ফুলশয্যাৰ নিশা ০৪ - তীৰ্থ পিণ্টু বৰা

Aditi Tanti
0
 .......... সমাজ সেৱিকা হিচাপে মৃণালিনী চলিহাৰ সমাজত এটা নাম আছে , দহ বছৰে এখন বৃদ্ধাশ্ৰম নিজা ধনেৰে সুন্দৰকৈ চলাই আছে । বিপদে আপদে অঞ্চলটোৰ বহু লোকক তেওঁ সহায় কৰে । কিন্তু একমাত্ৰ কন্যা নীহাক লৈ তেওঁৰ বৰ চিন্তা , কলংকৃত অতীতক পাহৰিবৰ বাবেই তেওঁ যিকোনো সামাজিক কামত প্ৰায় জড়িত হৈ থাকে । যৌৱনৰ ভৰ দুপৰত তেওঁৰ জীৱনলৈও প্ৰেম আহিছিল , সুন্দৰকৈ পাৰ হৈছিল দিনবোৰ । ৰূপে গুণে হাজাৰ জনৰ মন জয় কৰিব পাৰিছিল মৃণালিনীয়ে । সেইদিনা হঠাৎ কলেজৰ পৰা আহি থাকোঁতে মৃণালিনীয়ে লগ পাইছিল কুনাল দুৱৰাক । পাছফালৰ পৰা কোনোবাই মতা যেন শুনি ৰৈ দিছিল মৃণালিনী 

: Hi , মই কুনাল... তোমালোকৰ কলেজৰ লাষ্ট ইয়েৰৰ ষ্টুডেন্ট
: Hi , মোৰ নামটো কেনেকৈ জানিলে ?
: আমাৰ কলেজৰ সকলোৰে মুখত কেৱল তোমাৰ নাম , তুমি বৰ ধুনীয়া বিহু নাচা ।
: Thank you , আপোনাৰ ঘৰ ?
: কলেজ চাৰিআলিৰ পৰা অলপ আগলৈ 
: তোমাৰ ঘৰ ক'ত ? কোন কোন আছে ঘৰত ?
: সন্দিকৈ গাঁৱত , মা-দেউতা , দাদা আৰু মই । আপোনাৰ ?
: মা দেউতা আৰু মই ।‌ তুমি সদায় খোজ কাঢ়ি আহা নেকি ? 
: সদায় নহয় কেতিয়াবা খোজ কাঢ়ি যাওঁ । প্ৰায়েই দাদা আহে নিবলৈ চাৰিআলিৰ পৰা ।
: অ' মই সদায় খোজ কাঢ়ি অহা-যোৱা কৰোঁ ।

            এদিনৰ চিনাকি লাহে লাহে প্ৰেমলৈ ৰূপান্তৰ হৈছিল । কুনালে বি.এ. পাছ কৰাৰ পাছতেই এম.এ. পঢ়িবৰ বাবে গুৱাহাটীলৈ গৈছিল । ঘৰলৈ আহিলেই মৃণালিনীক লগ কৰিছিল । দুয়োৰে প্ৰেম বহুত আগবাঢ়ি গৈছিল , দুয়ো ৰঙীন সপোন দেখাত ব্যস্ত হৈ আছিল । আনকি মৃণালিনীয়ে সকলো কথা ঘৰত খুলি কৈছিল । ওচৰ চুবুৰীয়া সকলোৱে দুয়োৰে বিয়াখন হ'ব বুলিয়েই ভাবি আছিল । কিন্তু নদীয়ে সুঁতি সলোৱাৰ দৰে কুনালে মৃণালিনীক পাহৰিবলৈ চেষ্টা কৰিলে । কুনালৰ লগত বিয়া হোৱাৰ আশাতেই বহু ভাল ভাল প্ৰস্তাৱ মৃণালিনীয়ে নাকচ কৰিলে । কিন্তু ব্যস্ততাৰ নানা অজুহাত দেখুৱাই কুনাল মৃণালিনীৰ জীৱনৰ পৰা আঁতৰ হৈ গ'ল । মনৰ দুখত মৃণালিনী ভাগি পৰিছিল , সেয়ে দেউতাকে পিয়ানুজ ফুকনৰ লগত বিয়া পাতি দিছিল । বিয়াৰ দুবছৰ পাছত নীহা জন্ম হোৱাৰ ঠিক তিনিমাহ পাৰ নৌহওঁতেই পিয়ানুজৰ মৃত্যু হৈছিল ।পিয়ানুজৰ মৃত্যুৰ পাছত আত্মীয় সকলোৱে মৃণালিনীকেই জগৰীয়া কৰিলে আৰু নানা অত্যাচাৰ আৰম্ভ কৰিলে । শেষত তাই পিতৃ গৃহলৈ ঘূৰি গৈছিল । তেতিয়া মৃণালিনীয়ে মনৰ ভিতৰত এক প্ৰতিশোধৰ বীজ ৰোপণ কৰিছিল আৰু অস্ত্ৰ হিচাপে একমাত্ৰ কন্যা নীহাক ব্যৱহাৰ কৰিছিল । কথাবোৰ ভাবি থাকোঁতেই উদাস মনেৰে নীহা সোমাই আহিছিল...

