মোৰ অন্তহীন যাত্ৰা-বিকাশ শৰ্মা

©Admin
0
উকা বেলিটো মূৰত গুঁজি লৈ
মৃত্যুৰে যুঁজি থকা সপোনবোৰক
পাহৰাৰ চেষ্টা কৰিছো।
দূবৰি বনৰ সেউজীয়া ৰসৰ টোপালেৰে
আকৌ জীৱনটো সেউজীয়া কৰিব খুজিছো।

আশাৰ সাঁচিপাতত তেজৰঙী গোলাপৰপাহিৰে
উকা কপালখন ৰঙচুৱা কৰিলোঁ।
ঠিক সেই সময়তে,
আকাশখন গোমা হৈ পৰা দেখি
ওচৰতে থকা চিলনীৰ জীয়েকৰ হাতত ধৰি পুনৰ কৃষ্ণচূড়া জোপাৰ কাষলৈ গ'লোঁ।

নীলা চাদৰৰ আঁচলত
এজাৰ ফুলা দেখি
চকু দুটা বন্ধ কৰি
ওলাই আহিলোঁ।

কৃষ্ণচূড়াৰ কলিজাটো পানীত
ককবকাই থকা দেখি
মেটেকাৰ মাজত ভৰি থলোঁ।

কাঁচি জোনটোৰ খোপাত হাত থৈ
পোহৰৰ আলোক বিন্দুৰ সূত্ৰৰ ইতিহাস ৰচিলোঁ।
অপূৰ্ব প্ৰেমৰ হালধীয়া সুবাস লৈ
মোৰ যাত্ৰাপথৰ পৰা উভতিলোঁ...।

ইফালে, নৈখনৰ বুকুত 
চুলি আঁচুৰিবলৈ আহি
আবেলিৰ আকাশৰ বেঙুনীয়া হাঁহিটি সাবটি ধৰি হাঁহিৰ সাগৰখনত বুৰ গ'লোঁ।।

✍️ বিকাশ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)