অনলাইন শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ গ্ৰহণযোগ্যতা - এক আলোকপাত

Rinku Rajowar
0
সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে  ক'ৰোণা ভাইৰাছে যি নৰসংহাৰী ৰূপধাৰণ কৰিছে তাৰ বাবে বিশ্ববাসী চিন্তিত হৈ পৰিছে । ইয়াৰ প্ৰভাৱত আমাৰ ভাৰতবৰ্ষতো মানুহে অকালতে পৃথিৱীৰ পৰা বিদায় লৈছে  । ভাৰতৰ কোনো এখন ৰাজ্য এই অদৃশ্য ঘাতক ক'ৰোণা ভাইৰাছৰ  পৰা সাৰি যাব পৰা নাই । 
আমাৰ অসমতো দিনক দিনে ক'ৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে  বহুতো শিশু  নিঠৰুৱা হৈছে, কত যে আইৰ বুকু উদং কৰি সন্তানক কাঢ়ি নিলে  তাৰ কোনো লেখ জোখ নাই । অকালতে হেৰাই গ'ল বহু প্ৰতিভা সম্পন্ন তেজাল যুৱক-যুৱতী । 
এই অতিমাৰি ক'ৰোণা ভাইৰাছৰ বাবেই  স্থবিৰ হৈ পৰিছে , ৰাজ্যৰ অৰ্থনীতি , স্তব্ধ হৈ পৰিছে দেশৰ  যাতায়ত আৰু উন্নয়ন । ইয়াৰ গণসংক্ৰমণ ৰোধৰ বাবে  অসম চৰকাৰে সামাজিক দূৰত্ব বৰ্তাই , ক'ভিড বিধি পালনৰ বাবে সময়ে সময়ে নিৰ্দেশনা জাৰি কৰি আহিছে  । অসচেতন মানুহৰ ক্ষেত্রত পুলিছ প্ৰশাসন মাজে সময়ে কঠোৰ হোৱাও দেখা গৈছে ।  
আমাৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো  ক'ৰোণা ভাইৰাছৰ যথেষ্ট প্ৰভাৱ পৰিছে  । যোৱা কেইবামাহৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় স্তৰৰ সকলোবোৰ বিদ্যালয় বন্ধ কৰি  ৰাখিব লগীয়া হৈছে ।
যোৱা মাৰ্চ মাহৰে পৰা বিদ্যালয় সমূহ বন্ধ হৈ আছে,  বৰ্তমানৰ পৰিস্থিতি যদি ভালকৈ লক্ষ্য কৰা হয় তেন্তে আগষ্ট মাহৰ আগত যে স্কুল সমূহ যে খুলিব নোৱাৰাটোৱেই নিশ্চিত ।  প্ৰাথমিক পৰ্যায়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকল যদি একেৰাহে যদি  ৬/৭ মাহ আনুষ্ঠানিক শিক্ষাৰ পৰা বিৰত থাকে  তেন্তে সেই শিশু সকলৰ বেছি ভাগৰে কিতাপৰ লগত সম্পৰ্ক একেবাৰে নোহোৱা হৈ যায়  । এই ক্ষেত্ৰত আকৌ বহুতো ল'ৰা -ছোৱালীয়ে পুনৰ বিদ্যালয়লৈ যাবলৈ ইচ্ছা নকৰা হয় । 
এই সমস্যা বোৰ সমাধান কেনেকৈ কৰিব পাৰি তাৰ এক পৰ্যালোচনাৰ প্ৰয়োজন আছে । 
অনলাইন শিক্ষাৰ প্ৰয়োজনীয়তা , গুৰুত্ব  আৰু ইয়াৰ গ্ৰহনযোগ্যতা কিমান ?  এই তিনিটা বিষয় সকলোৱে জনাৰ আৱশ্যকতা আছে ।

অনলাইন শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বিষয়টো যদি সূক্ষ্ম বিশ্লেষণ কৰোঁ  তেন্তে আমি দেখা পাম যে , আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰযুক্তিবিদ্যাৰ সফল প্ৰয়োগৰ ফলত সৃষ্টি হোৱা  ডিজিটেল পৃথিৱীৰ ফলপ্ৰসূ পদ্ধতিটোৱেই হৈছে  --অনলাইন শিক্ষা  । এই অনলাইন শিক্ষাক বহুতেই "ই-শিক্ষা" বুলিও  কয় ।   ক'ৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে   বিগত সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবে,  ভাৰতৰ অন্যান্য ৰাজ্যত অনলাইন শিক্ষা পদ্ধতিক আঁকোৱালি লোৱা দেখা গৈছে । আমাৰ অসমতো এই অনলাইন শিক্ষা ঠাই বিশেষে চলি আছে । 
