যিদিনা পৃথিৱীখন নিকা হ'ব,
য'ত অলপ শান্তি থাকিব আৰু মুক্ত মনে থাকিব পাৰিম।
অপেক্ষা কৰিছিলোঁ মই,
নামবিহীন তোমালৈ
নাজানো তুমি কোন? কিন্তু
তোমাৰ সন্ধান পালে,
মোৰ হৃদয়ৰ পৰা ভয়ৰ
ধক্ ধক্ শব্দবোৰ নোহোৱা হৈ যায়।
অপেক্ষা কৰিছিলোঁ মাথোঁ সেই সময়লৈ,
যিদিনা মই মোৰ কাঁইটীয়া জীৱনটো,
শৃংখলাবদ্ধভাৱে পৰিপূৰ্ণ কৰিব পাৰিম।
অপেক্ষা কৰিছিলোঁ মাথোঁ সেই সময়লৈ,
যিদিনা মোৰ কাঁইটীয়া জীৱনটো নামবিহীন তোমাৰ সৈতে,
মুক্ত মনেৰে মুকলি আকাশখনৰ তলত এৰি দিব পাৰিম।
অপেক্ষা কৰি থাকিম মাথোঁ সময়লৈ।