মোৰ গাঁও মোৰ মানুহ এজন দুঃসাহসিক পিতৃৰ আত্ম কথা -চুমিন্দ্ৰ চৌধুৰী

তিনিজন নলে গলে লগা বন্ধু দিনটোৰ কৰ্ম ব্যস্ততাৰ অন্তত সদায়েই সন্ধিয়া মংগলদৈৰ পৰা কুৰুৱালৈ অহা বাছখন মৰমীচ'ক পোৱাৰ পাছতে লগালগি হয় ৷  তিনিজন বন্ধুৰ মাজৰে এজনৰ আকৌ মৰমীচ'কৰ নৰকান্ত দাদাহঁতৰ ঘৰৰ কাষত এখন গেলামালৰ দোকান আছিল ৷ সেই দোকানখনতে জাৰ জহ প্ৰায় সকলো দিনতে বন্ধু তিনিজনে সন্ধিয়াৰ পৰা মাজৰাতি পৰ্যন্ত কথাৰ মহলা মাৰে ৷ গাঁওবাসী শুই নিহপালি দিলে তেওঁলোক ঘৰাঘৰি উভতি যায় ৷
১৯৮৭ চনৰ এটা পুহমহীয়া জোনাক ৰাতিৰ কথা ৷ সেই নিশা প্ৰায় দহমান বজাত মৰমী চকৰ সেই বিশেষ দোকানখনৰ  আড্ডা আধাতে সামৰি এজন বন্ধু ঘৰলৈ বুলি উভতিল ৷ মানুহজন আহি দূৰ্গা পূজা মণ্ডপৰ পিছফালে থকা কুৰুৱা পশু চিকিৎসাকেন্দ্ৰটোৰ কাষৰ কৃষ্ণচূড়া ডালৰ তল পাওঁতেই কিছু দূৰৈত এটা সৰু শিশুৰ কান্দোনৰ শব্দ শুনিবলৈ পালে ৷ মানুহজন আহি কুৰুৱা এম ভি স্কুলৰ ওচৰ চপাত সেই কান্দোন স্কুলখনৰ উত্তৰ দিশৰ নৱ নিৰ্মিত ভবনটোৰ পৰা ভাঁহি অহাৰ উমান পালে ৷  উচুপি উচুপি কন্দাৰ শব্দ শুনি মানুহজনে কোনোবা সৰু ল'ৰা সন্ধিয়া খেল ধেমালি কৰি শ্ৰেণী কোঠাৰ মাজত আবদ্ধ হৈ ৰ'ল বুলি সন্দেহ কৰি স্কুলৰ প্ৰাংগনত উপস্থিত হ'ল ৷ সেই শীতৰ মাজনিশা পুণি জৰাজীৰ্ণ বিদ্যালয়খনৰ নৱ নিৰ্মিত শ্ৰেণী কোঠা সমূহৰ দুৱাৰত তলা উলমি থকা দেখি মানুহ জনে কোনে কান্দি আছ' ঐ বুলি চিঞৰি চিঞৰি মাতিলে ৷ কেইবাবাৰো মতাৰ পাছত কোনো উত্তৰ নাপাই  মানুহজন বিভ্ৰান্ত হৈ স্কুলৰ প্ৰাংগনৰ পৰা ওলাই  আহোঁতেই শ্ৰেণী কোঠা এটাৰ টেবুল এখনত কোনোবাই বহুত জোৰে ভুকুৱাই দিলে ৷ মাজনিশাৰ নিতাল নিস্তব্ধতাৰ মাজতে সেই ভয়ংকৰ শব্দত স্কুলখনৰ পুৰনি ভবনটোৰ পৰা কেইটামান নিশাচৰ চৰাই ধপধপাই উৰি গৈছিল ৷ লোমহৰ্ষক ঘটনাটোৰ পাছত মানুহজন সেই পুহমহীয়া ঠেটুৱৈ ধৰা জাৰতো  জ্বৰ ঘমাদি ঘামিছিল  ৷ তথাপিও তেওঁ বুকু ডাঠ কৰি শ্ৰীকৃষ্ণৰ অষ্টোত্তৰ শত নামখনকে পাঠ কৰি কৰি ঘৰলৈ বুলি  খোজ ধৰিছিল ৷ ভিতিবিহ্বল হৈ ঘৰত সোমাইয়েই তেওঁ এচিকতা নিমখ মুখতলৈ ঘৰৰ সকলোকে হৈ যোৱা ঘটনাটোৰ কথা কোৱাৰ পাছত সকলো সন্ত্ৰাসিত হৈ পৰিছিল । 
