জেঠমাহৰ জুই বৰষা ৰ’দ
বোকামাটিৰ প্ৰেমাস্পদত এতিয়া
সুকোমল অনুভৱেৰে জীপাল কৃষকৰ মন ৷
সময় কঠীয়া পৰাৰ
এয়া সময় মাটি সমাৰ দিয়াৰ,
পথাৰত ব্যস্ততাৰ সীমা নোহোৱা পৰিৱেশ এতিয়া
প্ৰকৃতিৰ উল্লাহ-উদ্দীপনাৰে
ৰ’দ -বৰষুণৰ সৈতে কাম কৰিবলৈ পৰিকল্পনা কৃষকৰ ৷
ঘামেৰে তিতা গাটোত পথাৰৰ গোন্ধে লিপিত খাই
বুকুৰ কামিহাড় কেইডাল জিলিকাৰ সময় এতিয়া
নিস্ক্ৰিয় হোৱা মনটোক আকৌ জীয়াই তুলি
কৃষকৰ জীৱন সজোৱাৰ সময়,
সৃষ্টিৰ বাবে কৃষকৰ সপোনৰঙী সময় এতিয়া ৷৷
✍️ শংকৰজ্যোতি সৎনামী , সাপেখাতী ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