আৰু লাগে মৰমৰ ঠাই,
অসমৰ মানুহ আমি, অসমীয়া বুলি
বুকুত ৰাখিবা সাহস সদায় ।
পাহাৰৰ পানীয়ে নদীক ৰিঙিয়াই
গছ -গছনিয়ে মাৰে বতাহ,
আমি যে সকলো অসমৰ অসমীয়া
সকলোৱে গাঁও একতাৰ গীত মিঠা ।
আকাশৰ তৰা থাকে জিলিকি
আমি জিলিকাম অসম,
দেশৰো মান ৰাখিম আমিয়ে
মনতে বান্ধিছোঁ কথা ।
কনকলতাই প্ৰাণ আহুতি দিলে
দেশৰ ৰাখিলে নামে
ভাই- ভনী মিলি আমি গঢ়িম
চিৰ যুগমীয়া অসম ।
✍️সৰস্বতী পাতৰ
পাতৰবস্তী,চতিয়া,বিশ্বনাথ