সুখে দুখে আথে-বেথে কটাইছিল জীৱন
তথাপিও আছিল এক শান্তিৰ প্রহৰ,
দশোদিশে সন্তোষৰ হাঁহিটি গুজিছিল
জীৱন আছিল উলাহৰ সাগৰ।
অইন দেশৰ পৰা আহি এদিন কৰ'ণাই
দিলে বতাহ প্রলয়ৰ এৰি,
নিমজ মানৱ মনত জাগিল মহামাৰীৰ ভয়
গ'ল ছিগি শান্তিৰ এনাজৰী।
বিশ্বৰ দশোদিশে মহামাৰীৰ প্রকোপে
এনেদৰে ল'লে থিতাপি,
মহামাৰীৰ নাম মাথোঁ শুনি লাগে ভয়
কৰ'ণা বুলিলে যায় হিয়াখনি কঁপি।
কিহৰ জানো অভিশাপ বিশ্বই ভোগীছে ?
কি যে বিহ চীনে এৰি দিলে ?
প্রলয়ময় কৰিলে সমস্ত বিশ্ব
কৰ'ণাই মানৱ প্রাণ বশীভূত কৰিলে ।
কৰুণাৰ অৰ্থ পাহৰিলে মানৱে
কৰ'ণা ভাইৰাছহে চিনি পালে ,
কৰুণাময় মানৱ মনত নিকৰুণ কৰ'ণা
প্রলয়ৰ ৰূপ লৈ বহিলে।
যেনি দেখোঁ তেনি কেৱল পৰেহি চকুত
কৰ'ণাৰ ভয়ংকৰ তাণ্ডৱ,
নিকৰুণ ডাৱৰে জগত ঘেৰিলে এনেদৰে
মানৱকে কৰে ঘৃণা আজি নিজে মানৱ ।
শান্তিক পৰিৱৰ্তন প্রলয়ত কৰিলে
বতাহত নিকৰুণ গৰল মিহলাই ,
বিশ্বত এনে গধুৰ মৃত্যুৰ কহৰ
নাই কাহানিও দেখা নাই।
হে জগতদাতা শক্তি দিয়া আমাক
মৃত্যুৰ সৈতে যুঁজিবলৈ ,
চীনে জন্মোৱা এই ভয়াৱহ ৰোগক
অহাবাটে ঘূৰাই পঠাবলৈ।
অতি সুন্দৰ হৈছে
ReplyDelete