কেনেকৈ পাহৰোঁ
মূল শ্ৰোতাৰ লগত চিনাকি
কৰিবলৈ মন নাযায়,
হ'বলৈ নোৱাৰিলো হেজাৰ জনতাৰ মুগ্ধ,
কণ্ঠৰে জয় কৰিম বুলি ?
কবিতা বোৰ পাথৰৰ দৰে,
চেপিলেও ৰস নোলায়।
সকলো বোৰ অতীত
নোৱাৰো!
চুলেপ্ৰধোমৰ দৰে উজাগৰী কবিতা লিখিবলৈ--------
ন'হলো প্ৰেম প্ৰত্যাহ্বানৰ প্ৰেমিক !
হৃদয় মননৰ মাজত
বিচাৰি পাওঁ
বিষাদৰ সুন্দৰ ছবি ।
উকা প্ৰেমৰ কবিতা লিখাৰ অভ্যাস নাই, সুখত বা দুখত আহে যন্ত্ৰণা!
ভালপোৱাৰ পথেৰে
কেতিয়াবা ভাগৰি যাওঁ তেতিয়াই
ৰিপভান উইংকলৰ দৰে
শুই পৰিব মন,
জীয়াই থকা সময় খিনি
হঠাৎ একোৱেই ভাবিব নোৱাৰি,
মধ্য হৃদয় খহি গৈছে
মহামাৰী ৰোগৰ দৰে,
দণ্ডিৰ দৰে হব নোৱাৰি
নব-নিপিটি ন'হল আশা !
চিৰাল ফটাৰ ৰদত বননিৰ খিনি........
পুই চাই হৈ ৰ'ল ,
যোৰ গতিপথত দুৰ্পাক
স্বৰ্গ লৈ ৰাওনা হ'লেও দুৰ্গত,
ঋনী হৈ ৰ'ম সমাজৰ মাজত,
দুৰ্দান্ত প্ৰতাপচ্যুত
বিলীন হৈ যাম পৃথিৱীৰ মাজত ।
✍️দীপজ্যোতি বৰদলৈ
মৰিগাঁও, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