চিঠি-ভাৰতী গগৈ বৰুৱা

©Admin
0
তোমাৰ দেখোঁ
নাম  পত্ৰলেখা 
পত্ৰ তুমি নিলিখা হ'লা হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ  মনত নাই।  
                  -- ভূপেন হাজৰিকা ।

           পত্ৰ মানে চিঠি। এজনৰ মনৰ ভাব আন  এজনলৈ লিখি প্ৰকাশ কৰা হয় চিঠিৰ যোগেদি। কিছুমান  মুখেৰে ক'ব নোৱৰা কথাও  চিঠিৰ যোগেদি প্ৰকাশ কৰিব পাৰি। আগতে ইনলেণ্ড কাৰ্ড ( লেটাৰ ) , পোষ্ট কাৰ্ড , এনভেলপ ( লেফাফা )  আদিৰ যোগেদি এজনে   আনজনৰ খবৰ দিয়া-লোৱা  কৰিছিল।কম কথাৰে জৰুৰী খবৰ দিবলৈ টেলিগ্ৰাম  ব্যৱহাৰ কৰা হৈছিল। ১৮৫৪  চনত আৰম্ভ হোৱা  টেলিগ্ৰামৰ ব্যৱহাৰ  ২০১৩  চনত চিৰদিনৰ বাবে বন্ধ হৈ  পৰিছিল। টিকট নলগোৱাকৈ  দিয়া  চিঠিক  বিয়েৰিং  চিঠি বোলা হয়।  চিঠিবোৰ  ডাক যোগে পঠিওৱা হৈছিল।  খাকী  পোছাক পিন্ধা  ডাকোৱাল  বা  পিয়নে   ডাকঘৰৰ  পৰা  চিঠিবোৰ   আনি  বিলাই  দিয়ে। সেয়ে  পিয়নৰ  চাইকেলৰ  টিলিঙা  শুনিবলৈ  মানুহৰ  কাণ  থিয়  হৈ থাকে। আপোনজনৰ খবৰ  পাবলৈ  উৎকণ্ঠাৰে  বাট  চাই  থকা  মানুহৰ  এনে হোৱাটো স্বাভাৱিক। কাৰণ   তেতিয়া  মানুহৰ  হাতে হাতে   মোবাইল , টেলিফোন  আদি  নাছিল।
আজিকালিৰ  দৰে  হাতৰ  মুঠিতে  দেশ - বিদেশৰ  খবৰ  পোৱা নগৈছিল। হোৱাটছএপ , ই - মেইল , টুইটাৰ, মেছেঞ্জাৰ  আদিৰ  যোগেদি  খবৰ  দিয়া - লোৱাৰ কথা  মানুহে  হয়তো  কল্পনাও কৰিব  পৰা   নাছিল । চীন   দেশত   কাগজ আৱিষ্কাৰ  হোৱাৰ  আগতে  মানুহে  গছৰ  ছাল  বা  বাকলি ,  তালপাত , নাৰিকলৰ  পাত , কলপাত ,  বিভিন্ন ধাতুৰ  পাত  আদিত  লিখিবলৈ  আৰম্ভ  কৰিছিল ।  সেইবাবেই  চিঠিৰ  আন  এটা নাম  বোধ কৰোঁ  পত্ৰ  হ'ল । মহাপুৰুষদ্বয়   শ্ৰীমন্ত শঙ্কৰদেৱ , শ্ৰীশ্ৰী মাধৱদেৱেও  সাঁচি পাতত   প্ৰাকৃতিকভাৱে  তৈয়াৰী  চিঞাহীৰে লিখিছিল। 

