অন্য এক সিদ্ধান্ত- প্ৰতীম শইকীয়া

Aditi Tanti
0
“তুমি তোমাৰ মত সলনি কৰা মাজনী ৷ আমাৰ অবৰ্তমানত তুমি কেনেকৈ নিঃসঙ্গ জীৱনটো কটাবা ?”

শাহুমাকৰ কথা শুনি সদ্য বিধৱাৰ সাজযোৰ আঁকোৱালি লোৱা মানুহজনী দোধোৰ মোধোৰত পৰিল ৷ বহু গুণা-গঁথাৰ অন্তত তাই সিদ্ধান্ত ল’লে - “শাহু-শহুৰৰ ইচ্ছাক তাই সন্মতি জনাব ৷ কিন্তু তাই বিয়া হৈ সেই ঘৰ এৰি নাযায় , উপযুক্ত এজন পালে আদৰিহে ল’ব ৷”

তাইৰ সিদ্ধান্তই শাহু-শহুৰৰ মৰহি যোৱা সপোনটো আকৌ জীপাল কৰি তুলিলে ৷

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)