অ' সময় মইতো এতিয়া তোৰেই সহযাত্ৰী-প্ৰসন্ন বৰুৱা

©Admin
0
উলংগ আজি, নিশাৰ জোনাক 
আকাশৰ বুকুত 
বিদাৰিত ভগ্ন হিয়াৰ উচুপনিবোৰ 
বিলীন হ'ব সূৰ্যাস্তৰ বুকুত ,
একেই ব্যস্ততা মোৰ গতানুগতিক 
ভাগ্যৰ সতে মাথোঁ সংগ্ৰাম
পংগু জীৱনৰ 
প্ৰতি পল প্ৰতি ক্ষণ
ভাৱনাবোৰৰ সতে কথা পাতো
 অকলে নিজানত, 
অ' সময় মইতো তোৰেই সহযাত্ৰী
দূৰণিত এটা অচিনাকী চৰাইৰ মাত 
নিশাৰ নিৰ্জনতা ভেদি 
হয়তো পোহৰ হ'বলৈ 
এতিয়াও বহু সময় বাকী ।
এতিয়া মাথোঁ অকলে মই 
মোৰ নিজৰ স'তে মুখামুখি 
যাত্ৰা মোৰ পশ্চিমৰ দিশেৰে, 
জীৱন সংগ্ৰামৰ ধূসৰিত কেঁকুৰীত 
উত্তৰ বিচাৰি তোমাৰ অপেক্ষাত ।
মৌন সময় মোৰ মৌন হিয়া
সূৰ্যাস্তৰ বুকুলৈ চাই
ক্ষণ গণিছো মাথোঁ
ভোকাতুৰ দেহেৰে ,
নামনিমুৱা ৰেলৰ উকিটোৰ আশাত 
অ' সময় মইতো এতিয়া 
তোৰেই সহযাত্ৰী।।

✍প্ৰসন্ন বৰুৱা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)