ভাৰতৰ চলচ্চিত্ৰ জগতৰ কিংবদন্তি দিলীপ কুমাৰৰ প্ৰসংগত একলম- বায়েজীদ বোস্তামী

বৃটিছ ভাৰতৰ পেচোয়াৰত ১৯২২ চনৰ ১১ ডিচেম্বৰত জন্ম গ্ৰহণকাৰী মোহাম্মদ ইউচুফ খান বোম্বাই চলচ্চিত্র জগতত আহি ‘দিলীপ কুমাৰ’ হৈ উঠাত যিবোৰ সামাজিক-সাংস্কৃতিক , মনোজাগতিক কেমিষ্ট্ৰিয়ে কাম কৰিছিল সেইয়া ৰীতিমতে এক গৱেষণাৰ বিষয়। কিন্তু অবিভক্ত ভাৰতৰ বলিউডত সেইজন দিলীপ কুমাৰৰ দৰে মহানায়ক গঢ়ি উঠাৰ পশ্চাদগামীতাত কাম কৰিছে তেখেতৰ অনবদ্য অভিনয় শক্তি তথা অসামান্য প্রতিভা। তেখেতৰ অসাধাৰণ অভিনয় সমৃদ্ধ ৪০-ৰ দশকত জোৱাৰ ভাটা, আন্দাজ, বাবুল ইত্যাদি। দর্শক নন্দিত এইবোৰ ছবিৰ মাজেদি বোম্বেৰ চলচ্চিত্র জগতখন নতুন উচ্চতালৈ গঢ়ি উঠে। ইয়াৰ পিছত ৫০ বছৰ ধৰি তেখেতৰ অগ্রযাত্রা কেতিয়াও স্থবিৰ হোৱা নাই। দীর্ঘ ৯৮ বছৰৰ বর্ণাঢ্য জীৱনৰ অন্তিম ক্ষণত উপমহাদেশৰ আটাইতকৈ জনপ্রিয় তাৰকাশিল্পী দিলীপ কুমাৰে যোৱা বুধবাৰে দিল্লীৰ এখন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৰ মাজেদি ভাৰতীয় চলচ্চিত্র জগতৰ আটাইতকৈ উজ্জ্বল অধ্যায়ৰ অৱসান ঘটিল। এইজনা মহানায়কৰ মৃত্যুত উপমহাদেশ ব্যাপি এক ধৰণৰ আলোড়নৰ সৃষ্টি হৈছে। ৰাষ্ট্রীয় সীমাৰেখা তথা ৰাজনৈতিক-সাংস্কৃতিক বিভাজন ৰেখা মচি দি ভাৰত, বাংলাদেশ আৰু পাকিস্তানৰ ৰাষ্ট্রনেতা, সাংস্কৃতিক কর্মী তথা সাধাৰণ মানুহে এই ট্র্যাজিক কিঙৰ মৃত্যুত শোকসন্তপ্ত তথা সশ্রদ্ধ প্রতিক্রিয়া ব্যক্ত কৰিছে। বিশ্ব গণমাধ্যমতো ভাৰতীয় চলচ্চিত্রত দিলীপ কুমাৰৰ অসামান্য অৱদানৰ কথা অকৃত্রিমভাৱে উঠি আহে। উপমহাদেশ আৰু বিশ্ব চলচ্চিত্রৰ ইতিহাসত তেখেত সদায় অমৰ হৈ থাকিব।

ভাৰত বিভক্ত হ'লেও দিলীপ কুমাৰৰ বিখ্যাত চলচ্চিত্রবোৰে উপমহাদেশৰ সকলো মানুহৰ মাজত সমান আবেগ আৰু আকর্ষণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। উপমহাদেশৰ দেশবোৰৰ মাজত বিদ্যমান ৰাজনৈতিক-সাংস্কৃতিক বিভেদ-বৈৰীতা তথা সম্পর্কৰ বাবে দিলীপ কুমাৰ যেন শান্তি আৰু সম্প্রীতি বন্ধনৰ ৰূপকাৰ হৈ উঠে। ভাৰত-পাকিস্তানৰ মাজত কাৰ্গিল যুদ্ধ অৱসানত দিলীপ কুমাৰৰ ভূমিকাৰ কথা জনা যায়। তেখেতৰ মৃত্যুত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীসহ ৰাজনৈতিক আৰু সাংস্কৃতিক অঙ্গনৰ প্রধান ব্যক্তিসকলে শোক প্রকাশ কৰিছে। তাৰ সমান্তৰালকৈ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খান আৰু বাংলাদেশৰ প্রধানমন্ত্রী শেখ হাচিনাইয়ো শোক তথা শ্রদ্ধা নিবেদন কৰিছে। বলিউডত আটাইবোৰ তাৰকাৰ শোকৰ প্রতিক্রিয়া গণমাধ্যমত প্ৰকাশ পাইছে। শ্বাহৰুখ খানৰ সৈতে দিলীপ কুমাৰ আৰু তেখেতৰ স্ত্রী ছাইৰা বানুৰ সৈতে সম্পর্ক আছিল পিতা-পুত্রৰ দৰে গভীৰ। দিলীপ কুমাৰৰ মৃত্যুৰ খবৰ শুনি ভাৰতীয় চলচ্চিত্রৰ আন এজন কিংবদন্তি অভিনেতা অমিতাভ বচ্চনে নিজৰ জীৱনত দিলীপ কুমাৰৰ প্রভাৱ সম্পর্কে সবিস্তাৰে লিখে। দিলীপ কুমাৰৰ অটোগ্রাফৰ বাবে বছৰ বছৰ ধৰি অপেক্ষাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অমিতাভে। দিলীপ কুমাৰৰ অন্ধভক্ত আৰু পিতৃতুল্য জ্ঞান কৰি তেখেতক অমিতাভ বচ্চনে নায়কৰ নায়ক বুলি অভিহিত কৰিছে। ৮ বাৰ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ, দাদাচাহেব ফালকে পুৰস্কাৰ, ভাৰতৰ সর্বোচ্চ বে-সামৰিক খিতাপ পদ্মভূষণ, পদ্মবিভূষণ আৰু পাকিস্তানে নিশান-ই-ইমতিয়াজ খিতাপেৰে ভূষিত হৈছিল দিলীপ কুমাৰ। বাংলাদেশতো অসাধাৰণ জনপ্রিয়তা আছিল দিলীপ কুমাৰৰ। ১৯৯৫ চনত তেখেতে যেতিয়া ঢাকা অভিমুখে যাত্ৰা কৰিছিল, সাংস্কৃতিক কর্মী সকলৰ ওচৰা ওচৰি হাজাৰ হাজাৰ মানুহৰ যান-জঁটত প্রমাণিত হৈছিল এই দেশত তেখেতে কিমান জনপ্রিয়তা অৰ্জন কৰিছিল।

দিলীপ কুমাৰৰ মৃত্যু হোৱাটো সাধাৰণ বিষয় নহয়। আটাইবোৰ ৰাজনৈতিক-সাংস্কৃতিক বিভাজনক পিছ পেলাই বিগত ৭ দশক ধৰি তেখেত ভাৰত, পাকিস্তান তথা বাংলাদেশত এটি সাংস্কৃতিক ঐক্যৰ সেতুবন্ধন হৈ উঠিছিল। মৃত্যুৰ পিছত আন এবাৰ সেয়া স্পষ্টভাৱে ধৰা পৰিল। তেখেতৰ অসামান্য ব্যক্তিত্ব, জনপ্রতিজ্ঞাৰ প্ৰভাৱত ভাৰতৰ কিছুমান হিন্দুত্ববাদী হিংসুকৰ ভাল লগা