বেগম-জান ০৫~ গল্প- উৎপল মৰাং

©Admin
0
--অৰ্পনাক দুৱাৰ মুখত দেখি মাকে দৌৰি গৈ তাইক সাবটি ল'লে আৰু তাইৰ গাটো জোকৰি জোকাৰি তাইক ক'ত আছিল বুলি সুধিলে।কিন্তু তাই মাকক একোকে নক'লে।ভিতৰলৈ সোমাই যাওঁতে বাপেকে তাইক প্ৰচণ্ড চৰ এটা মাৰিলে।তাই গালখনতে ধৰি বাপেকলৈ চালে আৰু নিজৰ ৰূমলৈ গ'ল।তাই ৰূমলৈ গৈ দেখে যে গোটেই ৰূমতে কাপোৰৰ টোপোলা। মাকে পাছে পাছে কন্দা মুখেৰে গৈ তাইক ক'লে-
:ব'ল মাজনী।
--অৰ্পনাই আচৰিত হৈ মাকৰ মুখলৈ চাই থাকিল।
:ব'ল মাজনী ব'ল।দেউতাৰাই বেলেগত ঘৰ লৈছে ব'ল।
--এইটোত আচৰিত নোহোৱাৰ কোনো কাৰণেই নাছিল।তাইয়ো একো অভিযোগ নকৰাকৈ মাক-দেউতাকৰ লগত যাবলৈ ওলাল।যোৱাৰ সময়তো কেৱল তাইৰ আজাদৰে চিন্তা আছিল।এখন ৪০৭ ত সকলো বস্তু তুলি দি দেউতাকে নিজেই বস্তুবোৰৰ লগত বহি ল'লে আৰু মাক-জীয়েকক আগৰ চিততে বহিবলৈ দিলে।সন্ধিয়া ৭:৩০ মান বজাত সিহঁতি বস্তু বাহানিৰে সৈতে নতুন ঘৰলৈ যাবলৈ ধৰিলে।ঘৰৰ বস্তু বুলিবলৈ বেছি বস্তু বাহানিও নাছিল।বিছনা দুখন আছিল,কাঠৰ আলমীৰা দুটা,তাৰেই এটা বেছি ভাগ অংশ ঘূণে ধৰা,বাচন বৰ্তন,কাপোৰ-কানি আছিল।ৰন্ধন গেছৰ সুবিধাও তেওঁলোকৰ নাছিল।জীয়েকে মেট্ৰিকত ৭৭ শতাংশ লৈ উত্তীৰ্ণ হৈছিল বাবে আনন্দৰাম বৰুৱাৰ এৱাৰ্ডত দিয়া লেপটপটো লাভ কৰিছিল।কিন্তু ঘৰৰ আৰ্থিক অৱস্থা আৰু দেউতাকৰ দৰব কিনিবলৈ পইচা নহ'লত মনে নিবিচাৰিলেও নিজৰ সফলতাৰে অৰ্জন কৰা সেই লেপটপটোও বিক্ৰী কৰিবলৈ বাধ্য হৈছিল।দেউতাকে ধাৰ-ঋণ কৰি তাইক কলেজত নাম লগাই দিছিল।তেওঁলোকৰ দৰিদ্ৰতাৰ কথা দেউতাকৰ নিজৰ ককাই-ভায়েকেই শুনিবলৈ বিচৰা নাছিল।তেনেস্থলত দেউতাকে বহুত কষ্ট কৰি ঘৰখন পোহ-পাল দি আছে।
    কোনোৱেই এই ৰাতিখন গাড়ীলৈ ইমান দূৰ পথ যাবলৈ বিচৰা নাছিল।এই মানুহজন চিনাকী বাবে তেওঁলোকক সহায় কৰিছে।
ইপিনে আজাদেও অৰ্পনাক বিচাৰি বিচাৰি ৰাণীৰ ঘৰ পালেগৈ।আৰু দুৱাৰ আগত ৰৈ কলিং বেল বজালে।ৰাণীৰ মাকে দৰ্জাখন খুলিলে।
:খুড়ী মই ৰাণীৰ লগৰ আজাদ।
:আহা বহাচোন,মই তাইক মাতি দিছো ৰ'বা।
--মাকে ৰাণীক মাতিবলৈ ৰূমলৈ গ'ল।
ৰাণী উলাই আহিল।
:আজাদ দা তুমি।
:ৰাণী প্লিজ হেল্প কৰা।
:ৰ'বাচোন এই ৰাতিখন তুমি আৰু ঘৰতো কেনেকৈ চিনি পালা।
:ৰ'বা ৰাণী এইবোৰ পাছত কম।প্লিজ হেল্প কৰা।
:কি হেল্প আজাদ দা।
:ৰাণী অৰ্পনালৈ ক'ল কৰাচোন।মই বহুত কৰিলোঁ কিন্তু ফোন নেলাগে।
:অৰ্পনা কি ঘৰলৈ যোৱাই নাই নেকি?
:আল্লাহ জানে তাই ক'ত আছে।
:ৰ'বা মই ক'ল কৰোঁ।
:হে আল্লাহ তাই যাতে চেহি চালামাত থাকে।
--ৰাণীয়ে অৰ্পনালৈ ফোন কৰিছে কিন্তু লগা নাই।
:দাদা ফোনটো ল'গা নাই।
:আকৌ কৰা।
--ৰাণীয়ে আকৌ লগালে কিন্তু নাই ফোন নেলাগে।
:হে আল্লাহ দুৱা কৰা তাই চেহি চালামত থাকে।
--বহুতবাৰ ফোন কৰিলে কিন্তু একো উত্তৰ নেপালে।আজাদে তাইৰ ঘৰৰ পৰা উলাই গ'ল।ৰাণীৰ আজাদৰ মুখখন মলিন হৈ যোৱা দেখি বহুত বেয়া লাগিল।

