মাইগ্ৰেন কি আৰু ইয়াৰ প্ৰতিকাৰ-ডাঃ মুকুল শৰ্মা

অসমীয়া সাহিত্যৰ চানেকি
0
মাইগ্ৰেন কি? ইয়াৰ প্ৰতিকাৰ কি কি তলত এটা তথ্য যুগুতাই দিলোঁ.... 

 
পৃথিৱীৰ সকলো মানুহে নিজৰ জীৱন কালত কিবা নহয় কিবা কাৰণত মূৰৰ বিষত আক্ৰান্ত হোৱাতো স্বাভাৱিক। আধুনিক চিকিৎসা বিজ্ঞানত মূৰৰ বিষক পাঁচটা ভাগত ভাগ কৰা হৈছে। যেনে- Tension headache, migraine headache , cluster headache, sinus headache আৰু hormonal headache. তলত মাইগ্ৰেইনৰ মূৰৰ বিষৰ ওপৰত কিছু কথা আগবঢ়োৱা হ'ল। 

#অৱলোকন:- মাইগ্ৰেইন হ'ল মগজুৰ এটা ফালে আৰু  কেতিয়াবা গোটেই মগজুতে হোৱা এটা কম্পন বা স্পন্দনযুক্ত মূৰৰ বিষ। সাধাৰণতে মাইগ্ৰেইন হ'লে মানুহ জনৰ মূৰৰ বিষৰ লগতে বমি বমি ভাব, কেতিয়াবা বমি, পোহৰ, শব্দ আৰু কেতিয়াবা গোন্ধৰ প্ৰতি অসংবেদনশীলতা বা সহ্য কৰিব নোৱাৰা ইত্যাদি লক্ষণসমূহো লগতে দেখা যায়। মাইগ্ৰেইন হোৱাৰ আগত বা মাইগ্ৰেইন হোৱাৰ সময়ত আমাৰ শৰীৰত কিছুমান বিপদৰ আগজাননীযুক্ত লক্ষণ (ইংৰাজীত aura বুলি কোৱা হয়) দেখা যায়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল চকুৰ সন্মুখত চকমকীয়া তৰংগ সদৃশ পোহৰ দেখা, চকুৰে ধোঁৱা - কোৱা দেখা, মূখ বা ভৰি - হাতৰ এটা ফালে জিন্‌জিননি হোৱা, অভোক অভোক লগা ইত্যাদি। 

#লক্ষণ:- মাইগ্ৰেইন সাধাৰণতে শিশু বা যৌৱন বা প্ৰাক্‌ প্ৰাপ্তবয়স্ক বয়সত আৰম্ভ হোৱা দেখা যায়। মাইগ্ৰেইনত চাৰিটা পৰ্য্যায় (stage) দেখা যায় । অৱশ্যে সকলোৰে ক্ষেত্ৰত চাৰিওটা পৰ্য্যায় দেখা নিদিবও পাৰে। পৰ্য্যায় কেইটা হ'ল----
১)পূৰ্ব লক্ষণ :- মাইগ্ৰেইন হোৱাৰ এদিন বা দুদিন আগত কিছুমান লক্ষণ দেখা যায়। এই লক্ষণসমূহক পূৰ্ব লক্ষণ বুলি কোৱা হয়। যেনে--- 
*কোষ্ঠকাঠিন্যতা

*মানুহজনৰ মানসিক স্থিতিৰ পৰিৱৰ্তন যেনে - কেতিয়াবা খুব বিষন্ন (depressed) আৰু কেতিয়াবা খুব উৎসাহী (euphoric) হোৱা দেখা যায়। 