             চিঠি এখন  সুন্দৰকৈ  লিখিব  জনাটো এটা  আৰ্ট  বা কলা । একোখন  চিঠিয়ে  মানুহলৈ  কঢ়িয়াই আনে  আপোনজনৰ   সুখ - দুখ , হাঁহি - কান্দোনৰ  বতৰা ।  সৰুতে  আমাৰ গাঁৱত  দেখিছিলোঁ  যে  চিঠি  পঢ়িব নজনা  মানুহে  কেতিয়াবা  চিঠি এখন আহিলে  আনৰ ওচৰলৈ  ঢপলিয়াই  যায় ।  প্ৰাথমিক  বিদ্যালয়ত  পঢ়ি  থাকোঁতে  চিঠি  লিখিবলৈ  ছাৰ - বাইদেৱে  শিকাইছিল  । গৰমৰ বন্ধ , পূজা বন্ধ বা পৰীক্ষাৰ শেষত  কেনেকৈ  সময় কটাবা  বুলি দূৰণিত  থকা পিতৃ  বা মোমায়েকলৈ  চিঠি  লিখিবলৈ  দিছিল । সেয়ে  আমাৰ চিঠি  লিখাৰ  অভ্যাস হৈছিল। কাৰোবালৈ  চিঠি এখন ডাকত  দিবলৈ  হ'লে   সম্পূৰ্ণ  নাম , ঠিকনা  লিখাৰ লগতে   ডাক  সূচাংক  যাক  আমি  পিন কোড বুলি কওঁ  সেয়া শুদ্ধকৈ  লিখা  উচিত ।১৯৭২  চনৰ  ১৫ আগষ্টৰ  পৰা  এই পিন  কোড বা  ডাক  সূচাংক ( Pin Index Number ) আৰম্ভ  হৈছিল ।  ১৮৫৪  চনৰ পৰা   ভাৰতবৰ্ষত  পোন  প্ৰথমবাৰৰ  বাবে  ডাকটিকট  প্ৰচলন  কৰা  হৈছিল।   আগৰ দিনত  ভাৰতবৰ্ষত  ঘোঁৰা  আৰু  মৰুভূমি  অঞ্চলত  উটে  চিঠিৰ  বোজা  কঢ়িয়াইছিল । পুৰণি কালত  প্ৰাচীন ভাৰত,  চীন , মিছৰ ,  ৰোম  আদিত  চিঠিৰ  প্ৰচলন আছিল ।   ব্যক্তিগত , সামাজিক , ব্যৱহাৰিক  আৰু  ব্যৱসায়িক  এই  চাৰিটা ভাগত  চিঠি  ভাগ  কৰা হৈছিল ।
   
            আজি  মই  চিঠিৰ  বিষয়ে  লিখাৰ  কাৰণটো  হ'ল  -- কালি  মই   মোৰ  হোৱাটছএপ  যোগেদি  মোৰেই  এখন  চিঠি  পালোঁ  যিখন  চিঠি  মই ১৯৭৬ চনৰ ২৩ছেপ্টেম্বৰত  মোৰ  ডিব্ৰুগড়   বিশ্ববিদ্যালয়ৰ   জ্যেষ্ঠা (চিনিয়ৰ )  বাইদেউ   এগৰাকীলৈ  শিৱসাগৰৰ  ঘৰৰ  পৰা  দিছিলোঁ । কালি  সেই  সংগীতা  (ফুকন ) বুঢ়াগোহাঁই  বাইদেৱে  মোৰ  তাহানিৰ  চিঠিখন  আজিও  যে  মৰমেৰে  সাঁচি  থৈছে  তাৰ  প্ৰমাণ  দিলে । মই  অতিশয়  অভিভূত  হোৱাৰ  লগতে  আচৰিতো  হ'লোঁ । ২০  বছৰ  বয়সত  লিখা মোৰ  চিঠিখন  প্ৰায়  ৪৫ বছৰ  ধৰি  বাইদেৱে    বাকচত  সাঁচি  ৰখাটো  মোৰ  বাবে কম  সুখৰ  আৰু গৌৰৱৰ কথা  নহয় । মোৰ  লগতো  পুৰণি  দুই  এখন  চিঠি আছে ‌।  সেয়া  নিতান্তই   দৰকাৰী  চিঠি ।   বাইদেউলৈ  মোৰ  শত  সহস্ৰ  প্ৰণাম , ধন্যবাদ  আৰু  কৃতজ্ঞতা  জনালোঁ । সঁচা কথা  ক'বলৈ  গ'লে  বাইদেউৰ  লগত  সেই  তেতিয়াৰ   পৰাই  ঠিকনাৰ  অভাৱত  যোগাযোগ  নাছিল । এই  বছৰৰ  ৩১ মে'ৰ  দিনা  বাইদেউক   ফে'চবুকৰ  যোগেদি  লগ  পালোঁ ।  অৱশ্যে   মোৰ  মৰমৰ  এই  বাইদেউগৰাকীক  মই   অত বছৰে  এদিনলৈয়ো  পাহৰি যোৱা  নাছিলোঁ । কেৱল   যোগাযোগ  নাছিল । 

             মোৰ  চাকৰিৰ  কাৰ্যকাল  শেষ  হোৱাৰ   সময়ত   শেষৰ ক্লাছ  কৰাৰ  দিনা  শ্ৰেণী  কোঠাৰ পৰা  ওলোৱাৰ  সময়ত    কেইজনমান  মৰমৰ  ছাত্ৰ - ছাত্ৰীয়ে  মোৰ  হাতত চিঠি  দিছিল   ( সোতৰখন ) । তাত  আছিল   শ্ৰদ্ধা- ভক্তি আৰু  মৰম - ভালপোৱাৰ  কথা । মই  এতিয়াও  মোৰ  হিয়াৰ  একোণত  তেওঁলোকৰ  মৰম - শ্ৰদ্ধা  সযতনে  থৈ  দিছোঁ ।


✍️ভাৰতী গগৈ বৰুৱা , ধেমাজি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)