হাঁহি থাকিলেও,
মোৰ কোনোবা অংশ নীৰৱ হৈ থাকে।
হঁহাৰ কচৰৎ কৰিলেও নীৰৱতা মোৰ প্ৰিয়।
সেইবাবে কিজানি অকলে থাকি সন্তোষ লভোঁ!
বহুতেই সোধে কি হৈছে...?
মনে মনে থাকা যে...?
সিহঁতে মিছাই ভাবি লয়,
মই নীৰৱতা প্ৰিয় গমেই নাপায়।
শৈশৱত কল্পনা কৰি ভাল পাইছিলোঁ।
আজি কালি কল্পনাৰ সীমা নাই।
শৈশৱৰ কল্পনাবোৰে নেৰিলে মোক
সেয়ে নীৰৱতা মোৰ প্ৰিয়॥
✍আব্দুল হালিম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