বাঢ়নী পানী-বিটুমনি কোছঁ

পংখী মৰাণ
0
ভৰিত কামুৰি থকা চেলাপটী জোক এৰুৱাই এৰুৱাই  মাটি ডৰা খৰধৰকৈ ৰুই শেষ কৰিব বিচৰা মানুহ জনীৰ চিৰিং-চিৰিংকৈ কলাফুল তল যোৱা বিলত দেখি অহা গৰৈ মাছৰ পোনা বাঁহ টোলৈ মনত পৰিল। বোৱাৰী পুৱাতে বাঁহি-বন কৰি গাত পানী চাতি মাৰি ভাতৰ চৰুত জুই দিয়া মানুহ জনীয়ে মানুহটোৰ লগতে ভাত সাজ খাম বুলি অনা টিফিনটো,ওচৰতে কোৰ মাৰি থকা মানুহটোক মাতি কেঁচা আলিটোতেই বহি দুয়োটাই ভাত মুঠি খালে।মানুহটোক ঘৰলৈ পঠিয়াই মানুহজনীয়ে খালৈটো কঁকালত বান্ধি জাকৈ খন লৈ বিললৈ লৰ ধৰিলে।বেলি ডুবিবৰ হ'ল। ডুপমৰা খালৈটো লৈ তাই ঘৰলৈ ৰাওনা হৈছে।হৰহুৰকৈ সাপ এডালৰ দৰে বগাই অহা বাঢ়নী পানীয়ে মুহূৰ্ততে তাইৰ হাতৰ জাকৈ খালৈ উটুৱাই নিলে।প্ৰাণৰ মমতাত তাই সাঁতুৰিবলৈ ধৰিলে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)