এটি সপোন-বৰ্ণালী গগৈ

সপোনবোৰে আশাৰ ৰেঙণি মেলিছিলহে মাত্ৰ
হঠাতে ধুমুহা জাকৰ আগলি বতৰা
বতৰটোও মন গোমা কৰিছে
হয়তো সপোনবোৰ থানবান হোৱাৰ
এয়া ইংগিত ।
পোৱা নোপোৱাৰ দোমোজাত 
ৰৈ গৈছে এটি সম্পৰ্ক
কোনেও নাজানে এই সম্পৰ্কৰ
পৰিণাম কি হ'ব
পূৰ হ'ব নে এই সপোনবোৰ
নে ধুমুহাজাকে থানবান
কৰিব সম্পৰ্কটি ??
বহু হেঁপাহ আছিল
সপোনবোৰ পূৰ কৰাৰ
যদিহে ভগৱানে বিচাৰে
আকৌ দীপালী হ'ব এই সম্পৰ্ক ।। 

✍️ বৰ্ণালী গগৈ
                     

Post a Comment

Previous Post Next Post