     সেই দুৰ্দান্ত আৰু দুঃসাহসিক মানুহজন আছিল মোৰ জীৱনৰ আদৰ্শ , প্ৰিয় বন্ধু , বাস্তৱৰ নায়ক,  মাৰ্গদৰ্শক, তথা নমস্য গুৰু মোৰ মৰমৰ দেউতা স্বৰ্গীয় ব্যোমকেশ চৌধুৰী ওৰফে কাবুল মাষ্টৰ ওৰফে বাঘেখোৱা মাষ্টৰ ৷ দেউতাৰ নলেগলে লগা অন্তৰংগ বন্ধূ দুজন আছিল দেউতাৰ সহশিক্ষক  ৺বিশ্ব শইকীয়া আৰু আনজন মোৰ শৈশৱৰ দ্ৰোণাচাৰ্য্য ৺ডম্বৰুধৰ দাস ৷
মোৰ দেউতা কুৰুৱাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল ৷ কুৰুৱাবাসীৰ বাবে দেউতা এজন সুদক্ষ, খঙাল আৰু  ছাএ-ছাত্রীৰ প্ৰিয়ভাজন শিক্ষক হিছাপে  পৰিচিত আছিল ৷  দেউতাৰ বেতৰ কোবৰ পৰা ৰক্ষা পাবলৈ কিছুমানে চোলাৰ তলত তামোলৰ ঢকুৱা পিন্ধি অহা ঘটনাও ঘটিছিল ৷ কিন্ত দেউতাৰ সেইসকল ছাত্ৰ আজিৰ সমাজত সুপ্ৰতিস্থিত ডাক্তৰ, ইন্জিনীয়াৰ, অধিবক্তা আৰু আমোলা বিষয়াৰ পদবীত কৰ্মৰত হৈ আছে ৷ দেউতাই সেই সকল ছাত্ৰৰ সফলতাক বুকু ফিন্দাই আমাৰ লগতে আনক কৈ তৃপ্তি পাইছিল ৷ পৰীক্ষাৰ সময়ত যাতে মাচুলৰ নামত কোনো ল'ৰা ছোৱালী পৰীক্ষাৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি দেউতাই সদায়েই নজৰ ৰাখিছিল আৰু পাৰ্য্যমানে সহায় কৰিছিল ৷ আমাকো দেউতাই বিপদৰ সময়ত সদায়েই মানুহক নিজৰ শক্তি সামৰ্থ্য অনুসৰি সহায় কৰিব উপদেশ দিছিল ৷ চুবুৰীয়া আৰু চিনাকী কাৰোবাৰ ল'ৰা-ছোৱালীয়ে মেট্ৰিক বা প্ৰৱেশিকা পৰীক্ষা দিবলৈ ওলালে দেউতাই পৰীক্ষাৰ ফলাফল ওলোৱা পৰ্যন্ত খবৰ বাতৰিলৈ উৎসাহিত কৰি ভাল পাইছিল ৷ এই খিনিতে দেউতাৰ এজন দুৰ্ভগীয়া তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰৰ কথা উল্লেখ কৰিব বিচাৰিম ৷ যি জনৰ দুৰ্ভাগ্যৰ কথা সোঁৱৰি দেউতাই প্ৰায়েই দুখ কৰিছিল ৷ সেই জন আছিল বাপন দাস ওৰফে বনৰীয়া বাপন ৷ মেধাসম্পন্ন সেই বাপন নামৰ ছাত্ৰজনে এবাৰ স্কুল খটি কৰি শিয়াল ধৰিব যোৱাৰ বাবে দেউতাই বেতৰ কোব দি কলাফুল উখহাই পেলাইছিল ৷ দেউতাৰ শাস্তিত বাপনে দেউতাৰ ভৰিত ধৰি ভবিষ্যতে ভাল হম বুলি শপত খাইছিল ৷ তাৰ পাছত সেইজন বাপন দাস  পঢ়াশালি প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সদায়েই প্ৰথম স্থান দখল কৰি গৈছিল ৷ কিন্ত দুৰ্ভাগ্যবশত সেই বাপন দাস মানসিক বিকাৰগ্ৰস্ত হ'ল আৰু কোনোদিনেই সুস্থ হৈ নুঠিল ৷ শৈশৱৰ বনৰীয়া বাপনজনে মানসিক ভাৰসাম্য হেৰুৱাই এজন  সচাঁকৈয়ে বনৰীয়া মানুহ হৈ পৰিল৷ দেউতাৰ মৰমৰ ছাত্ৰ বনৰীয়া বাপনৰ সন্যাসীৰ বেশৰ ছবিখনে মাজে সময়ে মোকো আমনি কৰে ৷