এই অনলাইন শিক্ষা পদ্ধতি পোন প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৯০ চনতে আৰম্ভ হৈছিল । যোৱা দহটা বছৰে অনলাইন শিক্ষা ব্যৱস্থাৰ ধাৰনাটোহে অধিক প্ৰসাৰ লাভ কৰা দেখা পোৱা গৈছে । পিছপৰা, ভিতৰুৱা অঞ্চলত অনলাইন শিক্ষা ব্যৱস্থাই সকলো ছাত্ৰ ছাত্ৰীক স্পৰ্শ কৰিব পৰা নাই । 
অনলাইন শিক্ষাৰ অৰ্থ  হ'ল ___ এণ্ড্ৰইড মোবাইল, কম্পিউটাৰ , লেপটপ আদিত , ইন্টাৰনেটৰ  জৰিয়তে  ঘৰতে বহি পাঠদান  লাভ কৰিব পৰা এটা ব্যৱস্থা । এই অনলাইন শিক্ষাত বিদ্যালয়ৰ চৌহদত যোৱাৰ প্ৰয়োজন নাই । এই অনলাইন শিক্ষা ব্যৱস্থা ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো জনপ্ৰিয় হৈ উঠিছে । 
মোবাইল কম্পিউটাৰ,লেপটপ আদিৰ দ্বাৰা সংশ্লিষ্ট বিষয়ৰ শিক্ষক সকলৰ পৰা ছাত্ৰ ছাত্ৰী সকলে লাভ কৰে । এই শিক্ষাত  শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী মুখামুখিকৈ বহাৰ প্ৰয়োজন নাই । এই অনলাইন শিক্ষাক ছাত্ৰ ছাত্ৰী সকল প্ৰত্যক্ষভাৱে  শিক্ষক--ছাত্ৰ/ছাত্ৰী -- আৰু পাঠ্যপুথিৰ লগত সংযুক্ত হৈ থকাৰ সুযোগ লাভ কৰে  ।
প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাই সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছপৰি থকা নাই৷ কিন্তু অনলাইন শিক্ষাৰ ফলপ্ৰসূতাৰ বাবে ল’বলগীয়া আনুষঙ্গিক ব্যৱস্থাবোৰৰ ক্ষেত্ৰত আমাৰ দেশ অন্যান্য দেশৰ তুলনাত এতিয়াও বহুখিনি পিছপৰি আছে ।  প্ৰথমে এইবোৰ সমস্যা দূৰ নকৰাকৈ অনলাইন শিক্ষা ব্যৱস্থাক প্ৰয়োগ কৰিবলৈ গ’লে সুফলৰ সলনি বিফলতা হে লাভ কৰাৰ আশংকা থাকে ।
অনলাইন শিক্ষাৰ সুবিধা সমূহ আমি সূক্ষ্ম বিশ্লেষণ কৰিলে দেখা পাওঁ যে__ 
(ক)  স্কুল বন্ধ থকাৰ সময়তো শিক্ষক,পাঠ্যপুথি আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত এটা ভাল সম্পৰ্ক গঢ় লয় , যিয়ে ছাত্ৰ-ছাত্ৰীৰ  শৈক্ষিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়  । 
(খ) অনলাইন শিক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগুৰুৰ সৈতে নিজৰ মত বিনিময় কৰিব পাৰে । যিকোনো সময়তে যিকোনো বিষয়ৰ শিক্ষা আহৰণ কৰিব পাৰে । 
( গ ) অনলাইন শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সুবিধা মতে সময় উলিয়াই শিক্ষা আহৰণৰ সুবিধা লাভ কৰিব পাৰে । 
( ঘ ) পৰম্পৰাগত শ্ৰেণীকোঠা  সমূহত সপ্তাহত ৰবিবাৰৰ দিনটো বাদ দি বাকী ছয়দিনত নিৰ্দিষ্ট সময়ৰ বাবে শিক্ষাগুৰু সকল উপস্থিত থকাৰ বিপৰীতে অনলাইন শিক্ষা ব্যৱস্থাত সপ্তাহৰ প্ৰত্যেকটো দিনতে শিক্ষক সকলে ছাত্ৰ ছাত্ৰীক অনলাইন শিক্ষা প্ৰদান কৰাৰ সুবিধা উপলব্ধ । 
( ঙ )  পৰম্পৰাগত শ্ৰেণীকোঠাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে যিদৰে  নিৰ্দিষ্ট স্কুলীয়া ইউনিফৰ্ম পিন্ধিব লগীয়া হয়, অনলাইন শিক্ষা ব্যৱস্থাত ইউনিফৰ্ম  পিন্ধাৰ প্ৰয়োজন নাই অৰ্থাৎ ঘৰুৱা কাপোৰ পিন্ধিও  অনলাইন শিক্ষা ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰি । 
( চ ) এই ব্যৱস্থাত পাঠদানৰ নিৰ্দিষ্ট সময়সীমা নাথাকে ।
( ছ ) অনলাইন শিক্ষা ব্যৱস্থা আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে নতুন বিষয় সেয়ে ছাত্ৰ-ছাত্ৰী শিক্ষাৰ প্ৰতি বেছিকৈ আগ্ৰহী হোৱা দেখা যায় । শিক্ষাৰ্থী সকলৰ বাবে এই অনলাইন শিক্ষা   ব্যৱস্থাটো বৰ আনন্দদায়ক পদ্ধতি । 
