তাঁতশালে
তাঁতশালে
মাকোৰ খিট্-খিটনী
সপোনত লাগিছে আউল ||
পাকৈত শিপিনীৰ
মাকোৰ বুকুত
দিঠকে পাতিছে ঠেহ
গেৰেলী কাঠিত
খং উজাৰিছে
উজুটিত নিসিজে চাউল ||
নিশাতে কাটি বৈ
উলিয়াব লাগিব
ছাঁতে শুকুৱা
মুঠিতে লুকুৱা এসাজ
ৰঙামুৱাৰ কবচ ||
গেৰেলী কাঠিত
পৰিব হেঁচা
শিপিনীয়ে বুজিব
তাঁতশালৰ ভাষা
সপোনত নাভাগে গপছ ||
✍🏻হেমেন হাজৰিকা
মিৰ্জা