তুমি যে অনন্যা-হেমেন হাজৰিকা

   তোমাৰ সমস্ত বসন্ত
   কি আনৰ বাবেই
   উচৰ্গিত  ?

  দি দি নাভাগৰি
  তোমালৈ ৰাখিলা কি  ?

  এতিয়া সময় বাগৰিল  |

  তোমাৰ চাৰিওফালে
  এতিয়া
  জোনাক কেৱল জোনাক  |

  আকাশ মাৰ্গৰ পৰা
   সমুদ্রৰ অটল গৰ্ভলৈ
   তোমাৰ পদচিহ্ণৰে
   ৰঞ্জিত হৈছে  |

   তুমি যে অনন্যা
   সেয়া সময়ে স্বীকাৰ কৰিছে 

  আজীৱন তুমি জিলিকি থাকা
  তুমি বিহীনতাত
মোৰ অস্তিত্ব ক'ত  ?

( প্রতি গৰাকী নাৰীৰ চৰণত)

     ✍️ হেমেন হাজৰিকা
               মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send