  প্ৰায় তিনি-চাৰি ঘন্টাৰ পাছত অৰ্পনাহঁত নতুন ঘৰ পালেগৈ।বস্তুবোৰ নমাই লৈ বাপেকে ড্ৰাইভাৰজনক টকা পাঁচশ দি উভতিবলৈ ক'লে।বস্তুবোৰ অলপ ঠিক কৰি মাকে জুই ধৰি ভাত ৰন্ধাত লাগিলে।বাপেকেও বিচনা দুখনকে পৰাত লাগিলে।
কিছু সময়ৰ পাছত ভাত হোৱাত মাকে বাপেক-জীয়েকক খাবলৈ মাতিলে-
:আহক ভাত বাঢ়িলো,মাজনী আহ।
--বাপেকৰো সেইটো সময়তে বিছনা পাৰি হৈছিল বাবে হাত-মুখ ধুই খাবলৈ বহিল।কিন্তু অৰ্পনাই বিছনাতে পৰি থাকিল।
অৰ্পনাই বুজা নাই যে তাইৰ লগত কি হৈ আছে।ৰাতিপুৱা আজাদে তাইক নেমাতিলে?ঘৰলৈ দেৰিকৈ তাই কেনেকৈ গ'ল?দেউতাকে কিয় তাইক চৰ মাৰিলে?কিয় ৰাতিয়েই ঘৰ সলনি হ'ল?তাই জানো এতিয়া থাকিব পাৰিব?কেনেকৈ আজাদৰ লগত কথা পাতিব?আজাদেও কিয় এনেকুৱা কৰিছে?কিজানি আজাদে তাইক দুখীয়া বুলি গম পোৱা নাইতো?কিয় তাইৰ লগত এনেকুৱা হৈছে?তাইক কিয় মোবাইল চুব দিয়া নাই?এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি অৰ্পনাৰ মনটো চটফটাবলৈ ধৰিছে।

সঁচাকৈ কি হ'ল আচলতে?তাইৰ প্ৰশ্নবোৰৰ উত্তৰ পাব নে?আজাদে সঁচাকৈ তাই দুখীয়া বুলি গ'ম পালে নেকি?

এইসমূহৰ উত্তৰ জানিবলৈ অহা খণ্ডলৈ অপেক্ষা কৰক।

✍️উৎপল মৰাং
দেৰগাঁও,গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)