নীলা খামৰ চিঠি-অনামিকা বৰগোহাঁই

মৰমৰ, 
         মোৰ অতিকৈ প্ৰিয় মানুহজন। আশা কৰোঁ তোমাৰ ভাল। তুমি জানানে তুমি এৰি যোৱা দিন ধৰি মোৰ হৃদয়ৰ প্ৰত্যাশিত আশাবোৰ মৰহি গ'ল। এটা মৃত্যুৰ অৱশ শৰীৰত প্ৰাণটো ভৰাই জীৱনৰ ক্ষণবোৰ গণি আছো!!!আৰু কোৱাচোন তোমাৰ নতুন জীৱনৰ পাতনি কেনেধৰণে কৰিছা...? তোমাৰ বাৰু মোলৈ কেতিয়াবা মনত পৰেনে? মইয়ো আৰু দেই কি কৈ পালো, মোলৈ মনত পৰিবলৈ মই তোমাৰ হৃদয়ত থাকিব লাগিব, এতিয়াতো তোমাৰ হৃদয়ৰ মিতিৰালি আন কাৰোবাৰ সৈতে। তুমি খুউব সহজেই নতুন জীৱনটো আকুৱালি ল'লা বেলগক সুখ দিবলৈ,কেৱল মোকহে শিকাই গ'লা বিষাদৰ তাড়না।সুন্দৰ ভাৱে জীৱনৰ পাতনি কৰিছা নহয়, দিয়া তোমাক ভালপোৱাৰ পৰা তুমিয়েই শিকাইছিলা আনৰ সুখত সুখী হ'বলৈ। 

         তোমাৰ সুখবোৰৰ মাজত এতিয়াও মোৰ সুখবোৰ বিচাৰি পাওঁ। তোমাৰ মুখেৰে মোক ভালপোৱাৰ বাবে দিয়া উপহাৰবোৰ এতিয়াও সযতনে ৰাখিছো।তোমাৰ লগত কটোৱা প্ৰতিটো সময় আছিল মোৰ বাবে বগা-ক'লা পৃথিৱীৰ খনৰ ৰঙীন কৰি তোলা নৱ ডায়েৰী পৃষ্ঠা। আজিও ডায়েৰী পৃষ্ঠাবোৰত তোমাৰ সুঘ্রাণ বিচাৰি পাওঁ। তুমি জানানে ভালপোৱাৰ শব্দৰ সৈতে চিনাকি হোৱাৰ পিছৰে পৰা তোমাৰ আজন্ম প্ৰেমিকা হৈ গ'লো। মোৰ জীৱনৰ আটাইতকৈ ভাল লগা ব্যক্তিজন তুমি আছিলা, সেইবাবেই হয়তো তুমি সদায় তুমি হৈ হৃদয়ত স্থায়ী হৈ ৰ'লা। তুমি যদিও এতিয়া মোৰ ওচৰত নাই তোমাৰ অনুভৱবোৰকে বুকুত সাৱটি নিজৰ কৰি ৰাখিছো। এবাৰ আহিবাচোন মোৰ হৃদয়ৰ ৰহঘৰালৈ মাথোঁ এবাৰ আহি চাই যাবাহি তুমি দিয়া প্ৰতিটো মৰমৰ উপহাৰ কেনেদৰে সজাই থৈছো। 

         যিদিনা তুমি মোক এৰি গৈছিলা সেইদিনা মই পাহৰি গৈছিলো ভগৱানৰ অস্তিত্ব, পাহৰি গৈছিলো ভালপোৱাৰ মাদকতা। সময়ৰ লগতে ভগৱান বৰ নিষ্ঠুৰ জানা.... তোমাৰ সপোনৰ ঠিকনা বিচাৰি গঢ়ি তোলা সোণৰ পঁজাটো নিমিষতে ভাগি পৰিছিল। নিতৌ ভগা জলঙাৰে চকুপানী সৰিছিল।কিয় আহিছিলা তুমি মোৰ জীৱনলৈ দুদিনৰ বাবে....এতিয়া মোৰ চাৰিওফালে বহুত মানুহ অথচ তুমি বিনে মই অকলশৰীয়া। তোমাৰ মনত আছেনে সেই দিনটোৰ কথা মোৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হোৱাৰ বাবে মোৰ কপালত তুমি এটা চুমা আঁকি আগুৱাই যোৱা মই তোমাৰ লগত সদায় আছো বুলি বুকুত সাৱটি লৈছিলা।তোমাৰ সামান্য বাঢ়ি অহা বুকুৰ স্পন্দনৰ শব্দবোৰে আজিও আমনি কৰে। তোমাকনো কি দুখ দিম তোমাৰ গাত অলপো দুখ বিচাৰি নাপাওঁ মোৰ গাতেই দুখ আছিল তোমাৰ মৰমৰ যোগ্য মই নাছিলো। তুমি ৰ'বা দেই আজি তোমাৰ আগতেই ভগৱানক প্ৰশ্ন কৰোঁ কিজানি ইমান দিনে বিচাৰি নোপোৱা প্ৰশ্নৰ উত্তৰ পাওঁ নেকি.... ভগৱান কিয় অকলশৰীয়া কৰিলা মোক, কোন জনমৰ প্ৰতিশোধ ল'লা তুমি। মোৰ হে  আপোন মানুহজন কাঢ়ি নিব পাৰিলা নে... এনেকৈ প্ৰেমিকাৰ হৃদয় ঠান-বান নকৰিবা। তুমি জানানে মোৰ প্ৰথম ভালপোৱাৰ শ- শৰীৰটো বগা কাপোৰেৰে ঢাকি ৰাখিছিলা মোৰ বাবে কিমান যন্ত্রণাকাতৰ আছিল সেই ক্ষণটো জানানে.... মোৰ মা মোৰ সমানেই দুখ পাইছিল সেইদিনা। ভগৱান অহা জনমত মোৰ প্ৰেমিকজনক লৈ নাজাবা দেই। 
           এতিয়া তুমি জানানে জোনাকবোৰ কিয় ভাল লাগে জোনাকবোৰৰ মাজত মই তোমাক বিচাৰি পাওঁ। কিন্তু..... যেতিয়া কাৰোবাৰ মুখত "দেউতা" নামটো শুনা পাওঁ কিমান দুখ লাগে..... সেইসময়ত মোৰ চকুপানীয়েও হাৰ মানি মৌন হৈ ৰয়। 
         শেষত দেউতা তুমি য'তে আছা তাতেই সুখী হৈ থাকা। তুমি দেখিবলৈ শিকোৱা প্ৰতিটো সপোন পূৰণ কৰিম তুমি আশীর্বাদ কৰি যাবা।আজিলৈ সামৰো । দুখ লাগে জানা তোমাৰলৈ লিখা চিঠিবোৰৰ এদিনো উত্তৰ নাপাওঁ। কুশলে থাকা দেউতা। 
                       ইতি
          তোমাৰ আজন্ম প্ৰেমিকা
                  অনামিকা বৰগোহাঁই।

Comments

  1. বহুত ভাল লাগিল পঢ়ি

    ReplyDelete
    Replies
    1. আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালোঁ আপোনালৈ এনেদৰে আশীষ আৰু প্ৰেৰণা দি উৎসাহিত কৰিব বুলি আশা ৰাখিলো।

      Delete
  2. সচাঁকৈ বৰ ভাল লাগিল পঢ়ি।

    ReplyDelete

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send