বন্ধুত্ব এক আত্মাৰ বান্ধোন -সবিতা দাস

পংখী মৰাণ
0
বন্ধুত্ব কি বুলি ক'লে আমাৰ মনলৈ আহে এডাল নিভাঁজ এনাজৰীৰ কথা ,যি এনাজৰীয়ে নিচিনে বয়স ,যি এনাজৰীয়ে নিবিচাৰে জাতি-ধৰ্ম বা লিংগ। বন্ধুত্ব সম্পৰ্কটিৰ পৰিসৰ বিশাল । বিদ্যালয় ,মহাবিদ্যালয় ,বিশ্ববিদ্যালয় বা কৰ্মসূত্রে লগ পোৱা বন্ধুখিনিৰ মাজতে এই সম্পৰ্কটি সীমাবদ্ধ হৈ নাথাকে। বন্ধুত্ব সম্পৰ্কটিয়ে জড়ৰ পৰা জীৱ প্রতিটো বস্তুকেই সামৰি লয় । আপোনাৰ বাবে পোহনীয়া গৰু বা ছাগলীজনীয়ো বন্ধু হ'ব পাৰে নতুবা আপোনাৰ পোহনীয়া কুকুৰটো বা মেকুৰীটোও আপোনাৰ বন্ধু হ'ব পাৰে । সিহঁতৰ লগত ধেমালি কৰিব পাৰে ,নিৰিবিলি মুহূৰ্ত পাৰ কৰিব পাৰে । একেদৰে কিতাপৰ সৈতেও আপোনাৰ বন্ধুত্ব নিবিড় হ'ব পাৰে । কিতাপ এখন পঢ়িলে আপুনি বহুত কথা শিকিব পাৰে আৰু আপোনাৰ মনটো সদায় ইতিবাচক চিন্তাৰে পূৰ হৈ থাকে। নৈ এখন বা মুকলি পথাৰ এখনৰ সৈতেও আপোনাৰ বন্ধুত্ব গঢ় ল'ব পাৰে। তাত থকা চৰাই-চিৰিকটিবোৰ আপোনাৰ আপোন হ'ব পাৰে। বন্ধু আপোনাৰ তেওঁৱেই যাৰ আগত আপুনি মন খুলি কথা ক'ব পাৰে, মন খুলি হাঁহিব পাৰে ।

     বন্ধুত্ব হ'ল আত্মাৰ বান্ধোন।  বন্ধুত্ব এই সম্পৰ্কটি একে বয়স বা একে লিংগৰ মানুহৰ লগত হ'ব লাগে বুলি কোনো কথা নাই । আপোনাতকৈ সৰু বা ডাঙৰ মানুহগৰাকীও আপোনাৰ বন্ধু হ'ব পাৰে । আপুনি পুৰুষ বা নাৰী যিয়ে নহওঁক কিয় বিপৰীত লিংগৰ লগত আপুনি বন্ধুত্বৰ সম্পৰ্ক গঢ়িব পাৰে ।আপুনি কোনো জাতি -ধৰ্মৰ ভেদ নৰখাকৈও বন্ধু হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ প্রতিগৰাকী সদস্য (মা-দেউতা,ভাই-ভনী,পতি-পত্নী,দাদা-বাইদেউ আদি)আপোনাৰ বন্ধু হ'ব পাৰে । কোনো সংকোচ নোহোৱাকৈ তেওঁলোকৰ আগত ভাল -বেয়া প্রতিটো কথা প্রকাশ কৰিব পাৰে । তেনে কৰিলে আপুনি নজনাটো জানিব বা ভুলটো শুধৰণি কৰিব পাৰিব । আপুনি যদি পথৰ ভিক্ষাৰীজন বা অনাথ শিশুটিক বন্ধুত্বসুলভ ব্যৱহাৰ কৰি মাত দিয়ে,তেওঁলোকেও আপোনাক বন্ধু বুলি স্বীকাৰ কৰি ল'ব । আপুনি সুখ -দুখ তেওঁলোকৰ লগত ভগাই ল'ব পাৰে ।আপোনাৰ শিক্ষাজীৱনৰ বা কৰ্মজীৱনৰ বন্ধুজনো আন বন্ধুবোৰতকৈ কোনো গুণে কম নহয় । তেওঁৰ লগতো আপোনাৰ বন্ধুত্বৰ সম্পৰ্ক গভীৰ হ'ব পাৰে ‌ । কেৱল এই সম্পৰ্কটি হ'বলৈ হ'লে থাকিব লাগে আত্মাৰ প্রতি আত্মাৰ টান ।

