১২ জুলাই - ইতিহাসত আজিৰ দিনটো

  1. ১৮২৩ চনৰ আজিৰ দিনটোত প্ৰথমখন বাষ্পচালিত জাহাজে কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। উল্লেখ্য যে এই জাহাখন ভাৰতত নিৰ্মিত হৈছিল আৰু ইয়াৰ নাম আছিল ডায়ানা।
  2. ১৯৯১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান লাভ কৰে।
  3. ১৯৭৯ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰবিটিয়ে স্বাধীনতা লাভ কৰে।
  4. ১৯৮০ চনৰ আজিৰ দিনটোতে SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।
  5. ২০০২ চনৰ আজিৰ দিনটোত ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এ পি জে আব্দুল কালামলৈ সমাজবাৰ্দী পাৰ্টীয়ে সমৰ্থন আগবঢ়ায়।
  6. ২০০৪ চনৰ আজিৰ দিনটোতে অসমৰ হোৱা প্ৰবল বানপানীৰ ফলত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
  7. ২০০৫ চনৰ আজিৰ দিনটোতে সুদীৰ্ঘ পাঁচ বছৰ ধৰি চলা গোচৰৰ অন্তত অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি অহা বিতৰ্কিত আৰু বৈষম্যমূলক আই এম ডি টি আইন উচ্চতম ন্যায়ালয়ৰ এক ৰায় যোগে বাতিল কৰা হয়।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send