জৈৱিক মুগা ৰেচম – বন্য ৰেচমৰ এক নৱতম সংযোজন-ড° মৃদুল চন্দ্ৰ শৰ্মা

©Admin
0
জৈৱিক ৰেচম হৈছে ৰেচম উদ্যোগৰ শেহতীয়া জনপ্ৰিয় এক ধাৰা। জৈৱিক কৃষি ব্যৱস্থাৰ জৰিয়তে উৎপাদিত ৰেচমক জৈৱিক ৰেচম বুলি কোৱা হয়। ৰাসায়নিক কীটনাশক অথবা পাৰ আদি ব্যৱহাৰ নকৰাকৈ জৈৱিক ৰেচম সৃষ্টি কৰা হয়। জৈৱিক ৰেচম প্ৰায়ে থলুৱা লোকৰ দ্বাৰা উৎপাদিত হয় আৰু আটাইতকৈ বিশুদ্ধ ৰেচম হিচাপে মানুহে পছন্দ কৰে। জৈৱিক ৰেচম বহুতো ছালৰ যত্নৰ সামগ্ৰীত সফলতাৰে আৰু বৈজ্ঞানিকভাৱে ব্যৱহাৰ কৰা হৈছে ।‌ চুলিৰ চিকমিকনি অনাত  সহায় কৰিবলৈ  আৰু চুলিৰ জঁট নাইকিয়া কৰাত সহায় কৰিবলৈ জৈৱিক ৰেচম ব্যৱহাৰ কৰা হয়। এইটো সৌভাগ্যজনক যে উত্তৰ-পূব ভাৰতত উৎপাদিত সিংহভাগ মুগা ৰেচম সম্পূৰ্ণৰূপে জৈৱিক প্ৰকৃতিৰ, কিয়নো মুগা খেতিয়কসকলে তেওঁলোকৰ খেতিত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে। চৰকাৰী আচঁনি অন্তৰ্ভুক্ত সামান্য চোমনিত পাৰ ব্যৱহাৰ কৰা হয় । সূতা উৎপাদনৰ সময়ত খেতিয়কসকলে কলৰ বাকলি, ধানৰ খেৰ, তুঁহ জ্বলাই তৈয়াৰ কৰা খাৰ ব্যৱহাৰ কৰি মুগা খোলা সিজাবলৈ ব্যৱহাৰ কৰে। সাম্প্ৰতিক সময়ত, জৈৱিক কৃষি প্ৰণালীয়ে প্ৰায়বিলাক কৃষিৰ সকলো ক্ষেত্ৰতে যথেষ্ট গুৰুত্ব লাভ কৰিছে। জৈৱিক কৃষি হৈছে কৃষিৰ বিভিন্ন প্ৰকাৰ, যাৰ ভিতৰত আছে এডোখৰ মাটিত বিভিন্ন সময়ত বিভিন্ন শস্য , সেউজসাৰ, পচন সাৰ, জৈৱিক কীট নিয়ন্ত্ৰণ আৰু মাটিৰ উৎপাদনশীলতা বজাই ৰাখিবলৈ কৰা জৈৱিক প্ৰচেষ্টা  ইত্যাদি। জৈৱিক কৃষিয়ে সংশ্লেষিত সাৰ আৰু সংশ্লেষিত কীটনাশক, উদ্ভিদ বৃদ্ধি নিয়ন্ত্ৰক দ্ৰব্য, পশুধন এণ্টিবায়টিক, খাদ্য সংযোজন, আৰু আনুবংশিকভাৱে পৰিৱৰ্তিত জীৱৰ ব্যৱহাৰ নকৰে বা কঠোৰভাৱে সীমিত কৰে। মানুহে উপলব্ধি কৰিব পাৰিছে যে, মাটিত কৃত্ৰিম সাৰ আৰু কীটনাশকৰ নিৰ্বিচাৰ ব্যৱহাৰে তীব্ৰ পানী আৰু পৰিৱেশ প্ৰদূষণৰ সৃষ্টি হোৱাত অৰিহণা যোগায়। মুগাৰ খাদ্য বৃক্ষ‌ চোম গছৰ ক্ষেত্ৰত সেউজ সাৰ, গোবৰ সাৰ, কেঁচু সাৰ প্ৰয়োগৰ দ্বাৰা জৈৱিক চোম গছৰ সফলতাৰ কৰি হৈছে । এইক্ষেত্ৰত ‌আয় ব্যয়ৰ অনুপাত ইতিবাচক পৰিলক্ষিত হৈছে ।

✍🏻ড° মৃদুল চন্দ্ৰ শৰ্মা, যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)