জীয়া পাপ-ঊষামনি শইকীয়া


        শোধনাগাৰৰ কলনিত ঘৰে ঘৰে কাম কৰি তিনিজনীয়া পৰিয়ালটো পোহ-পাল দিয়া বিধৱা ৰমলাৰ মূৰত সৰগ ভাগি পৰিল । যি কেইজনী সাদৰী বাইদেৱেকে তাইক মৰম কৰিছিল সময়ে সময়ে দৰমহা দিয়াৰ উপৰিও মাছ , মাংস ৰান্ধিলে অকণমান হ'লেও তাইৰ ল'ৰা-ছোৱালী হাললৈ টিফিনত ভৰাই দি পঠাইছিল  আজি সেই কেম্পাছটোত  কণ্টেন্টমেন জ'নৰ বেনাৰ আঁ‌ৰি দিয়া এসপ্তাহ হ'ল । আৰু এসপ্তাহ বাকী আছেই । ইফালে ঘৰত খুদকণ এটাও নাই । অবুজন ইহঁত হালক কি বুলি বুজনি দিব সেই শব্দও নাই তাইৰ ওচৰত । 
      পদূলিৰে পাৰ হৈ যোৱা দুজনমানৰ শব্দবোৰ তাইৰ কাণত পৰিল - "বৰুৱাহঁ‌তক অলপ খাদ্যবস্তু দি আহিলোঁ । তেখেতসকলে বজাৰ সমাৰ কৰিব পৰা নাই নহয় ...।" ৰমলাই কিবা এটা ভাবি ভিতৰলৈ সোমাই গ'ল ।
     পিছদিনা দুপৰীয়ালৈ ৰমলাৰ পদূলিত বিস্কুট , চাউল ,  দাইল , আলু , পিঁয়াজ , তেল , ব্ৰেড , চেনিটাইজাৰ , মাক্স , আপেল , কলৰ তিনিটামান টোপোলা হ'ল । ল'ৰা-ছোৱালী হালৰ মুখত হাঁহি বিৰিঙি উঠা দেখি তাইৰ মনটোৱে কিছু শান্তি পালে । কেতিয়াবা কিছুমান মিছা কথাইও যদি সিহঁত হালৰ ভোক নিবাৰণ কৰিব পাৰে , মুখত হাঁহি ফুল ফুলাব পাৰে  তাই তেনে হাজাৰটা পাপ কৰিবলৈ সদা প্ৰস্তুত ।।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send