চুমা-বিকাশ শৰ্মা

পংখী মৰাণ
0
চুমাটোও বৰ সাংঘাতিক বস্তু
কাৰ ওঁঠত কেতিয়া চুমা পৰে কোনে জানে...
সঁচা ভালপোৱাৰ বাবে
সেই চুমাটো
সুখ,দুখৰ বাবে সেই চুমাটো
কেতিয়াবা আকৌ অশ্লীল প্ৰেমৰ সেই চুমাটো
কিন্তু , আমাৰ চুমাটো খুব প্ৰয়োজনীয়। 
কেতিয়াবা আকৌ চুমাটোৱে 
খুব লাজত পেলায়

কেতিয়াবা অসুস্থ জালুকবাৰীক
সুস্থ কৰি তোলাৰ চুমা
কত যে কি...!
কিন্তু , এটা চুমাই সকলো 
ছাৰখাৰ কৰি পেলালে...
কোনটো চুমা জানেনে...?
দীঘলীপুখুৰীৰ সেই চুমাটোৱে
য'ত চৰাইবিলাকে আত্মহত্যা
কৰিবলৈ বাধ্য হৈছিল।
চুমাটোও বৰ সাংঘাতিক বস্তু।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)