একাঁজলী বিৰহ ০৩-বিটুমনি ভূঞা কোছ

©Admin
0
তগৰ অন্তঃদগ্ধ হৈছে। ভাৱৰ বুৰ-বুৰনিয়ে খেলা খেলিছে তাইৰ অন্তৰত।স্বামীবিহীন  সন্তানৰ দায়িত্ব তাই বহন কৰিব পাৰিবনে?

শৰীৰৰ এটা অংগ কোনোবাই হেৰুৱাব পাৰে, যাৰ ফলত ভালপোৱাও যোগাত্মক নহৈ  বিয়োগাত্মক হ'ব পাৰে।তথাপি জীৱন জীৱনেই, মানুহৰ অন্তৰত প্ৰেম নামৰ এই ঐশ্বৰিক শক্তিটোৰ কোনো দিন মৃত্যু নহয়।পাৰ্থিৱ শৰীৰৰ অনুপস্থিয়েও প্ৰেমক আঁতৰাই পঠাব নোৱাৰে।

কিন্তু, তাই স্বামীৰ প্ৰতি কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি অনুভৱ কৰিব নোৱাৰে।কাৰণ তাইতকৈ আধা বয়স বেছি ডাঙৰ  তাইৰ স্বামীয়ে তাইক কোনো দিন আপোন বুলি ভাবিবৰ সুযোগ নিদিলে। তাইৰ অকণমান দেহটোৰ মাংস পিণ্ড টুকুৰাৰ বাবে ম'হৰ খুটিৰ পৰা ঢপলিয়াই অহা মানুহ জনৰ বিভৎস্য ৰূপটোৰ কথা মনত পৰিলে, আজিও তাইৰ গা-নোম শিয়ৰি উঠে।

স্বামীৰ মৃত্যুত তাই কান্দিছিল।সেন্দুৰৰ ফোঁটটো চিৰ দিনৰ বাবে মচ খাই যোৱাৰ বেদনাত।তাইৰ কিমান হেঁপাহ আছিল কপাল খনৰ সোঁমাজত ঘূৰণীয়াকৈ এটা সেন্দুৰৰ ফোঁট লোৱাৰ,চুলিৰ মাজৰ ধকধকীয়া বগা সেঁওতাটোত ম'হৰ শিঙৰ কাকৈ ফনি খনেৰে এসোপা সেন্দুৰ ঘঁহি দিয়া।তাইৰ বুকুত লৈ থকা বিষাদ খিনি চকুপানী হৈ নিগৰি ওলাই আহিল।

ইফালে তগৰৰ শাহুয়েকে কথা বোৰ ভাবি ভাবি অস্থিৰ হৈ পৰিছে।আকস্মিক ভাবে পুত্ৰ  মৃত্যু । বাপু জীয়াই থাকোঁতে যদি ভাল খবৰটো শুনি যাব পৰা হ'লে।বোৱাৰী জনী কেতিয়া বাৰু মাহেকীয়া হৈছিল। বাপু মৃত্যু হোৱা দুমাহ হ'ল।পুত্ৰ মৃত্যুৰ  শোকৰ জুইকুৰা বুকুত দপদকৈ জ্বলি উঠে, বোৱাৰী জনী দেখিলে।এইবোৰ কথা মনত ৰাখিব কেনেকৈ।সমাজে বহু কথা উলিয়াব।যি কি নহওঁক বংশটো ৰক্ষা পৰিল।

দুৰ্বল  দুৰ্বল লাগি থকা দেহাটো ধুবলৈ লৈ ,পানী বাল্টিটোত হাতখন ভৰাই এচলো -এচলোকৈ পানী তগৰে চটিয়াবলৈ ধৰিলে।বিনা দুখত তাইক ইমান ডাঙৰ শাস্তি দিয়া শাহুয়েকক ভগৱানে দুখ দিব।তাই মনতে ভাবিলে।

সোনকালে গাটো ধুই নাহ কিয়?গৰমে গৰমে ভাত কেইটামান খাই ল’হি।

অন্যমনস্ক হৈ থকা তগৰে শাহুয়েকৰ মাতত চকখাই উঠিল।তাই লৰালৰিকৈ গাটো ধুই শাহুয়েকৰ ওচৰত উপস্থিত হ'ল।

গধূলি গাখীৰ টেকেলি লৈ ম'হৰ খুটিৰ পৰা তগৰৰ শহুৰেক আহিল।তাইৰ শহুৰেকে শাহুয়েকৰ আগত তাইৰ কথা আলোচনা কৰি থকা তাই অস্পষ্টকৈ শুনিবলৈ পালে।যি কি নহওঁক বংশটো ৰক্ষা পৰিল।তুমি বোৱাৰীৰ যত্ন ল'বা।

শাহুয়েকে ক'লে, গাঁৱৰ মানুহে কি  বা বদনাম ৰটে ঠিক নাই।

শহুৰেকে ৰামভাইৰ হতুৱাই ৰনক মতাই আনি ক'লে, বাপু নাই ,তোকেই পুত্ৰ বুলি ভাৱোঁ‌‌।বৌয়েৰ গা- ভাৰি। কিবা অসুবিধা হ’লে বৌয়েৰক ডাক্তৰ ওৰৰলৈ লৈ যাবি।

কথাষাৰ শুনি তগৰৰ মনটো এক অনামী আনন্দত নাচি উঠিল।তাই নিজকে নিজে প্ৰশ্ন কৰিলে, আগতেটো তাইৰ মনটো এনেকুৱা নাছিল।তাই 
নিজকে এগৰাকী পূৰ্ণাংগ নাৰী ৰূপে অনুভৱ কৰিলে।

হঠাৎ তাইৰ মনটো দুখেৰে উপচি পৰিল।তাই নিজকে সংযম কৰিব লাগিব।কাৰণ, তাই এগৰাকী বিধবা নাৰী।আৰু এগৰাকী বিধবা নাৰীয়ে এনে কৰা অনুচিত।তাই জীয়াই থকা সমাজ খনে এনে কৰা অনুমতি নিদিয়ে।ওৰনিখন টানি এখোজ দুখোজকৈ তাই ৰুমৰ পৰা ওলাই আহিল।


আগলৈ........

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)