*ডিঙিৰ জড়তা যাৰ ফলত ডিঙিটো লৰচৰ কৰাত অসুবিধা হয়।
 
*ভোজনৰ প্ৰতি অধিক লালায়িত হোৱা। 

*খুব পিয়াহ লাগিব আৰু অধিক প্ৰস্বাব হ'ব। 

*সঘনাই হামি আহিব। 

২)আগজাননীযুক্ত লক্ষণ বা aura:-  মাইগ্ৰেইনৰ আগত বা মাইগ্ৰেইনৰ মূৰৰ বিষ হৈ থকা সময়ত এই লক্ষণসমূহ দেখা যায়। বেছিভাগ মানুহ এই আগজাননীযুক্ত লক্ষণসমূহৰ অবিহনে মাইগ্ৰেইনত আক্ৰান্ত হোৱা দেখা যায়। এই আগজাননীযুক্ত লক্ষণসমূহ উভয় সংবেদী আৰু চালক স্নায়ুৰ লগত জড়িত। এই লক্ষণসমূহৰ ভিতৰত চকুৰে দেখাত অসুবিধা হোৱা, চকুৰ আগত তৰংগযুক্ত বা চকমকীয়া পোহৰ দেখা, চকুৰে অস্পষ্টকৈ দেখা, কথা কোৱাত অসুবিধা হোৱা, মাংসপেশীৰ দুৰ্বলতা বা কোনোবাই যেন মানুহজনক স্পৰ্শ কৰি আছে তেনে অনুভৱ হয়। এই লক্ষণসমূহ সাধাৰণতে লাহে লাহে আৰম্ভ হৈ কেইবা মিনিটৰ ভিতৰত আগবাঢ়ি গৈ পূৰ্ণৰূপ পায়। সাধাৰণতে ২০ ৰ পৰা ৬০ মিনিটমান সময় ধৰি থাকে। অন্য লক্ষণসমূহ হ'ল--
*দৃষ্টিশক্তি সম্পৰ্কীয় লক্ষণ, যেনে - চকুৰে দেখা বস্তুবিলাক বিভিন্ন আকৃতিৰ হ'ব পাৰে, উজ্জ্বল আৰু চকমকীয়া পোহৰ দেখা ইত্যাদি। 

*ক্ষন্তেকীয়া সময়ৰ বাবে দৃষ্টিশক্তি লোপ পোৱা। 

*ভৰি আৰু হাতত বেজীয়ে বিন্ধাৰ নিচিনা অনুভৱ। 

*মুখ বা দেহৰ এটা ফালে দুৰ্বলতা বা অৱশতা। 

*কথা ক'বলৈ অনিচ্ছা কৰা। 

*কাণেৰে বিভিন্ন ধৰণৰ শব্দ শুনা

*অনিয়ন্ত্ৰিত কম্পন ইত্যাদি।
 
 কেতিয়াবা এই লক্ষণসমূহৰ লগত হোৱা মাইগ্ৰেইনৰ ফলত দেহৰ কোনো অংগ দুৰ্বল বা অকামিলাও হৈ যাব পাৰে। 

৩)মাইগ্ৰেইনৰ আক্ৰমণ :- যদি চিকিৎসা লোৱা নহয় মাইগ্ৰেইনৰ মূৰৰ বিষ সাধাৰণতে ৪ ৰ পৰা ৭২ ঘণ্টা থাকে। ব্যক্তি অনুসৰি এই বেমাৰটো বাৰম্বাৰ হোৱাৰ প্ৰৱণতাও ভিন ভিন হয়। যেনে - কিছুমানৰ বহু বছৰৰ মূৰত হ'ব পাৰে, কিছুমানৰ মাহৰ মূৰত, কিছুমানৰ মাহতে দুই তিনিবাৰ হ'ব পাৰে। কোনো ব্যক্তি মাইগ্ৰেইনৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সময়ত সাধাৰণতে তলৰ লক্ষণ সমূহ দেখা যায়। যেনে - 
*মূৰৰ এফালে বা দুইফালে বিষ অনুভৱ কৰা ।

*বিষটো কম্পন বা স্পন্দনযুক্ত হয়।

*শব্দ, পোহৰৰ প্ৰতি সংবেদনশীল অৰ্থাৎ শব্দ আৰু পোহৰ সহ্য কৰিব নোৱাৰা হয়। কেতিয়াবা গোন্ধ আৰু স্পৰ্শৰ প্ৰতিও সংবেদনশীল হয়। 

*বমি বমি ভাব বা বমিও হব পাৰে। 

*মূৰটো পাতল পাতল অনুভৱ হয় আৰু কেতিয়াবা মূৰ্ছা যাব পাৰে।
 
৪)মাইগ্ৰেইনৰ পশ্চাৎ লক্ষণ :- মাইগ্ৰেইনৰ বিষ হৈ যোৱাৰ পিছত কিছুমান মানুহ খুব দুৰ্বল অনুভৱ কৰে আৰু কিছুমান উত্তেজিত হ'ব পাৰে। ২৪ ঘন্টাৰ ভিতৰত মানুহ জনে তলত দিয়া অৱস্থাসমূহ অনুভৱ কৰিব পাৰে - 
*বিশৃংখলতা, মূৰ আচন্দ্ৰাই কৰা, দুৰ্বলতা, পোহৰ আৰু শব্দৰ প্ৰতি অসংবেদনশীলতা।
 
