ফুটপাথৰ ভিক্ষাৰী - চিন্ময় ডেকা

জীৱনৰ 
সঠিক পথত
নিৰৱে ব্যক্তিত্ব সন্ধানত ,
উচৰ্গা কৰিছিলোঁ প্ৰায় নব্বৈ দশকত ।
ভিন্ন প্ৰান্তৰ মানুহৰ সৈতে মোৰ ,
অন্তৰংগ ভাবমূর্তিৰ আলাপ-আলোচনা !
সিক্ত বেদনা সদৃশ পৰিস্থিতিয়ে বাধ্য কৰিলেহি 
মোৰ মায়াময় জীৱন প্ৰণালী ।
সময়ৰ 
ব্যৱধানত ঠিকনা , 
বৰ্তমান মই ভিক্ষাৰী ।
গভীৰ অমানুষিকতাৰ সংকটে বিৰাজ কৰিছে ,
মোৰ পৰিচয় জানিও , নজনাৰ ভাও ধৰিছে ।
অতীষ্ঠ সন্তানৰ কৰ্ম কাণ্ডই চাঞ্চল্য !
জীৱনৰ অন্তিম ক্ষণত ,
পাগল বুলি সমগ্ৰ জগততে বিয়পালে !
মোৰ হৃদয়ৰ অনুভৱৰ কোনেও নুবুজিলে ,
এটাই পৰিচয় যাৰ !
ফুটপাথৰ মই ভিক্ষাৰী ।
ভৱা নাছিলোঁ কাহানিও মোৰ এনে হ'ব জীৱনটি ।
মিতব্যয়ীতাৰ সাঁথৰ হৈ ৰ'লো ,
বয়স বাঢ়িলত সন্তানৰ বোজা হৈ পৰিলোঁ !
হয়তো , স্বজনপ্রীতি স্বতন্ত্র মাথোঁ এয়াই মোৰ বৰ্তমানৰ চিনাকি ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send