তুমি জনী হেৰাই গ’লা-ৰমেন চাংমাই

ফুলৰ পাহিৰ দৰেই তোমাৰ মন
আৰু  হৃদয় কোমল আছিল
কোনোদিন জঁই নপৰা
সুন্দৰ মনৰ অধিকাৰী তুমিজনী
সময়ৰ সোঁতত হেৰাই গ’লা ৷
আমাৰ হাঁহিবোৰ আনন্দবোৰ
ভগৱানেও সহ্য নকৰিলে
এতিয়া মই জ্বলি জ্বলি শেষ হোৱা
একোডাল মমৰ অৱশেষ
স্মৃতিৰ মানস পটত সোঁৱৰণিৰ
ৰেখাবিলাক এটা বৃত্তত পৰিগণিত
আৰু সেই বৃত্তই উল্কাপিণ্ডৰ ৰূপত
মোৰ কলিজাত বজ্ৰাঘাত কৰিছে
চগা জুইত পৰি মৰাৰ দৰে
মোৰ কলিজা ছাঁই হ’ব ধৰিছে
ক্ৰমশ আৰম্ভ হৈছে মোৰ বিষাদৰ জীৱন
লিখিছোঁ মই বিষাদ ভৰা জীৱনৰ গান ৷

✍️ৰমেন চাংমাই  
চাচনী 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send