২৬ জুলাই-আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনাৱলী

Aditi Tanti
0
২৬ জুলাই (ইংৰাজী: 26 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৭তম (অধিবৰ্ষত ২০৮তম) দিন। বছৰ শেষ হ'বলৈ ১৫৮ দিন বাকী থাকে।

ঘটনাৱলী
১৮৫৬ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়।
১৯০৮ - ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেছন বা এফ বি আই (ইংঃ Federal Bureau of Investigation or FBI) গঠন হয়।
১৯৬৫ - মালদ্বীপে স্বাধীনতা লাভ কৰে।
১৯৯৯ - কৰ্গিল যুদ্ধৰ অৱসান ঘটে।
২০০১ - শ্বেৰ বাহাদুৰে নেপালৰ নতুন প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।

জন্ম
১৮৫৬ - জৰ্জ বাৰ্নাৰ্ড শ্ব’, এগৰাকী বিখ্য়াত আইৰিছ নাট্যকাৰ।
১৮৯৪ - আলডুছ হাক্সলী, প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক।
১৯৬৪ - ছান্দ্ৰা বুলক, হলিউডৰ অভিনেত্ৰী।
১৯৬৭ - জেছন ষ্টাথাম, হলিউডৰ অভিনেতা।
মৃত্যু
১৯৮৪ - জৰ্জ গেলাপ (ইংঃ George Gallup), পৰিসংখ্যাবিদ, গেলাপ পোলৰ (ইংঃ Gallup Poll) উদ্ভাৱক।
২০২০ - কম্পিউটাৰ মাউছৰ সহ-উদ্ভাৱক ৱিলিয়াম কাৰ্ক ইংলিছ বা বিল ইংলিছ।

দিৱস
আন্তৰাষ্ট্ৰীয় মেংগ্ৰ'ভ পৰিস্থিতি তন্ত্ৰ সংৰক্ষণ দিৱস।
কাৰ্গিল বিজয় দিৱস।
মালদ্বীপৰ স্বাধীনতা দিৱস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)