নাছিল। তেওঁলোকে দিলীপ কুমাৰক মিথ্যা অপবাদ দিবলৈয়ো পিছুৱাই থকা নাই। অথচ আমি স্মৰণ কৰিব পাৰো, দিলীপ কুমাৰ যেতিয়া ৰাজ্যসভাত মহাৰাষ্ট্রৰ পৰা ভাৰতীয় জাতীয় কংগ্রেছত সদস্য নির্বাচিত হৈছিল তেতিয়া ভাৰতৰ প্রধানমন্ত্রী বিজেপি নেতা অটলবিহাৰী বাজপেয়ীৰ সৈতে দিলীপ কুমাৰৰ প্রগাঢ় বন্ধুত্ব আছিল। প্রায় ৮০ বছৰ ধৰি ভাৰতীয় চলচ্চিত্র জগতত নক্ষত্রৰ দৰে প্রোজ্জ্বল থকা স্বত্বেও তেখেতে কেতিয়াও সাম্প্রদায়িকতাত অভিযুক্ত হোৱা নাছিল। যদিও তেখেতৰ মুছলমান আত্মপৰিচয়ৰ কাৰণে বিভিন্ন সময়ত একশ্রেণীৰ ধর্মান্ধ, বর্ণবাদী হিন্দুসকলে তেখেতক আক্রমণ কৰাৰ পৰা আঁতৰা নাছিল। তেওঁলোকে বিদ্বেষৰ পৰিচয় দিলেও ভাৰতৰ অধিকাংশ মানুহে তেখেতক এক বিৰল মহৎপ্রাণ ব্যক্তি হিচাপেই জ্ঞান কৰিছিল। দিলীপ কুমাৰৰ অন্তিম মূহুৰ্ততো ধর্মেন্দ্রৰ দৰে অনেকেই মানসিকভাৱে ভাগি পৰে। ভাৰতীয় পত্র-পত্রিকাৰ পৃষ্ঠাবোৰ এনে অসংখ্য আবেদনময় প্রতিবেদনবোৰ প্ৰকাশ পাইছে। এয়াই বাস্তৱ। সাম্প্রদায়িকতা, হীনমন্যতাই কেতিয়াও মহত্ব তথা সম্প্রীতিক গ্রাস কৰিব নোৱাৰে। ৮ জুলাই তাৰিখে নিউয়র্ক টাইমচ পত্রিকাত প্রকাশিত প্রতিবেদনত দিলীপ কুমাৰক ভাৰতীয় চলচ্চিত্রত প্রথম ৰিয়েলিষ্টিক ধাৰাত উন্নীত কৰাৰ কৃতিত্ব দিছে। সাংস্কৃতিক জগতত সাম্প্রদায়িকতা, বর্ণবাদী বৈষম্য তথা হিংসাৰ কোনো স্থান নাই; দিলীপ কুমাৰে তেখেতৰ গোটেই জীৱনব্যাপি তাৰ প্রমাণ দিছে। এজন ধার্মিক, নীতিনিষ্ঠ মুছলমান হিচাপেও তেখেত খ্যাতিমান আছিল। দিলীপ কুমাৰৰ দৰে এনে ভাৰ্চেটাইল ব্যক্তিত্ব উপমহাদেশৰ আন ক'তো পোৱা নাযায়। কেৱল অসামান্য অভিনয় শিল্পী হিচাপেই নহয়, এজন প্রজ্ঞাৱান তথা মানৱতাবাদী মানুহ হিচাপেও তেখেতৰ অৱদান চিৰ স্মৰণীয় হৈ ৰ'ব। তেনে সময়ত তেখেতৰ চিৰবিদায় উপমহাদেশৰ শান্তিকামী মানুহৰ বাবে অপূৰণীয় ক্ষতি। ট্র্র্যাজিক কিঙৰ মৃত্যুতো আমি মর্মাহত। শেষত তেখেতৰ বিদেহী আত্মাৰ অনন্ত শান্তি কামনা কৰো।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send