আহোমসকলৰ কৃষিভিত্তিক উৎসৱ গোছলোৱা - লুকুমণি ৰাজকুমাৰী

পংখী মৰাণ
0
অসম আৰু অসমীয়া মানুহৰ ইতিহাসত টাই আহোম সকলৰ ধর্মীয় ৰীতি-নীতি,উৎসৱ অনুষ্ঠান আৰু বিভিন্ন উপলক্ষত উদযাপিত হোৱা পূজা-পাৰ্বণ সমূহে গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে।
     আহোম সকল পূৰ্বতে কৃষিজীৱি আছিল।কৃষিক কেন্দ্ৰ কৰিয়েই এখন কৃষিজীৱী সমাজ গঢ়ি তুলিছিল আৰু এই সামাজিক পটভূমিতেই বিভিন্ন উপলক্ষত ভালেমান উৎসৱ অনুষ্ঠানকে আদি কৰি পূজা -পাৰ্বণৰ জন্ম আৰু বিকাশ হৈছিল।আহোমসকলে স্বকীয় ৰীতি-নীতি আৰু পৰম্পৰাগত বৈশিষ্ট্য ৰক্ষা কৰি পালন কৰা অনুষ্ঠানসমূৰ ভিতৰত বিভিন্ন ঋতুত পালিত হোৱা ঋতুকালীন অৰ্থাৎ কৃষিভিত্তিক উৎসৱ অনুষ্ঠানসমূহ অন্যতম।
         অসমৰ জলবায়ু সেমেকা আৰু বৰষুণ প্ৰচুৰ পৰিমাণে হয়।সেয়ে অসমৰ জলবায়ু শালি খেতিৰ বাবে বিশেষ উপযোগী।পূৰ্বতে উল্লেখযোগ্য যে সেই সময়ত কৃষিকৰ্ম জনজাতীয় স্তৰত আছিল বাবে  শালি খেতি কৰি অন্ন - বস্ত্ৰ - সংস্থাপনৰ সমস্যা নোহোৱা কৃষিভিত্তিক অৰ্থনীতি সৃষ্টি হোৱা নাছিল।কিন্তু টাই -আহোমসকল অসমলৈ আহি ৰাজ্যৰ প্ৰধান সম্পত্তি আৰু উৎপাদিকা শক্তি মাটি আৰু মানুহৰ সদ্ ব্যৱহাৰ কৰি বাণিজ্যবিহীন বস্তু বিনিময় অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তুলিছিল।খাবলৈ ভাত,পিন্ধিবলৈ কাপোৰ আৰু আশ্রয়ৰ স্থল ঘৰ এখন যাতে সকলো লোকৰে থাকে তাৰ বাবে প্ৰত্যেকজন কৰ্মঠ লোককে খেতি কৰিবলৈ বাধ্য কৰোৱা হৈছিল।যিহেতু আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহাৰ পূৰ্বেই ম'হেৰে হাল বাই কম পৰিমাণে বোকা মাটিত শালি ধানৰ খেতি কৰাত অভ্যস্ত আছিল।"টাই সংস্কৃতিৰ ৰূপৰেখা" নামৰ গ্ৰন্থখনত লীলা গগৈদেৱে উল্লেখ কৰিছে যে আহোমসকলেই অসমত পোনপ্ৰথমে জলসিঞ্চন পদ্ধতি বা আলি দি শালি খেতি কৰা প্ৰথা উলিয়াইছিল। ঢাপ মাৰি বাৰী পতা আৰু গড় মাৰি নগৰ লোৱাটো আহোম মানুহে ৰীতি হিচাপে মানিছিল।আহোমসকল অসমলৈ আহোঁতে অন্যান্য সামগ্ৰীৰ লগতে ৰীতি-নীতি ধৰ্মীয় পৰম্পৰা আৰু কেইবাবিধো কৃষিজাত শস্যৰ সঁচ আনিছিল।সেইসমূহৰ ভিতৰত হৈছে-আহোমবগৰী,নৰাবগৰী,শালি ধান ইত্যাদি।