#মাইগ্ৰেইনৰ কাৰণ:- যদিও মাইগ্ৰেইন কি কাৰণত হয় জনা নাযায় বংশগত আৰু পাৰিপাৰ্শ্বিক কাৰণকে ইয়াৰ বাবে জগৰীয়া কৰা হয়। প্ৰায় ৮০-৯০% মাইগ্ৰেইনৰ ৰোগীৰ বংশগত কাৰণত বেমাৰটো হোৱা বুলি ভবা হয়। মস্তিষ্কৰ ভিতৰত হোৱা কিছুমান পৰিবৰ্তনৰ ফলত মাইগ্ৰেইন হোৱা বুলি ঠাৱৰ কৰা হয় আৰু ট্ৰাইজেমিনেল নাৰ্ভ (মুখমণ্ডলৰ বিষ অনুভূতিৰ মূখ্য স্নায়ু) আৰু মগজুৰ কোষৰ মাজত কিছুমান ৰাসায়নিক পদাৰ্থৰ আদান প্ৰদানত হোৱা তাৰতম্যতাৰ ফলত সৃষ্টি হোৱা বুলি ভবা হয়। মগজুৰ ভিতৰত নিঃসৰিত এবিধ ৰাসায়নিক দ্ৰব্য যাক চেৰটনিন বুলি কোৱা হয়, যিয়ে আমাৰ শৰীৰৰ যিকোনো স্নায়ুৰ পৰা উৎপন্ন বিষ নিয়ন্ত্ৰণত সহায় কৰে, যিকোনো কাৰণবশতঃ যদি চেৰটনিন নামৰ ৰাসায়নিক পদাৰ্থ বিধৰ উৎপত্তি হয় তেতিয়া তাৰ ফলত substance P নামৰ অন্য এবিধ পদাৰ্থ উৎপত্তি হয় আৰু এই substance P য়ে স্নায়ুবিলাকৰ মেৰুবিভাজন ঘটোৱাৰ ফলত এক প্ৰকাৰৰ প্ৰদাহৰ সৃষ্টি  কৰে আৰু ট্ৰাইজেমিনেল নাৰ্ভৰ গেংলিয়ন(স্নায়ু কোষৰ থূপ) বিলাক আক্ৰান্ত হয় ফলশ্ৰুতিতে মাইগ্ৰেইনৰ উৎপত্তি হোৱা বুলি ভবা হয়। মাইগ্ৰেইনত চেৰটনিনৰ ভূমিকাৰ বিষয়ে গৱেষক সকলে এতিয়াও গৱেষণা চলাই আছে। 

#মাইগ্ৰেইন বেমাৰক উৎগনি যোগোৱা কাৰণসমূহ :
*মাইকী মানুহৰ ক্ষেত্ৰত হোৱা হ'ৰম'নৰ তাৰতম্যতা:- ইষ্ট্ৰজেন নামৰ হ'ৰম'নৰ তাৰতম্যতাৰ ফলত বহুতো মাইকী মানুহ মাইগ্ৰেইনৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। সেয়েহে মাইকী মানুহৰ মাহেকীয়া হোৱাৰ আগত বা মাহেকীয়া হোৱাৰ সময়ত যেতিয়া তেজত ইষ্ট্ৰজেন হ'ৰম'নৰ পৰিমাণ কমি যায় মাইগ্ৰেইনৰ বিষ হোৱা দেখা যায়।গৰ্ভাৱস্থাত বা ৰজোনিবৃত্তিৰ (menopause) সময়তো এই বিষ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। 
হ'ৰম'নযুক্ত ঔষধ যেনে - গৰ্ভনিৰোধক বড়ি, হ'ৰম'ন প্ৰতিস্থাপন পদ্ধতি (hormon replacement therapy) ব্যৱহাৰ কৰা মহিলাৰো এই বিষ হোৱাৰ সম্ভাৱনা থাকে। 

