কটন বিশ্ববিদ্যালয়
তোমাৰ ছত্ৰছায়াত বহি
কিমানজনৰ উজ্জ্বলিল জীৱন।
শত যুগ যুগান্তৰ ঋতু জুৰি
তোমাৰ বুকুতেই সৃষ্টি
অগণন অনাদ্য প্ৰজ্ঞা
হে কটন বিশ্ববিদ্যালয়।
হে আলোকৰ চাকি তোমাক
শত শত কোটি প্ৰণাম
তোমাৰ প্ৰতি আছে
সহস্ৰজনৰ অজস্ৰ সন্মান।
তোমাকেই বুকুত বান্ধি লৈ
কিমান কল্পনা, উন্মাদনা
শত শত ছাত্ৰ-ছাত্ৰীৰ
তুমি দিলা অযুত সম্ভাৱনা।
সকলোৱে কৰোঁ তোমাৰ
যুগমীয়া প্ৰাৰ্থনা
হে কটন বিশ্ববিদ্যালয়
জনাইছোঁ তোমাক কৃতজ্ঞতা।
যিদিনা আমি নেথাকিম
তুমি থাকিবা সিদিনা
আলোকৰ চাকি হৈ জিলিকিবা
বিশ্বত জিলিকিব তোমাৰ মান।
তুমি গৌৰৱেৰে ক’বা
মই আলোকৰ চাকি
মই স্বনামধন্য, সুবিখ্যাত
মই কটন বিশ্ববিদ্যালয়।
✍️অধিবক্তা আব্দুল হাই (ছাত্ৰ আইন বিভাগ কটন বিশ্ববিদ্যালয়)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