: মা...! কিয় আন্ধাৰত বহি আছা ? 
: বৰ ভাগৰ লাগিছে , উঠি যাবলৈকে মন যোৱা নাই সেয়ে এনেকৈ বহি আছোঁ ।
: চাহ খাবা নেকি ?
: খাম বাৰু , পিছে তোৰ কামটো হ'ল নে নাই ?
: তুমি ভবাৰ দৰেই কামটো ইমান সহজ নহয় মা...
ৰক্তিমে মোক সন্দেহ কৰিছে , ৰিপোৰ্ট বিচাৰিছে ।
: তাৰমানে তই ৰিপোৰ্টটো নিয়া নাছিলি ? চা মাজনী , বিলত নামিলি যেতিয়া পানী ঘোলা নকৰাকৈ পাৰলৈ উঠি নাহিবি । চলে বলে কৌশলেৰে ৰক্তিমক জালত পেলাবই লাগিব । কি বুলি ভাবিছে মোক কুনাল দুৱৰাই ? ইমান দিনে মই মনে মনে থাকিলোঁ কাৰণ মোৰ হাতত অস্ত্ৰ নাছিল...
: মা , এইবোৰ কৰি তোমাৰ কি লাভ হ'ব ?
: মোৰ একো লাভ নহয় , কিন্ত দুৱৰাই এটা শিক্ষা পাব , সুখৰ সংসাৰ ভাগি থানবান্ হৈ যাব । সমাজত থকা তেওঁৰ সুনাম নষ্ট হৈ যাব ।
: আৰু তুমি ভবাৰ দৰে যদি কামবোৰ হৈ নুঠে... তেতিয়া কি কৰিবা ?
: তই চিন্তা নকৰিবি , চলিহানীয়ে এবাৰ যিটো কামত হাত দিয়ে সেই কামটো শেষ নোহোৱালৈকে হাত সাবটি বহি নাথাকে । যা ফ্ৰেচ হৈ মোলৈ চাহ একাপ বনাই আন । নীহাই ঠিকেই কৈছে , ময়ো জানো মোৰ একো লাভ নহয় তথাপিও দুৱৰাৰ চকুত চকুপানী চাব বিচাৰোঁ ।

          মৃণালিনীয়ে কথাবোৰ আকৌ এবাৰ মনৰ ভিতৰতে জুকিয়ালে । মই বাৰু কিবা ভুল কৰিছোঁ নেকি ? নীহাৰ জীৱনটোক লৈ হেতালি খেলিছোঁ নেকি ? নাই নাই , সেইবোৰ ভাবি একো লাভ নাই । হাতত চাহৰ ট্রেখন লৈ নীহা ওলাই আহিল...