*খাদ্য :পুৰণা চিজ্(cheese) , নিমখীয়া পদাৰ্থ, প্ৰক্ৰিয়াজাত খাদ্য (processed foods) ইত্যাদিৰ ফলতো মাইগ্ৰেইন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সময়মতে কৰিব লগীয়া ভোজন ত্যাগ, উপবাস ইত্যাদিয়েও মাইগ্ৰেইনক উদগনি  যোগায়। 

*পানীয়:- এলক'হ'ল, অত্যধিক কেফেইন যুক্ত পানীয় যেনে :-চাহ, কফি ইত্যাদিয়েও মাইগ্ৰেইন হোৱাত উদ্গনি যোগায়। 

*মানসিক চাপ:- ঘৰুৱা, সামাজিক বা কৰ্মস্থলীত ইত্যাদি বিভিন্ন উৎসৰ লগত জড়িত কোনো মানসিক চাপও মাইগ্ৰেইনৰ এটা মুখ্য কাৰণ। 

*স্নায়ুজনিত কোনো উত্তেজনা :- উজ্জ্বল পোহৰ, অত্যধিক কোলাহলপূৰ্ণ বাতাবৱৰণ, উগ্ৰ গোন্ধ, বেলেগে কৰা ধূম্ৰপানৰ ধোঁৱা ইত্যাদি অৱস্থাইও মানুহ এজনৰ মগজুৰ কোষক উত্তেজিত কৰি মাইগ্ৰেইনৰ সৃষ্টি কৰিব পাৰে। 

*খাদ্যত মিহলি কৰা কিছুমান বিশেষ দ্ৰব্য :- মিঠাইৰ মিঠা গুণ বঢ়াবলৈ কৃত্ৰিম ভাবে বনোৱা কিছুমান পদাৰ্থ, মনোছডিয়াম গ্লুকোনেট নামৰ এবিধ সংৰক্ষক (Preservative) যাক বিভিন্ন খাদ্য পদাৰ্থ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয় ইত্যাদিও মাইগ্ৰেইনক উদ্গনি যোগোৱা কাৰক হিচাপে দেখা যায়। 

*টোপনিৰ বিন্যাসৰ পৰিৱৰ্তন:- টোপনি ক্ষতি বা অত্যাধিক টোপনি, টোপনিৰ সময়ৰ পৰিৱৰ্তন ইত্যাদি কাৰকবোৰেও মাইগ্ৰেইন ৰোগ হোৱাত প্ৰভাৱ বিস্তাৰ কৰে। 

*শাৰীৰিক কাৰক:- তীব্ৰ শাৰীৰিক পৰিশ্ৰম, অত্যধিক যৌন ক্ৰিয়া ইত্যাদিও মাইগ্ৰেইনৰ কাৰক হিচাপে কাম কৰে। 

*পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন:- বতৰৰ পৰিবৰ্তন বা বায়ুমণ্ডলৰ চাপৰ পৰিৱৰ্তন ইত্যাদিও মাইগ্ৰেইনৰ কাৰক হব পাৰে। 

*কিছুমান ঔষধ :- গৰ্ভনিৰোধক বড়ি, কিছুমান vasodilator যেনে- নাইট্ৰগ্লিচাৰাইড ইত্যাদিৰ সেৱনৰ ফলতো মাইগ্ৰেইনৰ সমস্যা প্ৰকূপিত হ'ব পাৰে ।

*বংশগতি :- প্ৰায় ৮০-৯০% মাইগ্ৰেইনৰ বেমাৰীৰ ক্ষেত্ৰত বংশ পৰিয়ালৰ কোনো সদস্যৰ মাইগ্ৰেইন থকা দেখা যায় আৰু তেওঁ এইটো বংশগত ভাবে আয়ত্ব কৰে। 

*লিংগ :- সাধাৰণতে মতা মানুহতকৈ মাইকী মানুহৰ মাইগ্ৰেইনৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি। মাইকী মানুহৰ ইষ্ট্ৰজেন হ'ৰম'নৰ তাৰতম্যতাৰ প্ৰভাৱত বেছিকৈ আক্ৰান্ত হোৱা বুলি ভবা হয়।
 
