ৰচনা-চোৰৰ বিষয়ে -ভাৰতী গগৈ বৰুৱা

©Admin
0
চোৰ  বুলি  ক'লে  সাধাৰণতে  আমি  যি  আনৰ  বস্তু অৰ্থাৎ  গিৰিহঁতে  গম  নোপোৱাকৈ  বা  গৰাকীৰ  অনুমতি  নোলোৱাকৈ  গোপনে  লৈ  যায়  তাকে চোৰ  বুলি  বুজোঁ । স্ত্ৰী লিংগত  চুৰুণী ।   চোৰে  যি  কাৰ্য  কৰে  সেই  কাৰ্যক  চুৰ বা  চুৰি কাৰ্য  বোলে । সংস্কৃত শব্দ  চোৰৰ  সমাৰ্থক  শব্দ  হৈছে  কুলম্ভৰ ,  তস্কৰ , কপাটঘ্ন ,নিশিকুটুম্ব , কুম্ভিলক, স্তয়ী ,   মুষ্ক ,  কুম্ভিল আদি । চোৰৰ  পৰা   হৈছে  চৌৰ্য  ( বিশেষ্য ) ।  চোৰৰ  দ্বাৰা  সংঘটিত  বৃত্তিটোক  কোৱা  হয়  চৌৰ্য  বৃত্তি ।  আনক  নেদেখুৱাকৈ  বা  আনৰ পৰা  লুকুৱাই  বা গোপনে  কৰা  কাৰ্য  হ'ল  চোৰাং  ( বিশেষণ ) ।  কালি চোৰাং চিকাৰীয়ে  কাজিৰঙাৰ  পৰা  এটা  গঁড়ৰ  খৰ্গটো  কাটি  লৈ  গ'ল ।  চোৰাংকৈ ( ক্ৰিয়া  বিশেষণ ) নিয়া  বাবে  চোৰাংচোৱাই ( বিশেষ্য ) গমকে  নাপালে । চোৰৰ আকৌ  বিভিন্ন  প্ৰকাৰ আছে । যেনে -- তামোল  চোৰ ,  তেল চোৰ , ফাইল চোৰ ,  গাড়ী  চোৰ , টকা  চোৰ ,  প্ৰশ্ন  কাকত  চোৰ , ফুল চোৰ ( চুৰুণী ), কাৰোবাৰ  লেখা  চোৰ ইত্যাদি । জোৰ - জুলুম  কৰি   লোকৰ  বস্তু  কাঢ়ি   নিয়াবোৰক   আকৌ  ডকাইত  বুলি  কোৱা  হয় ।  মন চোৰ হ'লেতো  উপায় নাই । পাৰিলে  ফুচুলাই  নোৱাৰিলে  চোঁচৰাই  ঘৰ  পাতেগৈ । 

              আগতে  গাঁৱৰ  বেছি ভাগ   মানুহৰ   ঘৰবোৰ  আছিল  কেঁচা  মাটিৰ । বেৰবোৰ  বাঁহৰ । ওপৰত  টিনপাতৰ  সলনি  খেৰ ।  ভেটিটো  ওখকৈ  সজা  ঘৰটোৰ  আৰাম  সুকীয়া । সেই  ঘৰৰ  বেৰৰ  চুক  কাটি  নাইবা  বেৰৰ  তলত  সিন্ধি  দি  অৰ্থাৎ  গাঁত  খান্দি  চোৰে  গৃহস্থৰ  ঘৰৰ  সোণ - ৰূপৰ অলংকাৰ , কাপোৰ - কানি ,কাঁহী - বাটিকে  ধৰি  বহুত  মূল্যৱান  সামগ্ৰী   লৈ  যায় । গৃহস্থই  টোপনিত  লালকাল  দি থাকোঁতে  গমেই  নাপায় ।কেতিয়াবা  এনেদৰে  হোৱা   চুৰি কাৰ্যৰ  বাবে  গৃহস্থই  চোৰ  ধৰিবৰ  বাবে  নানা   পৰিকল্পনা   কৰে বা  বুদ্ধি  সাজে । পিছে  সময়ত কোনো  কামত  নাহে । সেয়ে  কোৱা  হয় ..... 
"চোৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি।"
চোৰে  যিমান  যি  কৰিলেও  নিজৰ  প্ৰকৃতিৰ ( স্বভাৱ ) সলনি নহয় । সেয়ে 
কেতিয়াবা  আকৌ  মানুহে  কয় ....                   
      "চোৰে নেৰে চোৰ পৰকিতি,
        কুকুৰে নেৰে ছাই,
        যাৰ যি পৰকিতি আছে
       মৰিলে  লগত  যায়।"
       " চোৰক মোৰে  পায় । "
       " চোৰক  ঘৰ ৰখীয়া  পতা । "
       " চোৰেহে চোৰৰ ঠেং দেখে। "

