এখনি স্মৃতিভৰা ছবি
মাধুৰি মাধুৰি তোমাৰ ওঁঠৰ হাঁহিটোয়ে সঁচাই মোক পগলা কৰে
দুটি ওঁঠৰ হৃদয়ৰ ৰং যেন এক শব্দৰ আলোড়ন
কাজল সিঁচা দুচকুৰ পাৰবন্ধা ভালপোৱাৰ
এক অলৌকিক শিহৰণ
তোমাৰ সুবাসিত দুগালত ওঁঠৰ স্পৰ্শই
আলিংগন বুলাই মনৰ কাৰেঙত।
দুবাহুত দুবাহু আঁকি গোটেই জীৱন কাষত ৰম তোমাৰ লগৰী হৈ..
মাথোঁ অপেক্ষা ..........তোমাৰ এটি সঁহাৰিৰ।
নীলিমতাৰ শুক্ল আকাশত উৰি ফুৰা
আমিবোৰ মুক্ত পক্ষী
উপভোগ কৰোঁ আহা দুয়ো মিলি
যৌৱনৰ উন্মুক্ত বৰষুণজাকি ।
হৃদয়ৰ প্ৰতিটো কোণে কোণে তোমাৰ ছবি
নাজানো কিয় হৈ পৰিছা
তুমি ব্যাকুলতাৰ স্মৃতি ৷