#জটিলতা:- কেতিয়াবা মাইগ্ৰেইন নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত ঔষধৰ প্ৰয়োগৰ বাবে বা স্বাভাৱিক ভাবেও কিছুমান জটিলতাৰ সৃষ্টি হ'ব পাৰে। যেনে:-
*পেটৰ সমস্যা :- মাইগ্ৰেইন নিবাৰণৰ বাবে ব্যৱহৃত বিষ নিবাৰক ঔষধৰ বহুল আৰু দীঘলীয়া প্ৰয়োগৰ ফলত মানুহৰ পেটৰ বিভিন্ন ধৰণৰ সমস্যা যেনে:- পেটৰ বিষ, পেটৰ পৰা ৰক্তক্ষৰণ, আলচাৰ ইত্যাদি হ'ব পাৰে। ইয়াৰ উপৰিও লিভাৰ, কিডনি আদিও আক্ৰান্ত হ'ব পাৰে। 

*অত্যাধিক ঔষধৰ সেৱনৰ ফলত হোৱা মূৰৰ বিষ :- প্ৰত্যেক মাহত মাইগ্ৰেইনৰ বিষৰ বাবে ব্যৱহৃত একেধৰণৰ ঔষধ বিলাকে এদিন গৈ বেমাৰবিধত কাম নকৰা হয় আৰু মূৰৰ বিষ বেছি হয়। তাৰ ফলত মানুহজনে অধিক শক্তিশালী ঔষধ সেৱন কৰিবলগীয়া হয় আৰু এই প্ৰক্ৰিয়াটো এনেদৰে চলি থাকে। ইয়াৰ উপৰিও অত্যধিক ঔষধৰ সেৱনৰ ফলত সেই ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপেও মূৰৰ বিষ হব পাৰে। 

*Serotonin syndrome :-  ই হ'ল এটা দুৰ্লভ জীৱনৰ প্ৰতি সংশয়যুক্ত অৱস্থা য'ত আমাৰ স্নায়ুতন্ত্ৰত চেৰটনিনৰ মাত্ৰা অস্বাভাৱিক ভাবে বৃদ্ধি পায়। 

*জীৰ্ণ মাইগ্ৰেইন :- যদি এজন মানুহৰ এমাহৰ পোন্ধৰ বা ততোধিক দিন ধাৰাবাহিক ভাবে তিনি মাহ ধৰি মূৰৰ বিষ থাকে তেন্তে তেনে মাইগ্ৰেইনক জীৰ্ণ বা chronic মাইগ্ৰেইন বুলি কোৱা হয়। 

*Status migrainous :- এইবিধ জটিলতাৰ ফলত মানুহজনৰ তীব্ৰ মূৰৰ বিষ হয় আৰু তিনি দিনৰ বেছি থাকে। 

#প্ৰতিৰোধ :- মাইগ্ৰেইনক প্ৰভাৱিত কৰা কাৰক সমূহৰ পৰা এজন মানুহ আঁতৰি থাকিলে এই বেমাৰটো হোৱাৰ সম্ভাৱনা কম থাকে। কিন্তু কিছুমান কাৰকৰ পৰা আঁতৰি থকা সম্ভৱ নহয় আৰু কেতিয়াবা এনে কাৰক সমূহৰ পৰা আঁতৰি থাকিলেও বাঞ্চিত ফল পোৱা নাযায়। তথাপি তলত দিয়া সাৱধানতা সমূহ লোৱা উচিত।

*সময়মতে খাদ্য খোৱাৰ অভ্যাস গঢ়িব লাগে। 

*বিৰুদ্ধ আহাৰ, গৰিষ্ঠ ভোজন, পেটত গেছ উৎপন্নকাৰী খাদ্য, সোনকালে হজম নহোৱা খাদ্য যেনে-ৰাজমাহ, মাটিমাহ, ইত্যাদি পৰিহাৰ কৰিব লাগে। 

*অত্যাধিক মানসিক চাপ ত্যাগ কৰিব লাগে। 

*যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে ।

*সময়মতে খাদ্য খোৱাৰ অভ্যাস গঢ়িব লাগে ।

*ৰাত্ৰি জাগৰণ পৰিহাৰ কৰিব লাগে। 

*কোলাহলপূৰ্ণ, উগ্ৰ গোন্ধযুক্ত, উজ্জ্বল পোহৰযুক্ত বাতাৱৰণ পৰিত্যাগ কৰিব লাগে। 

#মাইগ্ৰেইনৰ চিনাক্তকৰণ 
*সাধাৰণতে লক্ষণৰ ওপৰত ভিত্তি কৰি মাইগ্ৰেইন চিনাক্ত কৰা হয়। বিশ্ব মূৰৰ বিষ সংস্থাই (world headache arganization) মাইগ্ৰেইনৰ মূৰৰ বিষ চিনাক্ত কৰাৰ বাবে ৫,৪,৩,২,১ নামৰ এটা পদ্ধতি উলিয়াইছে। এই পদ্ধতিটো হ'ল।