: মা... তুমি পাহৰিলা নেকি আজি মিনা আইতাৰ জন্মদিন আছিল ।
: নাই পাহৰা...কেক আনিবলৈ ৰঘুক পঠাইছোঁ সি পালেহিয়ে আশ্ৰমলৈ যাম , তয়ো ওলাবি ।
: মই নাযাওঁ নেকি ? গাটো ভাল লগা নাই , বৰ ভাগৰ লাগিছে।
: অলপ সময়হে থাকিম , আইতাৰ মনটো ভাল লাগিব । ওলাগৈ যা আৰু এটা কথা তই ৰক্তিমলৈ ফোন কৰি কৈ দে ৰিপোৰ্টটো লৈ তই তাৰ ঘৰলৈ গৈ আছ বুলি । 
: কিন্তু মা এতিয়া ফোন কৰিলে ভাল হ'ব জানো ?
: ভাল বেয়া তই চিন্তা কৰিব নালাগে , যিটো কৰিবলৈ কৈছোঁ সেইটো কৰ । কামটো সুকলমে হৈ গ'লে তোক ইয়াৰ ৰহস্যটো কম ।

           কথাষাৰ কৈ মৃণালিনী নিজৰ শোৱনি কোঠাটোলৈ সোমাই গৈছিল , ৰঘুনাথেও কেকটো আনি ঘৰ সোমোৱালেহি । 

: বাইদেউ কেকটো গাড়ীতে থৈ আহোঁ নেকি ?
: গাড়ীতে থ ! মাজনী তোৰ হ'লনে ? মই গাড়ীত বহিছোঁ , তই দুৱাৰত তলাটো লগাই আহ । 

      আশ্ৰমৰ আৱাসি সকলে মিনা আইতাৰ জন্মদিন বুলি আশ্ৰমখন বৰ সুন্দৰকৈ সজাইছে । শাৰী শাৰীকৈ বাৰাণ্ডাত মাটিৰ চাকি জ্বলাই মৃণালিনীৰ বাবে সকলোৱে অপেক্ষা কৰি আছে । গাড়ীখন আশ্ৰমৰ পদূলিত ৰোৱাৰ লগে লগেই ৰঙা নীলা লাইটবোৰ জ্বলি উঠিল । গাড়ীৰ পৰা নামিয়ে মৃণালিনীয়ে নতুন কাপোৰসাজ মিনাৰ হাতত দিলে । "যোৱা এইযোৰ পিন্ধি আহাগৈ , আজি তোমাৰ জন্মদিন সেয়ে নতুন কাপোৰ পিন্ধিব লাগে ।"
: আমাৰ নো কি জন্মদিন ! পো-বোৱাৰী , নাতি-নাতিনীয়ে ভৰি থকা ঘৰখনত মাকৰ বাবে ঠাই এটুকুৰা নোলাল , ইয়াতকৈ আৰু ডাঙৰ দুখ কিবা আছে নে অ' আই ? 
: মই কি তোমাৰ বোৱাৰী নহয় ? নীহা তোমাৰ নাতিনী নহয় ?
: তুমি মোৰ বাবে পো-বোৱাৰী-জী সকলোবোৰ । তোমাৰ বাবেই আজি ইয়াত সুখেৰে দিন কটাব পাৰিছোঁ । ৰ'বা মই নতুন কাপোৰ পিন্ধি আহোঁ ।

     মৃণালিনীয়ে বাৰাণ্ডালৈ টেবুল এখন উলিয়াই আনিলে , নীহাই ডাঙৰ ডাঙৰ বেলুন কেইটামান ফুলাই থোপা থোপকৈ আঁৰি দিলে । কেকটো টেবুলত থোৱাৰ পাছত মৃণালিনীয়ে মিনাক আগবঢ়াই আনি চুৰিখন হাতত লগাই দিলে , মিনাই মমডাল ফু মাৰি নুমুৱাই দিয়াৰ লগে লগে সকলোৱে হাত চাপৰি মাৰিলে । কেকটো কাটি মৃণালিনীক খাবলৈ দিলে আৰু মৃণালিনীয়েও মিনাক কেক এচকল খুৱাই দিলে । 'Happy Birthday আইতা' বুলি নীহাই মিনাৰ মুখত কেকপিচ লগাই দিয়াৰ লগে লগেই আইতাৰ মুখত বিৰিঙি আহিল সুখৰ ধাৰ নিচিগা হাঁহি ...


          (ক্ৰমশঃ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)