১৯৫৬ চনৰ আহিন মাহৰ এটা অভিশপ্ত দিনৰ কথা আজি অৱগত কৰাব বিচাৰিম আপোনালোকক ৷ সেই সময়ত  নাগৰিক সকলে পোহনীয়া গৰু,মহ আৰু হাতীৰ খাজনা দিব লাগিছিল ৷ তেতিয়া মোৰ ককা দেউতা ৺ গংগাধৰ চৌধুৰীৰ পাছত দেউতা আছিল মৌজাৰ খাজানাদাৰ ৷
      সেই অভিশপ্ত দিনটোতেই ওপৰ কুৰুৱাৰ থানৰ ঘাটৰ বেতনিখিনিত এটা ঢেঁকীয়াপতীয়া  ৰাইজৰ দৃষ্টিগোচৰ হ'ল ৷ বাঘটো মাৰিবৰ কাৰণে ৰাইজে চাৰিওফালে বেতৰ জাৰণিখন বেৰি ধৰিছিল ৷ ককাদেউতাৰ পুৰণি বন্ধুকখন লৈ সেই সময়ৰ  কুৰুৱাৰ বিখ্যাত চিকাৰী মোৰ সম্পৰ্কীয় বৰদেউতা ৺দীনকান্ত চৌধুৰী ওৰফে ফকৌ চৌধুৰীয়েও এডাল গছৰ ওপৰত উঠি খাপপিতি আছিল ৷ দেউতাই খাজনা তুলি আহি বাঘ থানৰ ঘাটত বাঘ ওলোৱা খবৰ পাই কাছ মাৰা যাঠি এপাটকে হাতত লৈ বেতৰ জাৰণিখনৰ মাজলৈ সোমাই গ'ল ৷ কিন্ত দুৰ্ভাগ্যবশত পোৱালিৰ সতে চোপপিতি থকা এজনী বাঘিনী দেউতাৰ গাৰ ওপৰত জপিয়াই পৰিল ৷ অপ্ৰত্যাশিত অতৰ্কিত আক্রমণত দেউতা আৰু বাঘিনীজনী তীব্ৰ ডবৰা ডবৰি লাগি পৰিছিল ৷ ঘটনাটো ঘটাৰ লগে লগে ৰাইজৰ মাজত হুৱাদুৱা লাগি পৰিছিল ৷ কিংকৰ্তব্যবিমোৰ হৈ ফকৌ বৰদেউতাইয়ো শুন্যতে কেইবা জাই গুলী ফুটাই দিয়াত বাঘিনীজনী অৱশেষত পলাই গৈছিল ৷ অৱশেষত  ৰাইজে জাৰণিখনৰ  মাজৰ পৰা দেউতাক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি লগে লগে ঘাট নাৱেৰে গুৱাহাটীলৈ লৈ আহিছিল ৷ কিন্ত গুৱাহাটীত হাস্পতালৰ সুবিধা নথকাৰ বাবে সেই সময়ত শ্বিলঙত থকা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰবাৰ্ট হাস্পাতালখনলৈ দেউতাক প্ৰেৰণ কৰা হৈছিল ৷ দেউতাৰ মামাক আৰু মহাকসকল সেই সময়ত প্ৰতিপত্তিশীল আৰু প্ৰতিস্থিত ব্যক্তি আছিল ৷ দেউতাৰ মোমায়েক সেই সময়ৰ নাগালেণ্ডৰ গৱৰ্ণৰ সচিব ৺ ভীমশেখৰ বৰুৱা ( এজন সুদক্ষ লেখক আৰু চিকাৰী ) , ৺লক্ষী শেখৰ বৰুৱা ( অসমৰ প্ৰথম জন ঘড়ীৰ মেকানিক) , সেই সময়ৰ নগাঁৱৰ উপায়ুক্ত ৺ খনীন চন্দ্ৰ বৰুৱা, আৰু মোমায়েক গুৱাহাটীৰ বিশিষ্ট ব্যবসায়ী ৺ গিৰিজানন্দ চৌধুৰী( শ্ৰীমন্তশঙ্কৰ একাডেমীৰ স্বত্বাধিকাৰ)ৰ তত্বাৱধানত ছয় বছৰ ধৰি চলা চিকিৎসাৰ অন্তত দেউতা সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিছিল ৷ কিন্ত সেই সময়ৰ প্ৰযুক্তিগত চিকিৎসাৰ অভাৱত দেউতাৰ বাওঁহাতখন সম্পূৰ্ণভাৱে চিৰকালৰ বাবে অকামিলা হৈ পৰিল ৷ 