 *৫ বাৰ বা ততোধিক মাইগ্ৰেইনৰ দ্বাৰা আক্ৰান্ত হোৱা ।

*৪ঘণ্টা বা অধিক প্ৰত্যেক দিনে মূৰৰ বিষ অনুভূত হোৱা।

*৩ দিন সাধাৰণতে মূৰৰ
 বিষটো থাকে ।

*অতিকমেও মূৰৰ এফালে ২ ঠাইত বিষ অনূভুত হয়। 

*অতিকমেও এটা অতিৰিক্ত লক্ষণ যেনে - বমিৰ ভাব, বমি, পোহৰ বা শব্দৰ প্ৰতি অসহিষ্ণুতা ইত্যাদি লক্ষণ থাকিব।

 আনহাতে মূৰৰ বিষটো কিবা অন্য কাৰণ যেনে মগজুত হোৱা টিউমাৰ, ৰক্তবাহী নলী বা স্নায়ুগত বা মগজুৰ ভিতৰৰ অন্য কিবা সমস্যাৰ বাবে জানিবলৈ বেমাৰীক তলত দিয়া পৰীক্ষা নিৰীক্ষা সমূহ কৰিব দিয়া হয় :-
*তেজৰ পৰীক্ষা :- ৰক্তবাহী নলিকাৰ কোনো সমস্যা বা মগজুত হোৱা কোনো সংক্ৰমণ আদি নিশ্চিত কৰিবলৈ তেজৰ পৰীক্ষা কৰা হয়। 

*মগজুৰ এম্ আৰ্ আই (MRI) আৰু চি টি স্কেন :- মগজুৰ ভিতৰত হোৱা কোনো টিউমাৰ, ৰক্তক্ষৰণ, ৰক্তবাহী নলীৰ বিকৃতি বা কিবা গঠনৰ বিকৃতি আদি চিনাক্ত কৰিবলৈ এই দুইটা পৰীক্ষা কৰা হয়। 

#চিকিৎসা :- আধুনিক চিকিৎসা বিজ্ঞানত মাইগ্ৰেইনৰ চিকিৎসাৰ বাবে বিষ নিবাৰক ঔষধ, এণ্টি ডিপ্ৰেচেণ্ট ইত্যাদি বিভিন্ন ধৰণৰ ঔষধ লক্ষণ অনুসাৰে প্ৰয়োগ কৰা হয়। 

 #আয়ুৰ্বেদিক দৃষ্টভংগী 
 আয়ুৰ্বেদত  অশুদ্ধ খাদ্যাভাস আৰু জীৱনশৈলীকে মূখ্যতঃ জগৰীয়া কৰা হৈছে। অশুদ্ধ খাদ্যাভাস যেনে - গৰিষ্ঠ ভোজন, সময়মতে খাদ্য সেৱন নকৰা, গেছ উৎপন্নকাৰী খাদ্য সেৱন আৰু অশুদ্ধ জীৱনশৈলী ৰাত্ৰজাগৰণ, অত্যধিক মানসিক চাপ, বেছি সময়লৈ পায়খানা, প্ৰস্বাৱ আদিৰ বেগ ধাৰণ ইত্যাদিৰ প্ৰভাৱত আমাৰ শৰীৰত বাত দোষ প্ৰধানকৈ প্ৰকূপিত হয় আৰু মূৰৰ বিষৰ লগতে অন্যান্য বেমাৰৰ সৃষ্টি কৰে। আয়ুৰ্বেদত কোৱা হৈছে '' বাতাদিতে নাস্তি ৰুজাঃ'', তাৰমানে বাত দোষ অবিহনে কোনো ধৰণৰ বিষ হ'ব নোৱাৰে। আয়ুৰ্বেদত এঘাৰ প্ৰকাৰৰ মূৰৰ বিষৰ কথা কোৱা হৈছে। যেনে :- 
১)বাতিক : য'ত বাত দোষৰ প্ৰাধান্যতা থাকে। এনে ধৰণৰ মূৰৰ বিষ হঠাৎ হয় আৰু বিশেষকৈ ৰাতিৰ ভাগত হয়। মূৰত অকণমান হেঁচা বা মালিচ প্ৰয়োগ কৰিলে এই মূৰৰ বিষত আৰাম পোৱা যায়। 

