জীৱনবোধ-অনন্ত কুমাৰ ভূঞা

পংখী মৰাণ
0
দক্ষ জনৰো
লক্ষ্য ভ্ৰষ্ট হয় -----
অকালতে লুপ্ত হ'ব পাৰে
সুপ্ত প্ৰতিভা।
বহু প্ৰজাতি বিলুপ্তিৰ পথত
আমি সকলো নিৰ্লিপ্ত ----
পৰম্পৰাত চহকী হ'লে
সাংস্কৃতিক
আধাৰে গঢ় লয় অজানিতে।
তিলক পিন্ধিলেই
ধাৰ্ম্মিক বুলি ক'ব নোৱাৰি
সেইদৰে
স্বাৰ্থলোভী শিক্ষাই
ভুল বাৰ্ত্তা আনিব পাৰে ।
আন্ধাৰত 
প্ৰেতাত্মা বিচাৰি থকা
গৰ্হিত কৰ্ম্ম 
সেইয়া হ'ব নোৱাৰে মানৱীয় ধৰ্ম্ম।
অন্ধ বিশ্বাসত
বুৰ গৈ
অবিশ্বাসৰ মাজত 
ডুব যোৱাটো 
শুদ্ধ পথ নহয় 
এইয়া ৰোগগ্ৰস্ত মনৰ যন্ত্ৰণা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)