             আমি  সৰু  হৈ  থাকোঁতে  গাঁৱৰ  মানুহৰ  মুখত  বহুত  চোৰৰ  কাহিনী  শুনিছিলোঁ ।  কিছুমান  কথা  অবিশ্বাস্য  যেন  লাগে ।   "ত্ৰিনয়ন  দাৰোগাৰ  বিচাৰ  "  নামৰ  সাধুকথা   এটালৈ  কেতিয়াবা  বৰ  মনত  পৰে । দাৰোগাৰ নামটো  বেলেগ। তেওঁ  চোৰ  ধৰাৰ  দক্ষতাৰ  বাবেহে  ত্ৰিনয়ন  নাম  পাইছিল । চোৰ  সহজে  ধৰিব পাৰে । মোৰ  স্মৃতিয়ে  কিমান  ঢুকি  পায় নাজানো । ৰিণিকি  ৰিণিকিকৈ  সাধুকথাটো  মনত  পৰিছে ।
          গাঁৱৰ  চোৰবোৰক  দাৰোগাই   সহজে চিনি পায়।  এদিন এখন  গাঁৱত  তেওঁ  চোৰ  ধৰাৰ  দায়িত্ব  পালে । ৰাতিপুৱাই  চোৰ  এটা ধৰিবলৈ  দাৰোগা  আহিল । গৃহস্থৰ  ঘৰলৈ   আহি  পিৰালিতে  থকা  দীঘল  বেঞ্চ এখনতে  বহি  ইফালে   সিফালে চকু  ফুৰাইছে ।  চোতালৰ  মূৰত  থকা  কেইজোপামান  তামোল  গছত  টোকোৰা  চৰাইৰ  বাহ  ওলমি আছে । তেওঁ  একান্ত  মনে  গছকেইজোপালৈ  চকু  দিলে ।  হঠাতে গৃহস্থৰ  খবৰ  লোৱাত  গম  পালে যে  শুই  উঠাই নাই ।  ঘৰৰ  মানুহক  দাৰোগা  আহিছে বুলি  ক'বলৈ  কোৱাত  গাত  কাপোৰ  এখন  লৈ  গৃহস্থ  বাহিৰ ওলাল ।   সেইদিনা  কাপোৰ   লোৱাৰ  বতৰ  নহয় । দাৰোগাৰ গা  চেবালে । থাপ  মাৰি  গাৰ  কাপোৰখন  এৰুৱাই  দিয়াত  বুকুৰ  ছাল ছিগি  ৰঙা  মঙহ  ওলাই  থকা  দেখিলে । সিয়েই  চোৰ বুলি  তেওঁ  সকলোকে  জনালে । তাক  চোতালৰ  মূৰত   থকা  নিদিষ্ট  তামোল গছ  এজোপাত  উঠি  ওলমি থকা টোকোৰা   চৰাইৰ  বাহ   এটা  নমাই  আনিবলৈ  ক'লে ।  
             ওচৰ - চুবুৰীয়া  সকলো  আচৰিত । হঠাতে  কি  হ'ল   বুলি । বাহটো  নমাই  অনাত  দেখিলে যে সঁচাকৈয়ে  সেই  বাহটোতে তেওঁ  বিচাৰি  ফুৰা   চুৰি  হোৱা  অলংকাৰ  কেইপদ  আছে । সকলোৱে  দাৰোগাৰ  চোৰ  ধৰাৰ  কাহিনী  জানিব   খোজাত   তেওঁ  বুজালে ... বাহকেইটালৈ  তেওঁ  চাই  থাকোঁতে  হঠাতে  দেখিলে  যে  এটা  বাহলৈ  চৰাই  যোৱা  নাই । বাকীকেইটা   বাহত   চৰাই  সোমাইছে । তেতিয়া  তেওঁৰ  মনত  সন্দেহ  জন্মিল । সেয়ে  শুই  থকাৰ  ভাও জোৰা  সেই চোৰক বিচাৰি উলিয়াবলৈ  তেওঁৰ  বেছি  সময়  নালাগিল । চোৰৰ বিষয়ে  আৰু  এষাৰ কথা  মানুহে  কয় ....
" হাঁহ  চোৰৰ মূৰত  পাখি । 
  কঁঠাল  চোৰৰ  মুখেই  সাক্ষী ।। "
              এইখিনিতে  মই  ব্যক্তিগত  কথা  এটা  কোৱাৰ  লোভ  সামৰিব  নোৱাৰিলোঁ । প্ৰায় ৫৪ বছৰৰ আগৰ  কথা । সেইদিনা  দেউতা  ঘৰত  নাছিল । মাৰ  সৈতে  আমি  ভাই - ভনী  পাঁচোটাই   সন্ধিয়া  প্ৰাৰ্থনা  কৰাৰ পাছত পঢ়িবলৈ  সাজু  হৈছিলোঁ । তেনে  সময়তে  ওচৰৰ  ককাইদেউ  এজন  আহিল । তেওঁ  তেতিয়া  নিতাইপুখুৰীৰ উঃমাঃ  বিদ্যালয়  এখনত নতুনকৈ  চাকৰি  পোৱাৰ  পাছত  প্ৰথম  ঘৰলৈ  আহিছিল। আমি  নতুন  বিদ্যালয়ৰ  বিষয়ে  জানিবলৈ বৰ  উৎসুক  হৈ  কিবাকিবি  সুধি  আছিলোঁ ।  তেওঁ    সেই  বিদ্যালয়খনৰ  কিছুমান  হাঁহি  উঠা  কথা  কৈ  থকাত  আমি  আটায়ে   খুব  হাঁহিলো । মুঠতে  হাঁহিৰ  যেন  শেষেই  নহ'ব ।  লগতে তেওঁ  আমাৰ  জটিল অংক , বিজ্ঞানৰ  প্ৰশ্নৰো  উত্তৰ  কৰি দিলে। মায়ে  ভাত  খাই  যাবলৈ  কোৱাত তেওঁ  ভাত খাই  গ'ল । আমিও শুই থাকিলো। ৰাতিপুৱা  পাছফালে  টিউবৱেলৰ  পাৰলৈ  যাওঁতে  দেখোঁ  যে  আমাৰ  বুঢ়া  তামোলৰ  গাঁত  এটাতো  তামোল নাই । চোৰে  আমাৰ  হাঁহিত ভোল  গৈ  আটাইকেইটা   তামোলৰ গাঁত  খান্দি তামোল  লৈ  গ'ল ।


✍️ভাৰতী গগৈ বৰুৱা,ধেমাজি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)