২)পিত্তজ : এই মূৰৰ বিষ হ'লে মূৰ আৰু চকুত জলন হয়। ভূক্তভূগীয়ে ঠাণ্ডা পানী, নাৰিকলৰ পানী ইত্যাদি খাবলৈ ইচ্ছা কৰে। 

৩)কফজ: কফজ মূৰৰ বিষত মূৰত গধুৰ গধূৰ অনুভৱ হয়। চৰ্দী -কাঁহৰ ফলত হোৱা মূৰৰ বিষক ইয়াৰ লগত তুলনা কৰিব পাৰি। 

৪)সন্নিপাতজ: এই মূৰৰ বিষত বাত, পিত্ত আৰু কফৰ মিশ্ৰিত লক্ষণ দেখা যায়। 

৫)ৰক্তজ : বাতজ মূৰৰ বিষত যেনেকৈ ৰোগী এজনে মালিচ কৰিলে আৰাম পায় তেনেদৰে ৰক্তজ মূৰৰ বিষত থিক তাৰ বিপৰীতে ৰোগীজনে মূৰত কোনো স্পৰ্শ আনকি আঙুলি এটাৰো স্পৰ্শ সহ্য কৰিব নোৱাৰে। 

৬)ক্ষয়জ : শৰীৰৰ দুৰ্বলতা যেনে - পুষ্টিহীনতা, কোনো বেমাৰৰ ফলত শৰীৰ দুৰ্বল হ'লে ইত্যাদি কাৰণত এনে ধৰণৰ মূৰৰ বিষ হয়। এই মূৰৰ বিষত কোনো ধৰণৰ বিষ নিবাৰক ঔষধৰ দৰকাৰ নহয় ।এনে ধৰণৰ মূৰৰ বিষযুক্ত ৰোগীক পোষকতত্ব যুক্ত খাদ্য বা দুৰ্বলতা দূৰীকৰণৰ বাবে উপযুক্ত খাদ্যৰ দৰকাৰ হয়। 

৭)কৃমিজ: শৰীৰৰ তেজত থকা কৃমি গৈ মগজুত থিতাপি ল'লে এনে মূৰৰ বিষ হয় আৰু কেতিয়াবা ৰোগী মূৰ্চ্ছা যাবও পাৰে। 

৮)অৰ্ধাবভেদক : ইয়াক মাইগ্ৰেইনৰ লগত তুলনা কৰা হয়। বাত আৰু কফ দোষ প্ৰকূপিত হৈ মগজুৰ ভিতৰৰ এটা ফালে থিতাপি লৈ স্ৰোত বিলাক অৱৰোধ কৰাৰ ফলত এনে ধৰণৰ মূৰৰ বিষ হোৱা বুলি কোৱা হয়। 

৯)অনন্তবাত :এনে ধৰণৰ মূৰৰ লগতে ডিঙিৰ (cervical) বিষো থাকে। 

১০)সূৰ্য্যাবৰ্ত : নামটো শুনিলেই গম পোৱা যায় যে সূৰ্য্যৰ গতিৰ লগে লগে এই মূৰৰ বিষ বাঢ়ি যায় আৰু সূৰ্য্যৰ ৰ'দ যেতিয়া প্ৰখৰ হয় মূৰৰ বিষো বাঢ়ি যায়। 

১১)শংখক : এই ধৰণৰ মূৰৰ বিষত কপালৰ দুই ফালে বিষ হয় আৰু ইয়াক trigeminal neuralgia ৰ লগত ৰিজাব পাৰি। 