      যিহেতু আহোমসকল প্ৰধানকৈ খেতিৰ ওপৰত নির্ভৰশীল,সেইবাবেই তেওঁলোকে হাবি ভাঙি আহল -বহলকৈ খেতি পথাৰ পাতিছিল।অসমত থকা মেছেলৌ পথাৰ,বাই পথাৰ,তিৰু পথাৰ,এঙেৰা পথাৰ,লাইয়েকৰ পথাৰ,ৰজা পথাৰ, বছা পথাৰ,গাভৰু পথাৰকে আদি কৰি বহুকেইখন পথাৰ আহোম যুগতে সৃষ্টি বুলি সকলোৰে পৰিচিত।বানপানী আহিলেও নিয়মীয়াকৈ পথাৰৰ মাজেদি পানী বৈ থাকিব পৰাকৈ নৈৰ পৰা পথাৰলৈ ডাঙৰ ডাঙৰকৈ খাল খান্দিছিল।এনে খালৰ চিন বৰ্তমান দিখৌ-দিহিঙৰ পাৰত দেখিবলৈ পোৱা যায়।এনে কৰিলে ধানে পানী পোৱাৰ উপৰিও নদীৰ পলস পাই পথাৰ সাৰুৱা হৈ পৰে।যাৰ ফলত খেতি ধান প্ৰচুৰ  পৰিমাণে  উৎপাদন হয়।
      লোৰফলীয়া নাঙল আৰু যুৰীয়া ম'হৰ হালেৰে হাল বাই খেতি কৰা ব্যৱস্থাটো কষ্টকৰ আছিল যদিও স্বৰ্গদেউ চাওলুং চুকাফাই মাটি আৰু মানুহৰ সদ্ ব্যৱহাৰেৰে এখন শক্তিশালী শ্ৰমমুখী কৃষিজীৱী সমাজ গঢ়ি তুলিছিল আৰু তাতেই বীজ অংকুৰিত হৈ সৃষ্টি হৈছিল সেউজীয়া খেতিৰে ভৰা শস্য-শ্যামলা সোণৰ অসম।সৌমাৰত ভৰি দিয়েই চ্যুকাফাই এই ঠাইখনৰ নাম দিছিল মুঙ-ডুন-চুন-খাম অৰ্থাৎ সোণোৱালী শস্যৰ দেশ।কৃষিজীৱী আহোমসকলৰ সমাজ আৰু শ্ৰমমুখৰ পৰিবেশত কিছুমান আচাৰ -অনুষ্ঠানৰ জন্ম হৈছিল আৰু সেই অনুষ্ঠানসমূহেই পিছলৈ উৎসৱ অনুষ্ঠানৰূপে পৰিগণিত হয়।
     আহোমসকলে খেতিৰ আৰম্ভণিতে আৰু সামৰণিতে পালন কৰা এনে অনুষ্ঠানসমূহৰ ভিতৰত গোছলোৱা, হাল উঠা বা নাঙল ধোৱা পিঠা খোৱা আৰু ন-খোৱা আদি অনুষ্ঠান উল্লেখযোগ্য । টাই আহোমসকলে পথাৰত সৰু সৰু আলি দি পানী ৰাখি কৰা শালি খেতিৰ কঠিয়া সিঁচা আৰু পথাৰত নতুন শস্য ৰোপণ অৰ্থাৎ গোছলোৱাৰ সময়ত কিছুমান আচাৰ - অনুষ্ঠান পালন কৰে ।গোছলোৱাৰ আগতে ন-কঠীয়া সিঁচাৰ বাবে কিছুমান আচাৰ অনুষ্ঠান পালন কৰা হয়।
সেইদিনা ঘৰৰ ৰান্ধনী শালত থকা ডামৰ খুঁটাত প্ৰথমতে প্ৰাৰ্থনা জনাই তাৰ পিছতে ডামফীক মৰা শাকৰ(কেঁচা)জাবৰী আৰু নামলাও দি পূজা কৰা হয়।ন-কঠিয়া সিঁচিবৰ বাবে তলিখন ঠিক কৰি লোৱাৰ পাছত তিতা ফুলৰ আগ আনি কঠীয়া তলিখনৰ চাৰিওফালে গুজি দিয়ে।এনে কৰিলে পোক পৰুৱাই কঠীয়া খাবলৈ আহিলে তিতা পায় বুলি বিশ্বাস কৰিছিল।এটা গোটা শিল চালনী এখনত দি লগতে কলীয়া কচুৰ ঠাৰি দি চৰাই -চিৰিকতিয়ে অনিষ্ট নকৰিবলৈ ভয় খুৱায় ।বৰষুণত কঠীয়া যাতে থূপ নেখায় তাৰ বাবে কঠীয়া সিঁচাজন যথেষ্ট সতৰ্ক হ'ব লাগে।কঠীয়া সিঁচাৰ দিনা ৰঙালাও , কচু , কুকুৰা মাংস ,ৰহিলাওক উৎকৃষ্ট খাদ্যৰূপে ব্যৱহাৰ কৰাটো আহোমসকলৰ পৰম্পৰাগত ৰীতি।
