সূৰ্যোদয়-ৰাজেন দাস। খণ্ড-০৯। ধাৰাবাহিক উপন্যাস

পংখী মৰাণ
0
Contractual life -
এবুকু আশাৰে কত শতজন আহে‌ । কোনোৱে সপোনৰ লগত পাগল হৈ আহে। কোনোৱে সপোনৰ লগত ধেমালি খেলি আহে। কোনোবাই সপোনৰ সৈতে সহবাস কৰিবলৈ আহে। কোনোবাই সপোনৰ পিছে পিছে দৌৰিবলৈ আহে। আন কিছুৱে সপোনটো ৰোপন কৰিবলৈ আহে। সপোন এটা শিশুৰ দৰে। নিষ্পাপ , নিষ্কলুষ। সদায় আগলৈ গৈ থকাৰ দৰে। আপডেট তথ্যৰ দৰে। সকলো শিশুৱেই জিজ্ঞাসু মনেৰেই আহে। 

 (২) 
নাহৰ এক শব্দ নহয়। এই শব্দই যেন বহু কিবা-কিবি কৈ যায় , দি যায়। কলেজৰ ফিফ্টচেমত থাকোঁতে মই ভাবি থাকোঁ। বিশ্ববিদ্যালয়ত এবাৰ পঢ়িবলৈ পোৱা হ'লে। আমাৰ দৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ বাবে আকাশত চাং পতাৰ দৰে। তথাপি মনৰ দুৰন্ত হেঁপাহ কেনেকৈ এৰাই চলোঁ। 
নাহৰৰ দেশলৈ অহাৰ আগতে এখন উপন্যাস সকলোৱে পঢ়ে।অনুৰাধা শৰ্মা পূজাৰীৰ 'নাহৰৰ নিৰিবিলি ছাঁ' । মইয়ো সেইখন দুবাৰমান পঢ়ি লৈছোঁ। "দিলীপ , ৰুবুল আমাৰটো একাডেমীক মাৰ্ক মেৰিট লিষ্টত থাকিব পৰাকৈ নাই।" ৰাজেন ৰ কথাত ৰুবুল , দিলীপে "হয়" "হয়" , ব'ল গুৱাহাটী বিশ্ববিদ্যালয় , কটন বিশ্ববিদ্যালয় , ডিব্ৰুগড় বিশ্ববিদ্যালয় আটাইকেইখনতে এন্ট্ৰেন্স  দিম। এনে মানসিকতা। মাত্ৰ ৰিজাল্ট ৰ বাবে ৰৈ আছোঁ। যি হয় দেখা যাব। "সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ"। এনে ভাৱনাই সহায় কৰিছে। 
  (৩) 
বি এ. শেষৰ চেমৰ পৰীক্ষাৰ ৰিজাল্ট দি সামৰিছে। আমিও এন্ট্ৰেন্সৰ বাবে সাজু কৰিছোঁ । গোটেই জীৱনটোৱেই এক সৰু সৰু পৰীক্ষা। হেঁপাহ এটা আছিল। বিশ্ববিদ্যালয়ত এবাৰ পঢ়ি চোৱাৰ। তেতিয়া ভবাই নাছিলোঁ কেনকৈ পঢ়াব , ক'ত পঢ়াব ইত্যাদি। তিনিও সেইদিনা আলোচনাৰ পঢ়া -শুনাত লাগিলোঁ। কি কি পঢ়িব লাগে ইমান আইডিয়া নাই। সেয়েহে ইন্টাৰনেটত গৈ ইউনিভাৰ্ছিটি কেইখনৰ চিলেবাছ ডাউনলোড কৰি পঢ়িলোঁ। ইতিমধ্যে লগৰবোৰে নিজৰ নিজৰ পছন্দৰ দিশত পঢ়া-শুনা কৰিবলৈ আৰম্ভ কৰিছে। দুই-চাৰিজনে (মাষ্টাৰ অফ আৰ্ট) এম. এ কৰিবলৈ যো-জা কৰিছে। 
(৪) 
তিনিও এদিন দুখন বিশ্ববিদ্যালয়ত পঢ়া আৰম্ভ কৰিলোঁ। দিলীপ মিচিং জনজাতিৰ। প্ৰায়বোৰ ভাষাৰ গান সি গাব পাৰে। এইদিশত সি যাব পাৰে। তাৰ মাহীয়েক দেৰগাঁৱত থাকে। মহাক চাকৰিয়াল। দেৰগাঁৱত পঢ়ি থাকোঁতে প্ৰায় খিনি সহায় পায়। পিছত মই ইমান গম নোপোৱা হ'লোঁ। কিন্তু মাজুলীলৈ সেই তেতিয়া আমি যাওঁতে মিচিং গাঁও(দৌলু)দেখিছিলোঁ।কোনোবা মিচিং ডেকাৰ বাঁহীৰ সুৰ শুনা পাইছিলোঁ। "বাঁহীতো গানৰ কলি ইমান ধুনীয়া কৈ তোলে" এনেকৈ প্ৰদীপে কৈছিল। 
(৫) 
বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহোঁতে বহু কথা শিকিব পাৰি। আনকো শিকাব পাৰি। বিশ্ববিদ্যালয়ত শ্ৰেণীসমূহ আৰম্ভ হৈছেই। মাজতে ঘৰলৈ আহিছিলোঁ।কিবা বন্ধ আছিল। কলেজৰ ছাৰক লগ কৰোঁ। কলেজত কন্ট্ৰেকচুৱেল মানে অংশকালীন ভাৱে পাঠদান কৰাৰ কথা সোধো । "বহুতৰ অভিজ্ঞতা হয় , ল'ৰা-ছোৱালীক পঢ়াওঁতে পঢ়াওঁতে নিজৰো জ্ঞানবৰ্ধন হয়। পইচা অলপ কম। চাৰ্টিফিকেট পাবা। নিজেই পঢ়ি থাকিবলৈ শকতি পাবা। নেট/শ্লেট এইবোৰৰ প্ৰস্তুতি ত লাভান্বিত কৰিব" চাৰে এইদৰে কৈছিল। এই দিশত বহু জড়িত। অৱশ্যে এনেকুৱা কথাও থাকে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত ঘৰত থাকিবলৈ মন নাযায় বা বুজি নোপোৱা মানুহবোৰে কামোৰো দিয়ে। আগৰ কথা সুকীয়া। চাকৰিৰ বাবে ঘৰৰ পৰা লৈ যায়হি। আজিকালি টেবুলৰ তলেদিও হস্তৰেখাৰ হিচাপ-নিকাচ চলে। টকা নহ'লে সৱ মিছা যেন ধাৰণা কৰে। তথাপি ইয়াৰ মাজতো ভাল মানুহ দুই এজন আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। সেউজীয়া। জাকত জিলিকা...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)