#মাইগ্ৰেইনৰ ঘৰুৱা বিধান :-
*আধা চামুচ গুড় আধা চামুচ ঘিঁৰ লগত মিহলাই হালৱাৰ নিচিনা বনাই তাত বুটৰ দালিৰ সমান কৰ্পূৰ মিহলাই ৰাতিপুৱা সূৰ্য্যোদয়ৰ এঘন্টা আগত মাহত তিনিদিনকৈ তিনি-চাৰিমাহ সেৱন কৰিলে মাইগ্ৰেইনৰ বিষত সুফল পোৱা যায়। 
 ৰোগীজনে ঔষধ সেৱন কৰি উঠি এটা বন্ধ কোঠাত য'ত বতাহ প্ৰৱেশ কৰিব নোৱাৰে, পাংখা, এয়াৰ কুলাৰ ইত্যাদি বন্ধ থাকে তেনে কোঠাত গৰম কাপোৰ মূৰৰ পৰা ভৰিলৈকে ঢাকি এঘণ্টা শুই থাকিব লাগে যাতে শৰীৰৰ পৰা ঘাম নিৰ্গত হয়। এনেকুৱা কৰিলে মাইগ্ৰেইন থিক হোৱাৰ সম্ভাৱনা বহু গুণে বাঢ়ি যায়।
 
#মাইগ্ৰেইনৰ আয়ুৰ্বেদিক ঔষধি : বহুতো পেটেন্ট আৰু শাস্ত্ৰীয় ঔষধ বজাৰত উপলব্ধ হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল - 
চেফাগ্ৰেইন টেবলেট, শিৰ শুলাদি বজ্ৰ ৰস ইত্যাদি। 
 ইয়াৰ উপৰিও লক্ষণ অনুযায়ী বিভিন্ন ঔষধৰ প্ৰয়োগ কৰিব লগীয়া হ'ব পাৰে। 
 আয়ুৰ্বেদিক পঞ্চকৰ্ম পদ্ধতিত শিৰোধাৰা শিৰোলেপ, শিৰোবস্তি, শিৰোনস্য ইত্যাদি প্ৰয়োগ কৰিলে সুফল পোৱা যায়। 

#যোগাসন :- পদ্মাসন, ধনুৰাসন, বৃক্ষাসন, বালাসন, অধোমুখা শৱাসন, উত্তনাসন, জানু শীৰ্ষাসন, পশ্চিমোত্তানসন, মৎস্যাসন, উৰ্দ্ধমুখ শৱাসন, সেঁতু বন্ধ, নৌকাসন, শৱাসন, প্ৰাণায়াম আৰু ধ্যান ইত্যাদি এজন যোগ পৰামৰ্শদাতাৰ তত্বাৱধানত শৰীৰৰ শক্তি অনুপাতে কৰিলে সুফল পোৱা যায়। 
  শেষত সকলোলৈকে এটাই অনুৰোধ যদি আপোনাৰ সঘনাই মূৰৰ বিষ হৈ আছে তেন্তে ফাৰ্মাচীৰ পৰা বিষ নিবাৰক ঔষধ সেৱন কৰি কিছু সময়ৰ বাবে মূৰৰ বিষ দমাই নাৰাখি কোনো চিকিৎসকৰ পৰামৰ্শ লওক। কাৰণ ই কোনো ভয়ংকৰ বেমাৰৰ লক্ষণো হ'ব পাৰে। 
 যিহেতু অশুদ্ধ জীৱনশৈলীয়ে মাইগ্ৰেইনকে ধৰি বিভিন্ন বেমাৰক উদ্গনি যোগাই গতিকে জীৱনশৈলীৰ কিছু হ'লেও আমি পৰিৱৰ্তন আনিব লাগিবই। বৰ্তমান যুগত মানুহৰ অশুদ্ধ জীৱনশৈলীৰ মূখ্য কাৰণ হ'ল মহত্বাকাংক্ষা অৰ্থাৎ ভৌতিক বস্তুৰ প্ৰতি লালসা। আজি এখন গাড়ী আছে, কাইলৈ দুখন লাগিব, আজি এটা ঘৰ আছে কাইলৈ এটা ফাৰ্ম হাউচ লাগিব ইত্যাদি ইত্যাদি । মুঠতে মানুহ কেতিয়াও যিখিনি পায় সেইখিনিতে সন্তুষ্ট নহয়। কিন্তু এই ভৌতিক বস্তুসমূহ আয়ত্ব কৰিবলৈ যাওঁতে আমি নিজৰ স্বাস্থ্যৰ কথা পাহৰি যাওঁ। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)