লতা বেল - ভাৰতী গগৈ বৰুৱা

Aditi Tanti
0
আমাৰ বাৰীত মই অতি হেঁপাহেৰে এটা লতাবেলৰ পুলি ৰুইছিলোঁ । কেৱল এটাই নহয় । এতিয়ালৈকে দুবাৰমান গুটি পচাই পুলি ৰুইছিলোঁ যদিও ৰখাব পৰা নাই। অৰ্থাৎ মোৰ মৰমৰ পুলিটো বাৰী চাফা কৰা মানুহে একেবাৰে গুৰিতে কাটি চাফা কৰি থৈ যায়। পাছত আকৌ এবাৰ ৰুই মনতে সান্ত্বনা লাভ কৰিছিলোঁ যে এইবাৰ অন্ততঃ একো নহয়। পিছে আজি ৰাতিপুৱা এটা ফল মাটিত সৰি পৰা দেখি ওচৰলৈ গৈ দেখোঁ যে কোনোবাই লতাজোপা কাটিলে। ওখ আমজোপাত বগোৱা এই লতা গছজোপা লেৰেলি শুকাই যোৱাৰ পাছত এটা মাত্ৰ ফল তলত পৰি আছে। মনৰ দুখত তাকে বুটলি আনি ফটো তুলি থ'লোঁ। এই লতা-বেলৰ আন এটা নাম হৈছে কথ-বেল ।
           লতা -বেলৰ নামটোৱেই কয় যে ই ওখ গছ বা চাঙলৈ লতা বগাই গৈ হোৱা এবিধ ফল। ইংৰাজীত যাক কোৱা হয় Passion fruit। ইয়াৰ দুটা ৰং আছে । হালধীয়া আৰু ডাঠ বেঙুনীয়া বা ৰঙচুৱা। দাঁতিত ফেৰেঙণি মেলা পাত ,ফুলৰ ৰং কজলা আকাৰত দেখিবলৈ গোলনেমুৰ দৰে। ঔষধি গুণযুক্ত এই ফল বিধ ব্ৰাজিলত উৎপত্তি হৈছিল বুলি জনা যায়। পাছত ই অষ্ট্ৰেলিয়া, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ , পাৰাগুৱে, হাইটি আদি বিভিন্ন ঠাইত বিস্তৃতি লাভ কৰে। ইয়াৰ এটা ভাল লগা গোন্ধ আছে। পকিলে এই ফল খাবলৈ মিঠা। ইয়াৰ ভিতৰৰ অংশ চামুচেৰে উলিয়াই পানীত মিহলাই চৰ্বত কৰি খাবলৈ ভাল। সৰু সৰু গুটিবোৰ চেকি পেলাই দিব লাগে। সেইকাৰণে এই ফলক চৰ্বতী ( চৰবতী )ফল বুলিও কোৱা হয়। বহুত মানুহে বজাৰৰ ৰাস্না নামৰ পানীয় বিধৰ দৰে একে বাবে ইয়াক ৰাস্না ফল বুলি ক'ব খোজে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)