বেদনাৰে নিস্তব্ধ অতীতৰ কিছু স্মৃতি~গল্প-জুনমনি বেগম

সেইদিনা আছিল দেওবাৰ। সপ্তাহটোৰ কৰ্মব্যস্ততাৰ অৱসৰ দিনটো। মই কৰ্মসূত্ৰে এতিয়া কলিকতাত থাকো। প্ৰায় ২ বছৰৰ মূৰত ঘৰলৈ আহিছোঁ। কিছু দিন থাকিম, ঘৰত মা-দেউতাই বিয়াৰ কথাও ভাবিছে, তাতে ছোৱালী মানুহ, বহুতৰে বহুত কথা, মা-দেউতাও লাহে লাহে বুঢ়া হৈ আহিছে। বহুদিনৰ মূৰত ঘৰলৈ আহিছোঁ। ভাবিলোঁ আবেলি সময়, ৰাস্তাৰ কাষে কাষে অলপ ফুৰি আহো বুলি খোজ ল'লো।
    হঠাৎ মনত পৰিল ২ বছৰৰ আগৰ সেই ঘটনাটোলৈ। যিটো ঘটনাৰ কথা এতিয়ালৈ মই ভালকৈ গমেই পোৱাই নাছিলোঁ কেনেকৈ কি হ'ল,কোনে তাইৰ লগত এনেকুৱা কৰিলে। কিয় সেই সুন্দৰ মনৰ, ধুনীয়া মানুহজন আজি য'তে ত'তে পৰি থাকিব লগীয়া হ'ল। ভুল ক'ত আছিল দুয়োৰে? 
    আজিৰ পৰা দুই বছৰৰ আগতে মই আৰু পাহী এই ৰাস্তাটোৰে আবেলি সময়ত প্ৰায়েই ফুৰিবলৈ আহিছিলোঁ। গাঁৱৰ সেই প্ৰকৃতিৰ সেউজীয়াবোৰৰ মাজত দুয়োজনীয়ে আপোন মনেৰে বহু সুখ-দুখৰ কথা পাতিছিলোঁ । এনেদৰেই পাৰ কৰিছিলোঁ জীৱনৰ বহু ভাল লগা সময়। 
    লাহে লাহে ডাঙৰ হৈ আহিলোঁ ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে এম.এ ও পঢ়িব নোৱাৰিলোঁ। তেনেতে এদিন মামা আমাৰ ঘৰলৈ আহি মা-হতঁক ক'লে যে-তেওঁৰ কোম্পানীটো চোৱা-চিটাৰ বাবে এজন দক্ষ কৰ্মচাৰীৰ প্ৰয়োজন, সেয়ে তেওঁ মোক তেওঁৰ লগত নিবলৈ বিচাৰিছিল আৰু মামাৰ কথাত মা-দেউতাইও সন্মতি দিছিল। কিন্ত মোৰ এই গাঁওখন এৰি,পাহীক এৰি একে বাৰে যোৱাৰ ইচ্ছা নাছিল, উপাই নাই ঘৰৰ কথা ভাবি মই গুচি গ'লো মামাৰ লগত কলিকতালৈ। তালৈ গৈ মই বহুত দিনলৈ গাঁৱৰ লগৰীয়াবোৰৰ কথা, পাহীৰ কথাই মোক বৰ অশান্তি দিছিল । কিন্তু লাহে লাহে মই নিজৰ কাম - কাজত মন দিবলৈ ল'লো । এতিয়া মই সেই কোম্পানীৰ এগৰাকী দক্ষ কৰ্মী। এতিয়া মোৰ একোৰেই অভাৱ নাই।
    আজি দুই বছৰৰ পিছত যেতিয়া মই পাহীৰ অবিহনে অকলে সেই ৰাস্তাৰে ফুৰিবলৈ গৈছিলোঁ, মনত তাইৰ কথা আহি আছিল। হঠাৎ এনেদৰে গৈ থাকোতে দেখা পালো তেওঁক। তেওঁ এজন প্ৰশাসনিক বিষয়া আছিল। তেওঁ মোক দেখি হঠাৎ মূৰ তুলি চাই মোক মাত লগালে- তুমি, তুমি সেই যে পাহীৰ প্ৰিয় বান্ধৱীজনী নহয় নে? দুই বছৰৰ আগতে যে আমাৰ মেলাত লগ পাইছিলোঁ পাহীৰ লগত। এনেদৰে কৈ তেওঁৰ দুচকুত চকুৰ পানীৰে ভৰি পৰিছিল। মই ক'লো- হয়! আপুনি ঠিকেই ধৰিছে। কিন্তু আপুনি এনেদৰে ইয়াত যে?মই তেঁওক সুধিলোঁ। তেওঁ তেতিয়া মোক কান্দি কান্দি সকলো কথা বিৱৰি ক'লে যে__ "মই পাহীক বহুত ভাল পাইছিলোঁ আৰু দুয়ো দুয়োকে নিজৰ কৰি লোৱাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। তুমি কলিকতালৈ যোৱাৰ পিছত তাই বৰ অকলশৰীয়া হৈ পৰিছিল আৰু আমাৰ এই সম্পৰ্কৰ কথা দুয়োখন ঘৰেই মানি লৈছিল। হঠাৎ এদিন মোৰ শ্বিলংলৈ ট্ৰান্সস্ফাৰ হৈছিল মই হঠাৎ যাবলগীয়া হোৱাত মই তাইক ফোন কৰি জনাইছিলোঁ আৰু তাইয়ো বুজি পাইছিল আৰু মইয়ো এনেদৰেই গুচি গ'লোঁ। এনেদৰেই আমি দুয়ো ফোনযোগে খা-খবৰ লৈ থাকো । এনেদৰে কিছুদিন পিছত হঠাৎ এদিন তাই মোক ফোন কৰি জনালে যে তাই মোৰ লগত বিয়াত বহিব নোৱাৰে। মই আচৰিত হৈ গলোঁ! হঠাৎ তাইৰ কি হ'ল ? মই বহু চেষ্টা কৰিও কাৰণটো জানিব নোৱাৰিলোঁ ইফালে কৰ্মৰ পৰাও চুটি পোৱা নাছিলোঁ। মই কি কৰিম ভাবি পোৱা নাছিলোঁ। এনেদৰেই ১বছৰ পাৰ হৈ গ'ল। ১ বছৰ পিছত ঘৰলৈ আহি পিছদিনাই সিহঁতৰ ঘৰলৈ গ'লো আৰু গম পালো যে তাই আৰু এইখন পৃথিৱীত নাই! তাই ককায়েকক কোনোৱা দুবৃত্ত হাতত বন্দী হোৱাত তাই ককায়েকক বচাবলৈ গৈ নিজৰ সৰ্বোচ্চ শেষ কৰি পেলালে। তাই সেই মানৱৰূপী দানৱ সকলৰ বাবেই সমাজৰ বহুত ককৰ্থনা শুনিব লগীয়া হ'ল। সমাজে তাইক ঘৃণাৰ দৃষ্টিৰে চোৱাত অৱশেষত তাই আত্মহত্যাৰ পথ বাছি ল'লে।"____এই বুলি কৈ তেওঁ আকৌ কান্দিবলৈ ধৰিলে। আৰু মইয়ো সেই কথাবোৰ শুনি নিস্তব্ধ হৈ ৰৈ পৰিলোঁ ।
         
 ✍️জুনমনি বেগম
    মৰিগাওঁ অসম

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send