     কঠীয়া পথাৰত ৰুবৰ বাবে উপযুক্ত হোৱাৰ পিছত গোছ ল'বলৈ হ'লে আহোমসকলে কিছুমান আচাৰ-অনুষ্ঠান  পালন কৰে।পথাৰত প্ৰথম গোছ  ৰোৱা এক সৰু সুৰা উৎসৱেই। প্ৰথম গোছ ৰুবৰ দিনা পথাৰৰ আলিৰ মূৰতে কচুপুলি এটা,তৰা পুলি এটা ৰুই তাত থুৰীয়া তামোল এযোৰ দি গুৰুত লগাম,ভকতক লগাম,আই লখিমী নদন-বদন  হৈ উঠিবৰ কাৰণে মনতে তুতি প্ৰাৰ্থনা কৰি প্ৰথম ৰোৱা আৰম্ভ কৰা হয়।এইদৰেই গোছ লোৱা কাৰ্য আৰম্ভ কৰা হয় যদিও এনে ধৰণৰ আচাৰ অনুষ্ঠান কেৱল শালি ধানৰ খেতিতহে প্ৰযোজ্য ।টাই আহোমসকলৰ পৰম্পৰামতে খেতি পথাৰত গোছ লোৱাৰ দৰে শুভকাৰ্য্য সম্পন্ন কৰোঁতে নিম্নলিখিত নৈবেদ্যসমূহৰ প্ৰয়োজন হয়- এখিলা আগলি কলপাত,হেলছ গছৰ গুটি থকা ডাল এটা,মাটি কঁঠাল এটা, মধুৰী , কচু আৰু তৰা গছ, থুৰীয়া তামোল,ভীমকল,শিল এটা।
      এইদৰেই  যুগুতাই লোৱা সমগ্ৰীখিনি আগলতি কলপাতত লৈ ঘৰৰ মূল ৰোৱনী গৰাকীয়ে লখিমীক আহ্বান কৰি কয়-"তৰানিৰ দৰে ডাঠ হৈ কচুৰ দৰে পোখা মেলি,মধুৰী আমৰ গুটিৰ দৰে গুটি ধৰি ধাননি পথাৰখন যেন থোক ভৰি পৰে।পোক-পৰুৱা ,অনাহি -বনাহি,চৰহা -চেলেকা,গান্ধীপোক আদি কৰি ডলিৰ চপৰাক শিতান কৰি, বনক লাখুটি কৰি ঠন ধৰি উঠিব লাগে।শালিৰ লখিমী, আহুৰ লখিমী আৰু কুৱেৰ - কুৱেৰণীক মাতি আজি গোছ লোৱা হৈছে।টোপোলা ভাত ,হাঁহ মাংস,লুকলাও আৰু কোমোৰা শাক দিয়া হৈছে।" লখিমী আদৰা নিয়ম -  আইজঙ লাও আহোম ভাষাত উচ্চাৰণ কৰি লখিমীক আহ্বান কৰা হয় । টাই ভাষাৰ লখিমী আদৰা বিধিৰ অসমীয়া ৰূপ-"আই লখিমী !তুমিয়েই মানুহৰ অন্ন যোগাওঁতা, চাৰুৱাই ,জবৰাই,বকৰাই তিনিখন পথাৰত জিলিকি থাকি মানুহক জীয়াই ৰাখিছা তুমি থুৰি পোক,চৰহা-চেলেক,অনাহি - বনাহীক খেদাই পঠোৱাৰো গৰাকী।তোমাক নৈবেদ্য আগবঢ়াই পূজা দি মংগলৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ।
      কঠীয়া সিঁচা আৰু পথাৰত শস্য ৰোপন অৰ্থাৎ গোছ লোৱাৰ বাবে মাংগলিক আচাৰ -অনুষ্ঠান পালন কৰি কৃষিজীৱি সমাজে এনেদৰেই কৃষি-কাৰ্য্যৰ শুভাৰম্ভ কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)