন সপোনৰ
অসীম সীমনাত
সদায় আশাৰে বাট চাই ৰ'ম তোমালৈ।
✍🏻চয়নিকা কাকতি
ঠিকনা - নলবাৰী