      বন্ধুত্ব এক পবিত্র বান্ধোন। এই বান্ধোনত নাথাকে আদেশ বা অনুৰোধৰ সুৰ । এই বান্ধোনে বিচাৰে ভালপোৱা ,বিশ্বাস,দায়িত্ববোধ আৰু কৰ্তব্যবোধ। বন্ধুত্ব এই সম্পৰ্কটিত নাথাকে ভয় ,শংকা,দ্বিধা,সংকোচ ।এই সম্পৰ্কটিয়ে মাথোঁ স্বীকাৰ কৰে  ইজনে আনজনৰ সুখ -দুখৰ সমভাগী
হওঁক,প্রতিটো মুহূৰ্ত হাঁহি-ধেমালিৰে পাৰ কৰক,মন -প্রাণ খুলি কথা পাতক ,মিলিজুলি সমস্যাৰ সমাধান উলিয়াওঁক। বন্ধুত্ব এই মধুৰ সম্পৰ্কটিত থাকে ভুলৰ শুধৰণি । আপুনি যদি ভুল কৰে আপোনাৰ বন্ধুজনে শুধৰাই দিব ।আপুনি যদি ভুলপথত খোজ কাঢ়ি আছে আপোনাৰ বন্ধুজনে আপোনাক সুপথত আনিবলৈ আপ্রাণ চেষ্টা কৰিব । সেইজনেই আপোনাৰ প্রকৃত বন্ধু যাৰ ওচৰত আপুনি চকুলো টুকিব পাৰে যাৰ আগত আপুনি নিজক প্রকাশ কৰিব পাৰে । প্রকৃত বন্ধুজনে আপোনাৰ বাবে জীৱন দিবলৈ সদায় প্রস্তুত থাকে । তেওঁ জানে বন্ধুত্ব নামৰ এনাজৰীডালৰ মহত্ব।

       বন্ধুত্ব সঁচাকৈয়ে এক নিভাঁজ সম্পৰ্ক ,এক আত্মাৰ বান্ধোন। যাক আমি সংজ্ঞাৰে নিৰ্ণায়িত কৰিব নোৱাৰোঁ ‌। জন্মৰ পৰা মৃত্যুলৈ বন্ধুৰ থাকে গুৰুত্বপূৰ্ণ ভূমিকা। এককথাত  ক'বলৈ গ'লে বন্ধুবিহীন জীৱন যেন মৰিশালীৰ লেখীয়া ।  আপোনাৰ সুখ-দুখতেই হওঁক বা হাঁহি -কান্দোনতেই হওঁক বন্ধুজনৰ স্থান সদায় আগত ‌। আপুনি পাগলামি কৰিবলৈ, হাঁহিবলৈ,কান্দিবলৈ ,বিপদৰ পৰা ৰক্ষা পৰিবলৈ আপোনাৰ জীৱনত বন্ধু লাগিবই । সেয়েহে কোৱা হয় -- "বন্ধুত্বৰ সম্পৰ্ক সকলো সম্পৰ্কৰেই উৰ্দ্ধত"।

বি.দ্র:- ইয়াত উল্লেখ কৰা "টান "শব্দটিৰ অৰ্থ হ'ল আকৰ্ষণ,আসক্তি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)