( জ) অনলাইন শিক্ষা ব্যৱস্থাত শিক্ষকে পাঠদান কৰা বিষয় বস্তু বহুদিনলৈ ৰেকৰ্ড কৰি ৰাখিব পাৰি । প্ৰয়োজন সাপেক্ষে  যিকোনো সময়তে সেই ৰেকৰ্ড সমূহৰ পৰা পুনৰ জ্ঞান আহৰণ কৰিব পাৰি । 
অন্যহাতে , অনলাইন শিক্ষাৰ অসুবিধা সমূহ সূক্ষ্ম বিশ্লেষণ কৰিলে দেখা পোৱা যায় যে ___ ( ক ) এই অনলাইন শিক্ষা ব্যৱস্থা অতি ব্যয়বহুল হোৱা বাবে সকলো শিক্ষাৰ্থীয়ে এই শিক্ষা ব্যৱস্থাত অংশগ্ৰহণ কৰিব নোৱাৰে । 
(খ ) সকলোৰে বাবে - কম্পিউটাৰ , লেপটপ , এণ্ড্ৰইড মোবাইল ক্ৰয় কৰাটো সম্ভৱ নহয় । এই অনলাইন শিক্ষা ব্যৱস্থাত অংশগ্ৰহণ কৰিব বিচাৰি আৰ্থিক দুৰৱস্থাৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰৰ ফলত বহু ছাত্ৰ-ছাত্ৰীয়ে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যাৰ দৰে ঘৃণনীয় পন্থাও বাছি লোৱা দেখা পোৱা গৈছে । 
( গ ) শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক সন্মুখত বহুৱাই শিক্ষা দিয়া আৰু অনলাইন শিক্ষা ব্যৱস্থাৰ মাজত বহু পাৰ্থক্য থকা হেতুকে সকলো বিষয়ৰ শিক্ষা, অনলাইন শিক্ষাৰ দ্বাৰা প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীয়ে  আয়ত্ত কৰিবলৈ অসমৰ্থ হয় । 
(ঘ) অতি কম বয়সীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অত্যাধিক মোবাইল  নেটৱৰ্কত লিপ্ত হোৱাৰ ফলত  মানসিক উৎকৰ্ষ সাধনত হেঙাৰ ৰূপে থিয় দিছে । 
( ঙ ) অনলাইন শিক্ষা ব্যৱস্থা আৰম্ভ হোৱাৰে পৰা অধিকাংশ শিক্ষাৰ্থী মোবাইলৰ প্ৰতি বেছিকৈ আসক্ত হোৱা পৰিলক্ষিত হৈছে । 
( চ )  অনলাইন শিক্ষা গ্ৰহণৰ গইনা লৈ বহু ছাত্ৰ ছাত্ৰী Google ত অথবা Youtube ত উপলব্ধ  নীলা ছবিৰ প্ৰতি আসক্ত হোৱাৰ আকাংক্ষাও নুই কৰিব নোৱাৰি । 
(ছ) অনলাইন শিক্ষাৰ গইনা লৈ  বন্ধু-বান্ধৱীৰ সৈতে শিক্ষা বিষয়তকৈ অন্য বিষয়ত  বাৰ্তালাপ  কৰা দেখা পোৱা গৈছে । 
(জ)  অনলাইন শিক্ষা ব্যৱস্থাত অতি বেছিকৈ মোবাইল, লেপটপ আদিৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ কল্পনা শক্তি হ্ৰাস কৰাৰ লগতে নৈতিক চৰিত্ৰও ঠুনুকা কৰিছে । 
( ঝ ) অনলাইন শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীৰ মাজত মানৱীয় অনুভূতি আৰু জীৱনৰ  মূল্যবোধ জগাই তোলাত  অসমৰ্থ  । 
এইদৰে বিশ্লেষণ কৰিলে সুবিধা অসুবিধা বহু দেখা যায় যদিও সাম্প্ৰতিক সময়ত অনলাইন শিক্ষা ব্যৱস্থাৰ বিকল্প কোনো পথ নাই । ক'ৰোণা মহামাৰীৰ সংক্ৰমণ বন্ধ নোহোৱা পৰ্যন্ত পৰম্পৰাগত শ্ৰেণীকোঠাত পাঠদান আশা কৰিব নোৱাৰি  । সুস্থ পৰিৱেশ কেতিয়া ঘূৰি আহে তাৰো কোনো নিশ্চয়তা নাই  । গতিকে ভাল দিন নহা পৰ্যন্ত অনলাইন শিক্ষা ব্যৱস্থাক আমি সমৰ্থন কৰিবই লাগিব । অনলাইন শিক্ষাৰ গইনা লৈ নিজৰ শিশুটিয়ে অন্য বক্ৰপথলৈ যাব নোৱাৰে তাৰ বাবে প্ৰতিজন অভিভাৱকে তীক্ষ্ণ নজৰ ৰাখিলে অনলাইন শিক্ষাৰ দ্বাৰা শিশুটি উপকৃত হ'ব  অন্যথাই  অনলাইন শিক্ষাৰ পৰিণতি অতি ভয়াবহও হ'ব পাৰে ।

✍️ শ্ৰী প্ৰেম বৈষ্ণৱ 
বিহালী ( বিশ্বনাথ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)