     দেউতাই কোনো দিনেই নিজৰ শাৰীৰিক অক্ষমতাৰ বাবে কাৰো পুতৌৰ পাত্ৰ হোৱাটো নিবিচাৰিছিল ৷ মৃত্যুৰ আগমুহূৰ্তলৈ এখন হাতেৰেই নিজৰ কাপোৰ নিজেই ধুই পিন্ধিছিল ৷ এখন হাতেৰে ৫০ কিলোমিটাৰ পৰ্য্যন্ত চাইকেল চলাই কুৰুৱাৰ পৰা মংগলদৈলৈ অহা যোৱা কৰিছিল, কুঠাৰেৰ খৰি ফালিছিল, পৰঙি জাল মাৰি মাছ ধৰিছিল ৷ গা ধোৱা, খোৱা বোৱা, সাজপোচাক , পুৱা গধূলি নাম প্ৰসংগ কৰা আদি সকলোতে নিয়মানুৱৰ্তিতা মানি চলিছিল ৷ পঢ়াৰ ক্ষেত্ৰত নিজৰ পৰৰ সকলোকে সমানে শাসন কৰিছিল ৷ পঢ়াই থাকিলে দেউতাৰ এহতীয়া চৰে গালত দাগ বহুৱাই তোলা আজিও মোৰ লগতে বহুতৰ স্মৃতিৰ মণিকোঠাত সজীৱ হৈয়েই আছে ৷
বমনৰ পথাৰলৈ যোৱাৰ পথত বুঢ়া গোসাঁই থানৰ পদুম ফুলৰ খালটোৰ সিপাৰে বাঘে গৰু চিকাৰ কৰা প্ৰত্যক্ষ কৰা, শীতৰ পুৱা লুইতত গা ধুবলৈ গৈ গড়ৰ সতে মুখামুমি হোৱা অনেক ঘটনা পৰিঘটনাৰ অভিজ্ঞতা দেউতাৰ হৈছিল ৷ কবলৈ গলে এলানি কাহিনী হ'ব ৷ 
দূৰ্দান্ত সাহসী আৰু পৰিশ্ৰমী হোৱাৰ বাবে বহু গাওঁবাসীয়ে দেউতাক বাঘেখোৱা মাষ্টৰ আৰু আমাক বাঘেখোৱাৰ চলি বুলিও সম্বোধন কৰিছিল ৷ আমাক কোনোবাই বাঘেখোৱাৰ চলি বুলি সম্বোধন কৰিলে বেয়া নাপাওঁ বৰঞ্চ  নিজকে গৌৰৱান্বিত বোধ কৰো ৷ দেউতাৰ অনন্য পৰিচয়েই আমাৰ সাফল্যতাৰ আনুপ্ৰেৰণা আৰু সঞ্জীৱনী মন্ত্র ৷ দেউতাই সদায়েই মোক শিকাইছিল "জননী জন্মভূমি স্বৰ্গদৰ্পী গৰীয়সী " ৷
২০১৬ চনৰ ৮ জুলাই তাৰিখে মোৰ মৰমৰ দেউতাই বিৰানব্বৈ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে  ৷ দেউতাৰ পাৰ্থিব শৰীৰৰ নাই কিন্ত দেউতাৰ আত্মা আজিও মোৰ সমীপতেই আছে ৷ বিপদে আপদে আজিও দেউতাৰ কাল্পনিক কায়াৰ সতে কথা পাতো, অভিমান কৰো আৰু আশীৰ্বাদ আৰু উপদেশ বিচাৰো ৷ মোৰ দেউতাৰ আত্মৰ সদগতিৰ কাৰণে নিতৌ ভগৱানক প্ৰাৰ্থনা কৰো ৷ 

মোৰ গাঁৱৰ  অখ্যাত লোক সকলে এৰিথৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ অনুপ্ৰেৰণা পাই তাৰেই কামনাৰে আজিলৈ সামৰিছো ৷

✍️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send